বেগম-জান-উৎপল মৰাং।খণ্ড-০৬

পংখী মৰাণ
0
সকলো ঠিকেই আছিল ।কিন্তু অৰ্পনাৰ মনত কিয় এটা কথাই দুখ দি আছিল তাই জনা নাই । ভালপোৱাৰ পাহিটো মেলিবলৈ লওঁতেই যেন মৰহি গৈছে । তাই কি কৰিব ? তাইৰ হাতত মোবাইলো নাই । কেনেকৈ তাই আজাদক সকলোবোৰ কথা ক'ব ? দেউতাকে মোবাইল তাইক চুবলৈ নিদিয়ে । সকলোবোৰ কিবা খেলি-মেলিৰ দৰে লাগিল । কি কৰিব কি নকৰিব বুলি ভাবি ভাবি তাই মাকক সুধিলে-
: মা , মোৰ কলেজ কি হ'ব ?
: নাজানো , তোৰ বাপেৰে কি কৰিছে নাজানো ।
-অৰ্পনাইয়ো একো নোকোৱাকৈ ৰূমলৈ গ'ল আৰু বহি এখনত কলমটো ঘঁহাবলৈ ধৰিলে ।

   পিছদিনা আজাদে কলেজলৈ গৈ অৰ্পনাক বিচাৰিছে কিন্তু তাই নাই ।তাইৰ লগৰ ৰাণীয়ে আজাদক এনেদৰে বিচাৰি ফুৰা দেখি তাই আজাদৰ ওচৰলৈ আহিলে আৰু সুধিলে-
: আজাদ দা অৰ্পনাক বিচাৰি আছা ?
: উমম তাই আজি অহা নাই নেকি ?
: নাই অহা । কালি বহুত ফোন কৰিলোঁ ৰিচিভ নকৰে ।
: ৰাণী তুমি তাইৰ ঘৰটো চিনি পোৱা নে ?
: পাওঁ দাদা।
: ছুটীৰ পাছত মোক লগ ধৰিবাচোন দুয়োটা এবাৰ যাম।
: দাদা মই এনেকৈ যাব নোৱাৰিম । মই ঘৰলৈ গৈ মাক সুধি ল'ব লাগিব ।
: ঠিক আছে । তুমি মোৰ নাম্বাৰটো লৈ যোৱা যদি মায়ে যাবলৈ দিয়ে মোক ফোন এটা কৰি দিবা । মই গৈ তিনিআলিটোতে ৰৈ থাকিম তুমি তালৈকে আহিবা ।
-আজাদে ৰাণীক তাৰ নাম্বাৰটো দিলে ।
: ঠিক আছে দাদা , মোৰ ক্লাছ আছে মই যাওঁ ।
: উমম যোৱা । Bye..
: উমম Bye...

   যোৱা কালিৰে পৰা অৰ্পনাই ভালকৈ ভাত-পানী খোৱা নাই । মাকে কথাষাৰ বাপেকক ক'লে-
: হেৰি , শুনিছে
: কোৱা কি হ'ল ?
: মাজনীয়ে কালিৰে পৰা ভালকৈ ভাত খোৱা নাই ।
: কিয় কি হৈছে ?
: নাজানো মনটো মাৰি আছে ।
: নতুন ঠাই বাবে অলপ বেয়া লাগিছে দুদিনমানৰ পাছত ঠিক হৈ যাব ।
: আৰু তাইৰ কলেজ !
: বাদ দিয়া কলেজ , কলেজলৈ গৈ কি কৰিছে নিজেই গম পাইছা । চাই থাকা তাইক মই বিয়া দি দিম ।
: তাইৰ এতিয়া পঢ়াৰ বয়স ।আপুনি খঙতে তাইক পঢ়িবলৈ নিদিলে তাইৰ ভৱিষ্যত কি হ'ব ?
: যি হয় হ'ব । তাত মোৰ একো আহে নাযায় । নিজেই এদিন মাক বাপেক হ'ব তেতিয়া বুজিব কিমান কষ্ট হয় ল'ৰা-ছোৱালীক আপডাল কৰাটো । এতিয়া বাপেকে গোটাই দি আছে যে গাত লগা নাই ।
   -মাকেও মনে মনে থাকিল ।বাপেকক কিবা ক'বলৈও সাহস নহয় । কিন্তু তাইৰ ভৱিষ্যত কি হ'ব বুলি ভাবি মাকৰ চকুপানী ওলাই আহিল। কিন্তু বাপেকৰ যে কামৰ পৰা অহাৰে পৰা খং উঠি আছে তাৰ কাৰণটো আন কিবা নে ? অৰ্পনাৰ কথাটো কেনেকৈ গম পালে , সেইবোৰ মাকৰ বাবে বিস্ময় হৈ পৰিল । বাপেকেও সেইদিনা আজাদৰ লগত কি পাতিলে মাককো কোৱা নাই ।
     কলেজ ছুটীৰ পাছত আজাদে ৰাণীক লগ কৰি ক'লে-
: ৰাণী , যদি পাৰা অলপ সোনকালে আহিবা , মই ৰৈ থাকিম।
: ঠিক আছে , যদি মায়ে যাবলৈ কয় মই সোনকালেই আহিম । এতিয়া যাওঁ , Bye...।
: ঠিক আছে যোৱা , Bye...।
     
     কিছু সময়ৰ পাছত-
ৰাণীয়ে ঘৰলৈ গৈ মাকক সকলোবোৰ কথা ক'লে।বাপেক নথকা ছোৱালীজনীৰ কথাষাৰত মাকে না কৰিব নোৱাৰিলে । তাইৰ কথাবোৰ বুজি পায় যাবলৈ অনুমতি দিলে । ৰাণীয়ে আজাদলৈ ফোন কৰিলে-
: হেল্ল' , আজাদ দা
: উমম ৰাণী কোৱা
: তুমি আমাৰ ঘৰলৈকে আহিবা ?
: কিন্তু তোমাৰ মায়ে !
: একো নহয় । মাক মই সকলোবোৰ কথা ক'লো ।মায়ে সকলো বুজি পালে ।তুমি অলপ পাছত আমাৰ ঘৰলৈ আহিবা ।
: ঠিক আছে দিয়া ।

    কিছুসময়ৰ পাছত আজাদ ৰাণীৰ ঘৰলৈ গ'ল আৰু দুয়োটা লগ হৈ অৰ্পনাৰ ঘৰলৈ যাবলৈ ওলালে । মাকে সিহঁত দুটাক বেছি দেৰি কৰিবলৈ মানা কৰিলে । দুয়ো ৰাস্তাত কেৱল তাইৰ কথাকে পাতি গৈ থাকিল । প্ৰায় আধা ঘণ্টামানৰ পাছত দুয়োটা সেই ঘৰ পালেগৈ । কিন্তু সেই ঘৰটোত তেতিয়া কোনো নাছিল । ওচৰৰ মানুহ এজনক লগ পাই সুধিলত সিহঁত কালি গধূলিয়েই তাৰ পৰা যোৱা বুলি ক'লে ।আজাদে আচৰিত হৈ মানুহজনক সুধিলে যে সিহঁত ক'লৈ গ'ল ? এনেকৈ সোধাত মানুহজনে ক'লে যে সৰুপথাৰলৈ যাওঁ বুলি কৈ গৈছে । মানুহজন তাৰ পৰা আঁতৰি গ'ল । আজাদৰ কান্দো কান্দো লাগিলে ।ৰাণীৰো চকুৱেদি চকুপানী বৈ গ'ল । আজাদে সৰুপথাৰলৈ যাওঁ বুলি ওলাল । কিন্তু ৰাণীয়ে ধৰি ৰাখিলে 
: দাদা ক'ত যোৱা ?
: ৰাণী মই অৰ্পনাৰ ওচৰলৈ যাওঁ অ' মোক এৰি দিয়া ।
: কিন্তু দাদা তাইচোন তোমাক এবাৰো নক'লে যাওঁ বুলি ।তোমাৰ লগত প্ৰেমৰ অভিনয় কৰি এতিয়া নিজেই আঁতৰি গ'ল। তাইৰ ওচৰলৈ গৈ জানো কিবা পাবা ?
: নাই নাই , তাই এনে নকৰে।
: কিন্তু এইটোৱেই সঁচা ন তাই তোমাক এৰি এতিয়া বেলেগ ঠাইত থাকিবলৈ গ'ল।
: কিন্তু ৰাণী , তাইক মই ভালপাওঁ।
: মই জানো দাদা , তুমি তাইক বহুত ভাল পোৱা । কিন্তু তাইয়ে যে তোমাক এনেকুৱা কৰিলে । ময়ো ভবা নাছিলোঁ । ব'লা দাদা ঘৰলৈ ব'লা ।
    দুয়োটা ঘৰলৈ গ'ল । ৰাণীক ঘৰত থৈ সিও নিজৰ ঘৰলৈ গ'ল । সি ৰাণীৰ কথাবোৰকে ভাবি থাকিলে ।যদি ৰাণীৰ কথাবোৰ সঁচা হয়। নাই নাই , তাই এনে নকৰে ।  নিশ্চয় কিবা বেলেগ কাৰণ হ'ব । মই তাইক এবাৰ লগ কৰিবই লাগিব , হয়তো কাইলৈয়ে যাম ।
ৰাতি বহুত হ'ল । এই কথাবোৰকে ভাবি ভাবি সি টোপনি গ'ল ।

   সঁচাকৈ সি অৰ্পনাক লগ কৰিবলৈ যাব নেকি ?জানিবলৈ ''বেগম-জান''ৰ পৰৱৰ্তী খণ্ডলৈ অপেক্ষা কৰক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)