সেওঁতাত বোলাই লৈ দীঘল ৰাঙলী আলি
সদায়ৰ দৰে।
নাজানো কোন ৰৈ থাকে তাইৰ বাবে,
মাতে নেকি তাই তাইৰ প্ৰেমিকক?
কৰেনে অপেক্ষা তাই কেতিয়াবা?
হয়নে হতাশ তাই তেওঁলৈ ৰৈ ৰৈ?
ওখোৰা মোখোৰা চূড়াবোৰ পাৰ হৈ
কিয় যায় বাৰু তাই সদায় ?
তাই অভিসাৰিনী নে তাই ক'ব খোজে
গুৰুত্ব বুজিবলৈ দূৰত্বৰ প্ৰয়োজন।
নাজানোঁ
মাথোঁ গুছি যায়।
দি যায়,
এখন তমসাচন্ন আকাশ
একাজলি জোনাক
আৰু
এমুঠি তৰাৰ জিল্মিল্।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ