জীৱনৰ লেখা প্ৰকাশৰ প্ৰথম দিনটো-ৰুণু শৰ্মা

অসমীয়া সাহিত্যৰ চানেকি
0
মোৰ প্রথম লেখনি প্ৰকাশ হৈছিল পৰিচয় নামৰ এখন মেগাজিনত 2002 চনত। তাৰিখটো ভালকৈ মনত নাই। পৰিচয় মেগাজিনৰ অফিচত গৈছিলোঁ,সমুদ্ৰ নামৰ মোৰ ঘৰৰ পৰা কিছু নিলগত তেওঁৰ ঘৰ। মোৰ প্রথম কাব্যগ্ৰন্থ খন তাতেই প্ৰকাশ হৈছিল। প্ৰথমতে মই লেখা দিবলৈ যাওঁতে কিছু ভয় অর্থাৎ লাজ লাগিছিল, কিবা কয়! কেনেকুৱা বা হৈছে! এইলৈ ভাবি থাকোতেই  তেওঁ মোৰ লেখনী খিনি প্ৰকাশ কৰিলে,  পিছত পুনৰ  দিবলৈ ক'লে। মোৰ প্রথম কাব্যগ্ৰন্থখনো তেওঁৰ তাতেই প্ৰকাশ হৈ ওলায়। কাব্যগ্ৰন্থ খনৰ পিছৰফালে সম্পাদক হৰমো চহৰীয়াই মোৰ বিষয়ে খুব সুন্দৰ মনোমোহাকৈ এটা বিশ্লেষণ লিখি দিয়ে। বাতৰি কাকতত প্রথম দৈনিক বাতৰিত মোৰ লেখা ওলায়। বহুতে ফোন কৰি  মোক লেখাটোৰ প্ৰতি শলাগ লয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)