কবিতাৰ দিন - ৰেজেক আলি

©Admin
0
কবিতা লিখিলেই কবি নাম পায়!
উহোঁ, ভুল ভাবিছা। 
অহ,ভাবিছা চাগে শব্দ ভাল পোৱা 
প্ৰেমিকেহে কবিতা লিখে।
প্ৰেম মানেতো কবিতা নহয়!
নহয় মুখাৰ আঁ‌ৰৰ কাহিনী।।
তেন্তে ইমান খেলি মেলি কিহৰ?
মনত হাত থৈ হৃদয়ৰ ভাষাৰে
এবাৰ নিজে যত্ন কৰি চোৱা
উকা কাগজত ৰঙা-নীলা চিয়াঁহীৰে।
টোপাল টোপাল ৰঙত এৰি দিয়া
সাঁচি ৰখা আবেগৰ টোপোলাটোক
আৰু বাৰে বাৰে উদযাপন কৰা
কবিতাৰ নাম দি এই দিৱসক।।
  
✍🏼ৰেজেক আলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)