মোৰ প্ৰথম লেখা প্ৰকাশ হৈছিল ২০১৯ বৰ্ষৰ ১৫ আগষ্টত দুমহীয়া আলোচনী এখনত " গ্ৰীষ্মকালীন পাঠদান শিবিৰ" নামৰ বাতৰিটো। তেতিয়া মই দশম শ্ৰেণীৰ ছাত্ৰী আছিলোঁ।ভাদৈ শাখা ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৌজন্যত আমাৰ বিদ্যালয়ত ১৫ দিনীয়া গ্ৰীষ্মকালীন পাঠদানৰ আয়োজন কৰা হৈছিল। ক্লাছৰ আৰম্ভণিতে মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক অজিত বড়া ছাৰে মোক ১৫ দিনৰ পাঠদানৰ অনুভৱবোৰ লিখি যাবলৈ কৈছিল। মই এখন বহীত লিখি গৈছিলোঁ।১৫ জুলাই দিনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দাদা বাইদেউসকলক বিদায় দিয়াৰ অৰ্থে এখন সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই সভাত আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ এজন আৰু মই বক্তৃতা দিয়াৰ সুবিধা পাইছিলোঁ। মই শেষত সকলো দাদা বাইদেউক ধন্যবাদ জনাই মোৰ বিশ্ববিদ্যালয়ত গণ সংযোগ আৰু সাংবাদিকতা পঢ়ি এগৰাকী ভাল সাংবাদিক হোৱাৰ সপোন আছে বুলি কৈছিলোঁ। সকলোৱে তেতিয়া হাত চাপৰি বজাই মোক উৎসাহ দিছিল। পিছদিনা ছাৰে মোক সেই কথাখিনি লিখিত আকাৰে দিবলৈ কৈছিল।ছাৰৰ কথামতেই মই লিখিলোঁ আৰু লেখাটো প্ৰকাশো পালে। সেইদিনা সচাঁকৈ বহুত ভাল লাগিছিল।পুনৰ লিখিবলৈ প্ৰেৰণা পাইছিলোঁ। এতিয়া আজৰি সময়ত লিখিয়েই ভাল পাওঁ।
মোৰ লেখা প্ৰকাশৰ প্ৰথম দিনটো-দিপশিখা ৰাজকোঁৱৰ
March 24, 2022
0
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ