ৰুই আহি বছৰৰ বাবে দায়িত্ব নাসামৰিব।।
ফেচবুকত ফটো আপলোড দিবলৈ কিছুমানে গছপুলি ৰুৱে।
সাৰ-পানী নিদিয়াকৈ বছৰৰ বাবে শুৱে।।
কিছুমানে গছপুলি ৰুই কিনো ৰং চায়।
ৰুই অহাৰ পাছতে ছাগলী-গৰুৱে খায়।।
প্ৰকৃতিয়ে সকলো দিছে জানানে ভাই?
প্ৰকৃতিক যদি অন্যায় নকৰা তোমাৰ দৰে মহান নাই।
গছপুলি নুৰুলেও কোনো কথা নাই।
যদিহে গছপুলি কেতিয়াও কাটি পোৱা নাই।।
গছপুলি নিজেই হ'ব মাথোঁ থাকা চাই।
গছ ৰুই জেওৰা নেভেটিলে তাৰ কোনো অৰ্থ নাই।।
প্ৰকৃতিয়ে সকলো দিয়ে নকৰিবা অন্যায়।
প্ৰকৃতিক অন্যায় কৰা মানুহৰ কোনো জীৱনত কল্যাণ নাই।।
ভাত কাপোৰ অক্সিজেন প্ৰকৃতিৰ বুকুত পায়।
যধে-মধে গছ কাটি কিনো বীৰত্ব দেখুৱায়।।
যধে-মধে গছ নাকাটো বুলি আজিয়ে পন লোৱা।
গোটেই জীৱনৰ কাৰণে সৎ মানুহ হোৱা।।
দিৱস বুলি নহয় সদায়ে গছপুলি ৰোৱা।
ছাঁ লৈ,ফল খাই বিৰাট মজা লোৱা।।
গছপুলি ৰুই সিমানতে দায়িত্ব সামৰিলে পুলিটোৱে উচুপি উঠিব।
তেনেকুৱা কৰিলেই যে পৃথিৱীখন অসুন্দৰ হৈ পৰিব।
আহা আহা সকলোৱে দায়িত্ব কি বুজি লওঁ।
পৃথিৱীখন সেউজীয়া কৰি জগতত নাম থওঁ।।
✍️পৰেশ দাস,ঢকুৱাখনা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ