যোৱা গৈ , যোৱা গৈ মৰমৰ কপৌ
কত উৰিবা আৰু নীল আকাশত ,
মৰমৰ সংগীজনীয়ে আছে বাট চাই
নিস্তব্ধ নিজান বনত ।
লাহে লাহে ডুবিছে বেলিকা
নামিছে কলিয়া আন্ধাৰ ,
প্রাণৰ সংগীয়ে দেহী , দুটি নয়ন মেলি
দেখিছে বাট কেৱল তোমাৰ ।
নিজম বনৰ সৌ আঁহত জোপাত
মৰমৰ বাহ সজা তোমাৰ ,
দুয়ো সংগী মিলি অতি যতনে য'ত
সাঁচিছিলা স্নেহ অপাৰ ।
বুকুত সোমাই লৈ ইটোয়ে সিটোৰ
দেখিছিলা অজ্ঞাত সপোন ,
প্রাণে প্রাণ ঢালি প্রাণৰ লগৰী সতী
বিলাইছিলা স্নেহৰ কিৰণ।
যোৱা গৈ যোৱা তুমি নাযাবা থমকি
যোৱা গৈ স্নেহ মহলত ,
পুৱালৈ যাবা উৰি নীল আকাশত
প্রাণৰ নিজৰা নিজ প্রাণৰ লগত ।
মৰমৰ বান্ধোনত ,
ইটোয়ে সিটোক বান্ধি
মেলিবা পাখি নীলাম্বৰত ,
বতাহত গুজিব প্রেমৰ মধুৰ গীত
দুয়োৰে সুমধুৰ সুৰত ।
সুখে-দুখে দুয়োয়ে জীৱনৰ বাটত
উলাহে আগবাঢ়ি যাবা ,
হৃদয়ত সাঁচি থোৱা প্রেমামৃতৰ ধাৰ
জগতত দুয়োয়ে বিলাবা ।
আকাশে বতাহে গুজিব প্রেমৰ গীত
স্নেহৰ সুৰে তোমাৰ জগত পোহৰাব
অভিমানী মানুহৰ কাঠময় হৃদয়ত
অমৃতময় প্রেমৰ নিজৰা বোৱাব ।
দুদিনীয়া জীৱনৰ অভিমান ভাগিব
সোলকিব মায়াৰ বান্ধোন ,
থাকিব যুগমীয়া সপোন মধুৰ হৈ
অতীতৰ সুৱলা স্নেহৰ সপোন ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ