এই যে ডেৰটা বছৰে নেৰানেপেৰা মহামাৰীয়ে
কঁপাই যোৱা ৰাজ্যখনৰ বাসিন্দা !
জীৱন সম্পৰ্কে ধাৰণাৰ সলনি হ’লে
মহামাৰীয়ে গ্ৰাস কৰা ৰাজ্যখনৰ খবৰ ল’বা !
কঁপাই গৈছে ,
মষিমূৰ কৰিছে ,
চাৰিবেৰৰ মাজত জীৱনে হাঁহিছে ।
চাৰিবেৰৰ মাজত জীৱনে ৰং সানিছে ।
নিত্য - নৈমিত্তিক কৰ্মপ্ৰণালী ,
আশ্বাসবিহীন ভৱিষ্যতৰ আগজাননী ।
টিভিৰ নিউজবোৰ বৰ্জন হ’ল ,
মোবাইলত উদ্ভাসিত সমস্ত পৃথিৱী ।
ধৰ্ষণ , হত্যা , কেলেংকাৰী
চাৰিবেৰৰ মাজত উশাহ বন্ধ হোৱাৰ উপক্ৰম...
"এইবোৰ কিমান শুনিম" বুলি !!
আসক্ত এই জীৱন চাৰিবেৰৰ মাজত ,
হেঁচা মাৰি ধৰে অনলাইন পৰীক্ষাৰ চিন্তাই ।
চাৰিবেৰৰ মাজত অনলাইন ক্লাছ ,
অনলাইন প্ৰেজেণ্টেচন , অনলাইন মিটিং ,
পিডিএফৰ বাহাৰ ।
তথাপি অভ্যস্ত এই পৰিৱেশত !
আশংকিত উন্মুক্ত মন ...
ৰৈ যাব নেকি চিৰদিনলৈ
চাৰিবেৰৰ মাজত জীৱন ????
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ