সম্পাদকীয় - ২০২১ জুলাই মাহৰ সংখ্যা | দৃঢ়তা আৰু সফলতা

Rinku Rajowar
0
লক্ষ্যহীন জীৱন গুৰি বঠা নোহোৱা নাৱৰ দৰে । জীৱনক এটা নিৰ্দিষ্ট গতি দিয়াৰ বাবে প্ৰতিজন মানুহে নিজৰ ইচ্ছা,ৰুচি অনুযায়ী জীৱনটোক এটা নিৰ্দিষ্ট গতিপথ দিয়াৰ প্ৰয়াস কৰিব লাগে । কোৱা হয় "যি মূলা বাঢ়ে তাৰ দুপাততে চিন" গতিকে মানুহৰ জীৱনৰ ভৱিষ্যৎতো কেনে হ'ব সেইয়া নিৰ্ভৰ কৰে বৰ্তমান সময়খিনিত কৰা চিন্তা ,কৰ্ম আৰু ভৱিষ্যতমুখী দৃষ্টিৰ ওপৰত । মানুহে নিজৰ ৰুচি অনুযায়ী নিজকে কেনে ৰূপত গঢ় দিব বিচাৰে ভৱিষ্যতে নিজকে কোনটো পৰ্যায়ত উপনীত কৰিব বিচাৰে বৰ্তমান সময়খিনিতে নিজক সেই স্থানত ৰাখি কল্পনা কৰি ছোৱাৰ প্ৰয়োজন । ছাত্ৰ-ছাত্ৰী সকলে সৰুৰ পৰাই এক ইতিবাচক দৃষ্টিভংগী লৈ জীৱনটো গঢ় দিয়াৰ ক্ষেত্রত আহোপুৰুষাৰ্থ কৰিব লাগে । আৰু যেতিয়া নিজৰ ভৱিষ্যতৰ গতি পথটো নিৰ্মাণৰ বাবে সপোন দেখিব নোৱাৰে বৰ্তমান সময়খিনিত কৰা তেনে কষ্ট বা ত্যাগো মূল্যহীন । জীৱনৰ লক্ষ্য স্থিৰ কৰি প্ৰতিতো খোজতে ত্যাগৰ জৰিয়তে কৰা উৰ্দ্ধমুখী গতিয়েই হল দৃঢ়তা । দৃঢ়তাই সকলো সময়তে মনোবল অটুত ৰখাত সহায় কৰাৰ লগতে জীৱনৰ হাজাৰ কাইটীয়া বাটকো অতিক্ৰম কৰি স্থিৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে । যেতিয়া মানুহে নিজৰ ঈস্পিত সপোনক বাস্তৱ ৰূপ দিয়াত গঢ় দিয়ে আৰু সাধাৰণ অৰ্থত সেইয়াই সফলতা । কিন্তু সেই সফলতা লাভ কৰাৰ পিছতো নিজৰ স্বকীয়তা বজাই ৰাখি সকলো সময়তে মানসিক শান্তি ইতিবাছক দৃষ্টিভংগীৰে খোজৰ গতি আগুৱাই নিয়াই দৃঢ়তা । গতিকে দৃঢ়তা হ'ল সফলতাৰ দুৱাৰ । দৃঢ়তা আৰু সফলতাৰ সন্দৰ্ভত Daisaku Ikeda ৰ মন্তব্য উল্লেখযোগ্য When your determination changes, everything will begin to move in the direction you desire. The moment you resolve to be victorious, every nerve and fiber in your being will immediately orient itself toward your success. On the other hand, if you think, “This is never going to work out,” then at that instant every cell in your being will be deflated and give up the fight.

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)