শাওন মাহ ।খেতিয়কসকল খেতিপথাৰৰ কামত ব্যস্ত হৈ পৰিছে । হালোৱা -ৰোৱনীৰে পথাৰখন ভৰপূৰ হৈ আছে । কোনোৱে হাল বাইছে ,কোনোৱে কঠিয়া তুলিছে ,কোনোৱে ভুঁই ৰুইছে । শাওন মাহ মানেই যেন ভীষণ ব্যস্ততা । আমতী যোৱাৰ পিচতে কঠিয়া ৰুব পৰাকৈ সকলোৱে সাজু হৈ উঠিছিল ।আজিকালি গাঁৱত ৰোৱনী প্রায় নোহোৱা হ'ল । যিকেইজনী আছে সিহঁতৰ কোনেও অকলে ভুঁই ৰুব নাযায় । জাক হৈহে পথাৰত নামে । সিহঁতক আগ ধৰি নক'লে সময়ত পোৱা টান । সেয়ে আজিকালি ধান সিঁচিবৰ দিনাই ৰোৱনী ধৰি থয় ।ৰেৱতীৰ হাততো আজিৰ পৰা এমাহমান আগতেই এখন ৰোৱনীৰ তালিকা আহি পৰিছিল । মালতীয়ে তালিকাখন দি যোৱাৰ পিছত তাই মনতে ভাবিছিল -"এইবাৰ ছোৱালীজনীক ভুঁই ৰুই পোৱা পইচাকেইটাৰে সোণৰ কাণফুলিযোৰ গঢ়াই দিব লাগিব । খাহীটো বিক্রী কৰা পইচাও অলপ আছে ।"
ৰেৱতীৰ গিৰীয়েক ঢুকাবৰ পাঁচ বছৰেই হ'ল। এই পাঁচ বছৰে ল'ৰা -ছোৱালীহাল ভাল মানুহ কৰাৰ স্বাৰ্থতে কষ্টকো কষ্ট বুলি নাভাবি গতানুগতিকভাৱে কাম -কাজবোৰ কৰি গৈছে । ৰাতিপুৱাতেই মূৰত মাছৰ চৰিয়াটো লৈ ৰ'দ -বৰষুণ নেওচি গাঁৱৰ ঘৰে ঘৰে মাছ বিক্রী কৰে । কেতিয়াবা লাভ হয় কেতিয়াবা লোকচান । আৰ্থিক অৱস্থা টনকিয়াল নহয় বাবেই ছাগলী আৰু কুকুৰাও পুহিছে । সেইবোৰ বিক্রী কৰি পোৱা পইচাৰেই ঘৰখন চলাই আছে ।তাইৰ এটাই সপোন ল'ৰা -ছোৱালীহালক শিক্ষিত কৰি ভাল মানুহ কৰি গঢ় দিব । এইবাৰ ছোৱালীজনীয়ে মেট্রিক দিলে হয় কিন্তু ক'ৰণা মহামাৰীয়ে সকলো শেষ কৰি পেলালে । এতিয়া অপেক্ষা কৰিছে মূল্যায়ন কৰি পৰীক্ষাৰ ৰিজাল্ট দিয়ালৈ ।
আ-অলংকাৰে নিজৰ ছোৱালীজনীক সজাই ধুনীয়াজনী কৰি ৰাখিবলৈ সকলো মাকৰে মন যায় ।গিৰীয়েক থাকোতেও সিহঁতৰ আৰ্থিক অৱস্থা ভাল নাছিল । গিৰীয়েকে দিন হাজিৰা কৰি টকাকেইটাৰে কোনোমতে পেট -ভাতে খাই আছিল । ছোৱালীক অলংকাৰ দিয়াৰ কথা সপোনোতো ভাবিব পৰা নাছিল । কিন্তু তাইৰ লগৰ ছোৱালীকেইজনীয়ে সোণৰ কাণফুলি পিন্ধা দেখি জীয়েক মৌচুমীয়ে প্রায়ে মাকক খাটনি ধৰে তাইকো তেনেকুৱা এযোৰ দিবলৈ । সেয়ে মাকে এদিন তাইক কৈছিল --"তই সোণৰ কাণফুলি পিন্ধিবলৈ হ'লে ভালকৈ পঢ়িব লাগিব । ছয়মাহ পিছত তোৰ মেট্রিক পৰীক্ষা । মেট্রিক পৰীক্ষা ভালকৈ পাছ কৰিলে তোক কাণফুলিযোৰ গঢ়াই দিম।" সেইদিনাৰ পৰা মৌচুমীয়ে একান্তমনে পঢ়াত লাগিছিল । তাইৰ পঢ়াৰ আগ্ৰহ দেখি মাকে মনে মনে ভাবিছিল ---"তাই মেধাৱী ছাত্ৰী । তাতে আৰু এইবাৰ পঢ়াত যেনেকৈ লাগিছে প্রথম বিভাগ পোৱাটো খাটাং।"
মেট্রিক পৰীক্ষা নহ'ল । পৰীক্ষা বাতিল হোৱাৰ দুদিন পিছত মৌচুমীয়ে মাকক কৈছিল ---"মা আমাৰ দেখোন পৰীক্ষাই নহ'ল । আমাৰ কোনো নিশ্চিত ভৱিষ্যত নাই মা । ইমান কষ্ট কৰিলোঁ সকলো অথলে গ'ল । অ' মা তই যে কৈছিলি পৰীক্ষা ভাল হ'লে কাণফুলি দিবি । মোক কাণফুলি নালাগে । বৰ্তমান -ভৱিষ্যতেই আমাৰ অন্ধকাৰ হৈ পৰিল । যিহেতু অনিশ্চয়তাৰ এই সন্ধিক্ষণত আমাৰ উজ্জ্বল ভৱিষ্যত নাই ,তেনেহ'লে কাণফুলিৰে কাণখন উজ্জ্বল কৰিলে কি হ'ব ? নালাগে মা তই ইমান কষ্ট কৰিব নালাগে ।" জীয়েকৰ কথা শুনি ৰেৱতীৰ দুনয়নেৰ দুধাৰি চকুলো বৈ আহিছিল । তাইৰ জীয়েকজনী সৰু হৈ থকা নাই , ডাঙৰ হ'ল, মাকৰ কষ্টবোৰ অনুভৱ কৰিব পৰা হ'ল । ৰেৱতীৰ আজি এটা ভুল ভাঙিল মৌচুমীয়ে কাণফুলি এযোৰ লাগে বুলি যদিও জেদ ধৰিছিল ,তাই কিন্তু কাণফুলিযোৰৰ বাবেই পঢ়া নাছিল । তাই ভৱিষ্যতৰ এটি সোণালী সপোন দেখিছিল । ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ বাবেই তাই দিন - ৰাতি একাকাৰ কৰি পঢ়িছিল ।পৰীক্ষাটো নোহোৱাৰ বাবে মৌচুমীয়ে যে হতাশাত ভুগিছে মাকে অনুমান কৰিব পাৰিলে । কিন্তু সান্তনা দিবলৈ মাকৰ হাতত কোনো উপায় নাছিল । জীয়েকৰ মুখলৈ চাই মাথোঁ তাইক সাৱতি ধৰিছিল আৰু মনে মনে প্রতিজ্ঞাবদ্ধ হৈছিল তাইৰ হেৰুৱা হাঁহিটো যিকোনো কষ্টৰ বিনিময়ত ঘুৰাই আনিব । তাইক কাণফুলিযোৰ দিব ।
আজি ৰেৱতী সিহঁতৰ ঘৰৰ ওচৰৰ ৰমেনহঁতৰ ভুঁই ৰুবলৈ যাব । চাৰি বিঘা মাটি সিহঁত আঠজনী যোৱাৰ কথা আছিল যদিও দুজনী আজি যাব নোৱাৰে । এজনীৰ ৰাতিৰপৰা ভীষণ জ্বৰ আৰু আনজনীৰ ছোৱালীজনী তোলনি হৈছে । পুৱাই ৰেৱতীহঁতে গাঁৱত ৰোৱনী বিচাৰি গৈছিল যদিও ৰোৱনী নাপালে । সেয়েহে ৰেৱতীৰ লগত জীয়েক মৌচুমীও আজি পথাৰলৈ যাব । আগতেও তাই পথাৰলৈ গৈছে । ভুঁইও তাই খুব খৰকৈ ৰুব পাৰে । এইবাৰ তাইৰ পৰীক্ষাক লৈ চিন্তিত হৈ থকা বাবেহে পথাৰলৈ যাব মন মেলা নাছিল । কিন্তু মাকহঁতৰ উপায় নোহোৱাত তাই যাবলৈ ওলাল । ছোৱালীজনী পঢ়াত যিমান ভাল বাকী কামতো তাই সিমানেই কাজি ।
আজি পুৱাৰ ভাগত টিকাফটা ৰ'দ দিছিল ,কিন্তু দুপৰীয়া সময়ত বতৰটো ডাৱৰীয়া হ'ল । এজাক মৃদু বতাহ বলিবলৈ আৰম্ভ কৰিলে । সিহঁতৰ এজনীয়ে কৈ উঠিল "পুৱাৰ পৰা পোৰণি দিলে ,এইবাৰ জোৰণি দিব ।"
ৰেৱতীয়ে ক'লে--" বৰষুণ জাক অহাৰ আগতেই বোকাচাউলকেইটা খাই লওঁ ব'ল। বৰষুণ দিলে খাবলৈ দিগদাৰ হ'ব ।" আৰতী নামৰ ৰোৱনীজনীয়ে ক'লে --"ভঙা কঠিয়াখিনি ৰুই যাওঁ দে নহ'লে বতাহত ছেদেলি ভেদেলি হ'ব। মৌচুমী তই সেই ঘুলটো মাৰি আহ এই দুই মুঠা কঠিয়া লৈ যা ।"
কঠিয়াখিনি ৰোৱা হোৱা পিছত আটাইকেইজনীয়ে আঁহত গছডালৰ তললৈ বুলি বাট ল'লে । মুকলি পথাৰ । গছডালো সিহঁতে ভুঁই ৰুই থকা ঠাইৰ পৰা বহুত দূৰত ।আলি বগাই -বগাই এজনী -এজনীকৈ আগবাঢ়িল । এটুপ দুটুপকৈ বৰষুণ পৰাও আৰম্ভ কৰিছে । বিজুলী -গাজনিৰে চৌপাশ অন্ধকাৰ হৈ আহিছে। মালতী নামৰ ৰোৱনীজনীয়ে কৈ উঠিল--- "খাই উঠিব নোৱাৰিমেই বোধহয় ,কি চোন অন্ধকাৰ কৰি আহিছে "। এনেতে চৰৎকৈ প্রচণ্ড গাজনি এটা মাৰিলে । ৰেৱতীয়ে বিকট চিঞৰ এটা মাৰি পানীত পৰি গ'ল । কোনেও একো তলিকবই নোৱাৰিলে । ৰেৱতীৰ গাত বজ্ৰপাত পৰিল । সকলোৰে শেষত তাই আছিল । বাকী ৰোৱনীকেইজনী কিছু দূৰ গৈ পাইছিল । ৰেৱতীৰ চিঞৰ শুনি আটাইকেইজনীয়ে পিছফালে ঘুৰি চাই দেখে ৰেৱতীয়ে পানীত ছটফটাই আছে । মৌচুমীয়ে মাকৰ ওচৰলৈ গৈ হুৱা-দুৱা লগাই দিলে । সিহঁতৰ পৰা অলপ দূৰত ট্রেক্টৰেৰে হাল বাই থকা ল'ৰাটোক ট্রেক্টৰৰ মালিক গৌতমে ভাত দিব আহিছিল
। ৰোৱনীকেইজনীৰ চিঞৰ-বাখৰ শুনি সিহঁতৰ ওচৰলৈ আহিল । ৰেৱতীক তেনেকুৱা অৱস্থাত দেখি অকণো পলম নকৰি ১০৮লৈ ফোন লগালে । ইজনে সিজনে ধৰাধৰিকৈ পথাৰখনৰ ওচৰত থকা পকীপথটোলৈ লৈ আহিলে । তাইক এম্বুলেঞ্চ খনেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ(GMCH) লৈ যোৱা হ'ল ।
গৌতমৰ বন্ধু ড° দীপক কলিতা চিকিৎসালয়খনৰ চিকিৎসক । গৌতমে চিকিৎসালয় পায়েই ড৹ দীপকৰ লগত যোগাযোগ কৰিলে । তেওঁৰ সহযোগতেই ৰেৱতীৰ চিকিৎসা আৰম্ভ হ'ল । গৌতমে মৌচুমীক ঘৰত কোন কোন আছে বুলি সোধাত তাই ক'লে----"ভাইটি এজনৰ বাহিৰে কোনো নাই। ।দেউতা ঢুকোৱাৰ পিছত বহুত কষ্টেৰে মায়ে আমাক ডাঙৰ কৰিছে ।" কথাখিনি কৈ তাই উচুপি উঠিল । গৌতমে তাইক সান্তনাৰ সুৰত ক'লে ----- "তোমাৰ মাৰ একো নহয় মাইনা । তেওঁ সোনকালে সুস্থ হৈ উঠিব ।" তাইৰ ভোকত মৰহি যোৱা মুখখন দেখি গৌতমৰ বেয়া লাগিল । তাইক কিবা এটা খাবলৈ জোৰ কৰাৰ পিছতো একো নাখাওঁ বুলিয়ে ক'লে । গৌতমে ভগৱানক প্রাৰ্থনা জনালে , এই কণমাণি ছোৱালীজনীৰ মাকক যাতে সুস্থ কৰি দিয়ে ,তাইৰ হাঁহিটি যেন ঘুৰাই দিয়ে ।
গৌতম মৌচুমীহঁতৰ ৰংপুৰ গাঁওৰ পৰা ৭/৮ কিলোমিটাৰ দূৰত থকা চৌধুৰীপাৰা গাঁওৰ নিবাসী নামজ্বলা উকীল প্রয়াত ভৰত চৌধুৰীৰ দ্বিতীয় সন্তান । গৌতম আৰু দীপক সৰুকালৰে বন্ধু । বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত দুয়োজনে সুখ্যাতিৰে পাছ কৰাৰ পিছত দীপকে ডাক্তৰ পঢ়িবলৈ তেজপুৰলৈ গুচি যায় ।গৌতমে ওচৰেৰে মহাবিদ্যালয় এখনত স্নাতক শ্রেণীত নামভৰ্তি কৰে। পদাৰ্থবিজ্ঞান বিষয়টোক গুৰু বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰি গৌতমে শিক্ষকতাকে জীৱিকা হিচাপে গ্ৰহণ কৰে । দীপকেও ডাক্তৰৰ কোৰ্চ সমাপ্ত কৰি বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক হিচাপে কৰ্মৰত ।দুয়োৰে পেচা বেলেগ বেলেগ যদিও তেওঁলোকৰ বন্ধুত্বৰ এনাজৰী বৰ্তমানেও সুদৃঢ় হৈয়ে আছে । গৌতমে বিদ্যালয় বন্ধ হৈ থকা বাবে সৰু ভায়েকক খেতিপথাৰৰ কামত সহায় কৰি দি আছে ।
চিকিৎসক নাৰ্চৰ তৎপৰতাত তিনিঘণ্টাৰ পিছত ৰেৱতীয়ে চকু মেলিলে । ড৹ দীপকে কেবিনৰ বাহিৰলৈ আহি মৌচুমীহঁতক জানিব দিলে যে, তেওঁক সঠিক সময়ত চিকিৎসালয়ত ভৰ্তি কৰা হ'ল যাৰবাবে তেওঁ সুস্থ হৈ উঠিল । নহ'লে তেওঁৰ মৃত্যুৰ সম্ভাৱনা বেছি আছিল। ঘৰৰ মানুহ বিচৰাত মৌচুমীয়ে গৌতমৰ লগত ড৹ দীপকৰ কেবিনলৈ গ'ল । ড৹ দীপকে তাইক ক'লে ---" তোমাৰ মা এতিয়া সুস্থ । মানুহগৰাকীয়ে মূৰত চক এটা পাইছে । গতিকে যিমান পাৰা তেওঁক গান-বাজনাৰ শব্দ ,বেণ্ড-পাৰ্টীৰ শব্দ য'ত বেছিকৈ হয় সেইঠাইৰ পৰা আঁতৰাই ৰাখিবা । বেছি ডাঙৰ শব্দ বা হুলস্থূল শুনিলে তেওঁৰ প্রচণ্ড মূৰৰ বিষ বা মূৰ ঘূৰণি হ'ব পাৰে । সাৱধান হ'বা ।" মৌচুমীয়ে হ'ব বুলি শলাগিলে ।
গৌতমৰ সহায়ত আজি এগৰাকী অসহায় নাৰী মৃত্যু মুখৰ পৰা উভতি আহিল । তেখেতে সহায় নকৰাহেতেঁন ৰেৱতী হয়তো আজি জীয়াই নাথাকিলেহেতেঁন । মৌচুমীৰ সেই সময়ত মানুহজনক দেৱতা যেন অনুভৱ হৈছিল । ভগৱানে যেন তাইৰ মাকক ৰক্ষা কৰিবলৈয়ে পথাৰলৈ মানুহজনক পঠিয়াই দিছে ।তাই অন্তৰেৰে ভগৱানক শতকোটি ধন্যবাদ জনালে ।
চিকিৎসাৰ বাবদ হোৱা খৰচখিনি গৌতমেই বহন কৰিলে । আজিৰ যুগতো এনেকুৱা সহৃদয়বান মানুহ থাকিব পাৰে মৌচুমীয়ে কেতিয়াও ভবা নাছিল ।তেওঁ এজন সচা অৰ্থত মানৱ দৰদী নিস্বাৰ্থ মানুহ , যাৰবাবে মৌচুমীয়ে আজি মাকক উভতাই পালে । মানুহৰ প্রতি আস্থা নথকা মৌচুমীৰ প্রথমবাৰলৈ মানুহৰ প্রতি বিশ্বাস জন্মিছে। তাইৰ আজি সকলোকে চিঞৰি চিঞৰি ক'বৰ মন গৈছে -"এই পৃথিৱীত মানৱতা আছে ।মানৱতা এতিয়াও মৰহি যোৱা নাই । এই পৃথিৱীখন অকল স্বাৰ্থলোভী মানুহেৰে ভৰপূৰ নহয়, নিস্বাৰ্থ মানুহো আছে, যি নিস্বাৰ্থভাৱে মানৱ সেৱা কৰিব জানে।"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ