শাওণৰ মই আজন্ম প্ৰেমিকা।
প্ৰকৃতিৰ ৰূপ ৰাশিয়ে সেউজীয়া
কৰি তোলে, মোৰ হৃদয়।
বুকুৰ শূণ্যতাত পাৰি দিওঁ
সেউজীয়া এক আৱৰণ।
মূৰৰ ওপৰত এখন নীলা আকাশ
ঠন ধৰি উঠা এখন নদী।
য'ত কোনোৱেই নিসংগ নহয়,
সিঁচিব পাৰে অনাবিল মৰম ভালপোৱা
এজাক ডবাপিটা বৰষুণ।
য'ত ধূলি ধূসৰিত ৰংবোৰ পৰিৱৰ্তন হয়,
হালধীয়াৰ পৰা সেউজীয়ালৈ ।
শাওণৰ ক্লেদময় পথাৰৰ
এটা সেউজীয়া গান।
মোৰ কবিতা বনত হামখুৰি খাই
পৰেহি এজাক সৰু চৰাই।
✍️বিটুমনি কোঁচ
ধেমাজি (মাছখোৱা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ