এক
সময়ে আঁঁচোৰে দেহা মন ;
পলকতে কাঢ়ি নিয়ে জীৱনৰ মধুৰ ক্ষণ ,
অব্যক্ত বিষাদ বুকুত সামৰি
হেৰুৱাও ঠিকনা ,
প্ৰহেলিকাৰ জগতত ।
দুই
দাপোন খন চালেই সংকুচিত হওঁ ;
মনৰ উৎসাহ তল পৰি ৰয় ,
বয়সে আঁচোৰা দেহা
বুকুত শিপাই দুখৰ কাঁইট ,
ৰংবোৰ উৰি যায় কুকুহা হৈ ;
ধূসৰ কৰি পেলায় মনৰ আকাশ ,
সংগোপনে সৰি পৰে নিয়ৰৰ টোপাল
ভিজাই তোলে খহটা দুগাল ।
তিনি
জীৱনে নাজানে গন্তব্যৰ সঠিক ঠাই ,
খলা-বমা বাটত ৰুই যায় অনেক সপোন ,
কেতিয়াবা সফলতাই আঁকোৱালি
ধৰে জীৱন ;
কেতিয়াবা বিফলতাই চূৰ্ণ বিচূৰ্ণ কৰে
মন গহন ।
জীৱন মানেই ছাঁ-পোহৰৰ খেলা
সুখে -দুখে পাতে সময়ৰ বক্ষত মেলা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ