টিঁ টিঁ কৈ ম'বাইলটোৱে মেছেজ অহাৰ সংকেত দিলে । প্ৰিন্সিপাল বাইদেউৰ মেছেজ, "অহা শুক্ৰবাৰে মধ্যাহ্ন ভোজনৰ চাউল আৰু অন্য খোৱাবস্তু বিতৰণ কৰা হ'ব। শ্ৰেণী শিক্ষক সকলে নিজা নিজা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক whatsapp গ্ৰুপ আৰু ফোনযোগে জনাই দিয়ে যেন।"
মই যিটো শ্ৰেণীৰ শ্ৰেণী শিক্ষক, সেইটো শ্ৰেণীত চাৰিটা শাখা। মোৰ শাখাটোত শিক্ষাৰ্থীৰ সংখ্যা ৬১ জন। ছাত্ৰ শিক্ষকৰ অনুপাত সঠিক নহয়। ৩০:১ হ'ব লাগে, কিন্তু তেনে কৰিবৰ উপায়ো নাই আমাৰ হাতত। নামভৰ্তিৰ সময়ত প্ৰ-পত্ৰ শেষ হৈ যায়, কিন্তু শিক্ষাৰ্থীৰ আগমন শেষ নহয়। অঞ্চলটোৰ দাঁতি কাষৰীয়া কেইবাখনো গাওঁ আৰু বাগিছাৰ পৰা যাতায়াত পৰিবহনৰ সুবিধাৰ বাবে শিক্ষাৰ্থীৰ আগমন বিদ্যালয়খনলৈ সুলভ। নামভৰ্তিৰ সময়ত প্ৰ-পত্ৰ পূৰণ কৰোতে আমি ফোন নং দিবলৈ দিও যদিও বহুতে নম্বৰ নোহোৱাকৈয়ে জমা দিয়ে। শ্ৰেণী শিক্ষক হিচাপে ফোন নংবোৰ সংগ্ৰহ কৰাত দেখা গ'ল মুঠেই ৩৬ জনেহে ফোন নম্বৰসহ প্ৰ-পত্ৰ জমা দিছিল। এতিয়া কৰ'ণাকালীন বিদ্যালয় বন্ধৰ বাবে ভাৰ্চুৱেল পাঠ্যক্ৰম চলাব লগা হৈছে। গতিকে ফোন নং বোৰ whatsapp ত যোগ কৰিব বিচৰাত দেখা গ'ল ৩৬ টা ফোন নম্বৰৰ ২৪ টাতহে whatsapp আছে। বাকী সকললৈ ফোন লগালো, কিছুসংখ্যকৰ ফোন not reachable, দুজনমানে গ্ৰুপত ভৰাবলৈ ওচৰৰ কাৰোবাৰ নম্বৰ দিলে। কাৰোবাৰ স্মাৰ্ট ফোন নাই। গতিকে এনেকৈ আধা সংখ্যকেৰেই ক্লাছ চলিল। এদিন ভিডিঅ' এটা দিলত এজনে left ললে গ্ৰুপৰ পৰা। ফোন কৰাত উত্তৰ আহিল আমাৰ ঘৰতটো পঢ়া ল'ৰা নাই, কোনে নম্বৰ দিলে নাজানো। এজনৰ আকৌ কোনোবা সম্পৰ্কীয় ছাত্ৰই নম্বৰটো দিলে, তেখেতে নিজে আন এটা যোগাযোগ নম্বৰ দি ছাত্ৰজনক যোগাযোগ কৰিবলৈ কয়, ফোন কৰো not reachable... মুঠতে নিৰুপায় আৰু। ফোনযোগে পোৱাসকলক যিমান পাৰি সাহস দিও, ঘৰতে কিতাপবোৰ পঢ়ি থাকিবি, খেলিবি । সিহঁতৰ পঢ়া আৰু খেলা কি বস্তু মই জানো । মোৰ শ্ৰেণীৰ ৯০% চাহ বাগানৰ লাইনৰ ল'ৰা। ওচৰা ওচৰি ঘৰ, প্ৰতিঘৰতে সমনীয়া । 'অই আহ' বুলি মাতিলেই লৰ মাৰি ওলাই আহিব পৰা সংগী। ৰাস্তাই ৰাস্তাই ঘূৰে, বাগানলৈ ওলাই যায়। সেউজীয়া গছ, সেউজীয়া মন, গা-জুৰ পৰা বতাহ। ওচৰতে পথাৰ অথবা মুকলি খেলপথাৰ, ১০ টা মান ল'ৰা লগ হৈ চিলা উৰুৱাই, গছৰ ফল পাৰি খায়, কেতিয়াবা চিকাৰো কৰে কেটেপাৰে ইটো সিটো, পথাৰত মাছ কুচীয়া বিচাৰে, কোনে বাধা দিব পাৰে! মুক্ত বতাহ, বিশাল আকাশ আৰু স্বাধীন এজুম শিশু, সিহঁত তেনেকৈয়ে পূৰ্ণ হৈ থাকে। ম'বাইলৰ শিক্ষণীয় ভিডিঅ' অথবা কিতাপৰ বিৰক্তিকৰ জগতখনলৈ সিহঁতে কিয় বা ভূমূকিয়াব? হ'লেইবা লকডাউন, পুলিচ আহিলেহে পলাব লাগে- অন্যথা হেপাঁহ পলুৱাই উপভোগ কৰা স্বাধীন সেউজীয়া জীৱন, উশাহ ভৰাই টানি লোৱা জীৱনৰ মাদকতা.. ৰাগী লগা সিহঁতৰ জীৱন। ঠাইভেদে এই পৰিৱেশৰ তাৰতম্য থাকিব পাৰে, কিন্তু এই সকলোখিনি মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই দেখিছো, চুই চাইছো, অনুভৱ কৰিছো। মুক্ত শিশুৰ মুক্ত জীৱনৰ আমেজ। বাগানৰ লাইনবোৰ, বস্তিবোৰ একো একোখন পৃথিৱী। তাত সুখ আছে, দুখ আছে, দাৰিদ্ৰতা আছে, স্বাধীনতা আছে, বান্ধোনো আছে, হাহিঁ আছে, কান্দোন আছে, ৰাগী আছে, হতাশাৰ চিৎকাৰ আছে, সেউজীয়া আছে, নৰ্দমাৰ ক'লা লেতেৰা দুৰ্গন্ধও আছে, তাৰ মাজতে সিহঁতৰ পৃথিৱীখন। বাহিৰৰ পৰা ধৰিব নোৱাৰি, কিন্তু ভিতৰত ৰাগী লগা জীৱনৰ আমেজ। সেইখন পৃথিৱীৰ পৰা যি ওলাই আহিছে, শিক্ষাৰ জ্ঞানচক্ষুৰে দেখিছে বাহিৰৰ পৃথিৱীৰ ৰংচঙীয়া সপোনবোৰ। কোনোৱে সপোনবোৰ আদৰি জখলা বগাইছে অন্যহাতেদি কোনোৱে আকৌ দিশভ্ৰষ্ট হৈছে- কোনটো পথেৰে বাট বুলিব আৰু উভটি গৈছে স্কুলৰ দেওনা পাৰ নোহোৱাকৈয়ে। গণিত (a+b)২ তকৈ, বিজ্ঞানৰ periodic table তকৈ সিহঁতৰ বাবে সহস্ৰ গুণে সহজ আন শাৰিৰীক কষ্টবোৰ, বাগানৰ কামবোৰ। মোৰ শিক্ষাৰ্থীসকলৰ দৰেই মোৰো জীৱন। পথাৰ, আকাশ, মাটি, গছ-লতাৰ সতে অভিন্ন জীৱন। তথাপিও সিহঁতযেন প্ৰকৃতিৰ সচাঁ সন্তান।
বাগানৰ শাৰী শাৰী চাহগছৰ দৰেই সিহঁতৰ জীৱনবোৰ। কলম দিয়া চাহঁগছৰ দৰেই গৰিষ্ঠসংখ্যকক এটা উচ্চতাত ৰৈ যাবলৈ দিয়া হয়, তাৰে মাজত কোনোবাজোপা শিৰীষৰ দৰে ওখ হয়, বাকীবোৰ একাকাৰ হৈ ৰয়, চাহবাগানৰ মানুহ আৰু চাহগছবোৰ। সীমাবদ্ধ উচ্চতাতো সেউজীয়া হৈ, সুন্দৰ হৈ জীয়াই থাকে।
এতিয়া আকৌ ঘূৰি আহো প্ৰিন্সিপাল বাইদেউৰ ফোনকললৈ। MDM ৰ চাউল দিব শুক্ৰবাৰে। ফোনটো লৈ আকৌ ফোনকলবোৰ কৰাত লাগি গ'লো। গ্ৰুপতো মেছেজ দিলো। কিন্তু মেছেজৰ ওপৰত ভৰসা কৰিব নোৱাৰি, চাইছে বা নাই। ফোনকলবোৰৰ কথা বিশেষ নকওঁ, খবৰ বাতৰি ল'লো। কিছুসংখ্যক অভিভাৱক বৰ সচেতন। খুব সুন্দৰকৈ সুধিলে, পৰীক্ষা কেতিয়ালৈ হ'ব, মোৰ ভালনে আদিবোৰ। কিছুমানে চিঞৰি মাতিলে কাষৰ ঘৰত থকা মোৰ ছাত্ৰ বা ছাত্ৰীক। কোনোবাই কাক বিচাৰিছো নুবুজি ক'লে "ভনী, এইটো ৰং নাম্বাৰ।" "ভনী"- আহ কিযে দুখে কপাই যায় বুকু, বুজি নাপাও। সুধিবলৈ মন যায়, "এই দুখৰ দিনগিলাই তই কিৰকম আহি বাই?" এগৰাকী ছাত্ৰীলৈ ফোন কৰিছিলো, মহিলা এগৰাকীয়ে ধৰিলে ফোনকল। কথাখিনি বুজাই কোৱাৰ পাছত মই ফোন কাটিবলৈ নাপালোৱেই, উৎসাহৰ চিঞৰ তেওঁৰ-"মেঘালী ৰে, খুচ খবৰি আছে ত'ৰ।" মই নিৰ্বাক হৈ ৰ'লো- খুচ খবৰি! মধ্যাহ্ন ভোজনৰ বস্তু দিব কাইলৈ, সেয়া খুচ খবৰি, তেওঁৰ বাবে। যেনেদৰে MDM ত ব্ৰইল ডিম দিয়াৰ দিনা ল'ৰা ছোৱালীহতঁৰ চকুত জিলিকে- সুখানুভূতিবোৰ। কোনোবা দুটামানে নিজে নাখাই বেগত ভৰাই লয়, ঘৰত থকা সৰু ভায়েকলৈ বুলি। সিহঁতক দেখিলে কষ্ট হয়, কেতিয়াবা ঈৰ্ষাও জন্মে, সিহঁতৰ কৃত্ৰিমতাহীন স্বাধীনতাপূৰ্ণ জীৱনবোৰলৈ। সেই শিশুহতঁৰ ঠাইত থিয় হৈ চাওঁ- জীৱন এনেকৈয়ো সুন্দৰ। হয়তো কংক্ৰীটৰ কেইবামহলীয়া অট্টালিকাত আবদ্ধ জীৱনতকৈও বহুত বেছি সুন্দৰ। প্ৰাপ্তি অপ্ৰাপ্তিবোৰ ভিন্ন। কিন্তু প্ৰাপ্তিৰ সুখবোৰ, অপ্ৰাপ্তিৰ হুমুনিয়াহবোৰ সাইলাখ একে - জাতি, ধৰ্ম, বৰ্ণ, দেশ নিৰ্বিশেষে সেয়া একাকাৰ যেন বিশ্বমানৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ