বাহিৰত ফিৰ-ফিৰীয়া বতাহ ।
খিৰিকীখন মেলি দি মই চাকিগছি জ্বলাই
ললোঁ ।
এটি কবিতা লিখিম বুলি
কাগজখিলা আনি তোমাৰ স্বপ্নত বিভোৰ
হৈ থকা কবিতাটি লিখিবলৈ লৈছিলোঁ
মাথোঁ..............
হঠাৎ
বাহিৰৰ বতাহ জাক অশান্ত হৈ কাগজ খন
উৰুৱাই লৈ গ'ল ,
আৰু চাকিগছি নুমাই থাকিল ।
খিৰিকীখন জপাই দিলোঁ ,
আজি আৰু নিলিখো কবিতা ।
কেতিয়াবা আকৌ সময় পালে তোমালৈ বুলি এটি
কবিতা লিখিম ।
✍️ বন্দিতা বেগম