ফুল নুফুলা গছ-লক্ষিমী বৰা শইকীয়া

©Admin
1
   বাঁহৰ বেৰখনৰ সিপাৰৰ পৰা উৰি অহা মৃদু হাঁহিৰ  শব্দই আজি কেইবাটাও নিশা অনুক শুবলৈ দিয়া নাই।.. বিচনাখনৰ খালি হৈ থকা ঠাইকণত হাত ফুৰাই চাই তাইৰ অভাৱখিনি বেছিকৈ বাঢ়ি যোৱা যেন অনুভৱ হৈছে। তাইক ডাক্তৰে কোৱা কথা সঁচানে ! নে পুলকে কোৱা কথাবোৰ সঁচা !  তাই ফুল নুফুলা ,গুটি নিদিয়া গছৰ দৰে হয়নে  ? এই কথা জানিবলৈ তাই অপেক্ষা কৰিব লাগিব । উত্তৰটো তাইৰ গিৰিয়েকৰ নতুন পত্নীৰ পৰাই পাব। মাথোঁ অলপ অপেক্ষা।

✍🏻লক্ষিমী বৰা শইকীয়া
গড়মূৰ, মাজুলী

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment