নীলা খামৰ চিঠি - ভিম্পামনি পাঠক

Aditi Tanti
0
মৰমৰ ধুন,
        প্ৰথমে মোৰ হিয়াৰ প্ৰতিটো কোণৰ পৰাই অজস্ৰ মৰম তোলৈ ৷আশা কৰোঁ কুশলে আছ !নেদেখা জনৰ ওচৰত হাতযোৰ কৰি তোৰ চিৰ মংগল কামনা কৰোঁ৷ প্ৰতিটো স্তৰে স্তৰে মানুহৰ জীয়া মনৰ ভাৱনাবোৰ ভাগি আহিছে ৷চলি থকা ভয়ংকৰ কোলাহলবোৰে এইবাৰৰ ৰঙালীক আদৰিব নিদিলেও বাহিৰৰ অচিনাকী বেয়া ছাঁ-বোৰৰ ওচৰলৈ নাযাবি তই৷ বৰ বেয়াকৈ ঘেৰিছে সেইবোৰে ৷ তোলৈ আজি খুউব মনত পৰিছে অ'৷ নিচেই কাষতে চেনেহৰ বিহুটি আহিছেহি ,দেহা-মন ৰজনজনোৱাৰ বিপৰীতে ভয়-চিন্তাৰ বেদনাবোৰে খুলি খুলি খাইছেহি ৷কত দিন হ’ল তোক লগ নোপোৱা ৷৬মাহ হৈ গ’ল তই কৰ্মৰত জীৱনটোত আৱদ্ধ হৈ গ'লি ৷তোৰ মনত আছেনে যোৱাবাৰ যে দুয়ো মিলি কপৌফুল এজোপা ৰুইছিলো তাত দুডালকৈ ফুল মেলি জীপাল হৈ উঠিছে ৷ কিন্তু সময়ে এইবাৰ সকলোকে ব্যৰ্থ কৰি পেলালে৷ কুলিৱেও যেন দুচকু তিয়াইছে ,মাতটোও যেন কঁপি কঁপি উঠিছে তাৰ ৷ ভিতৰৰ খিৰিকীখন এতিয়াও খুলি তোৰ চাইকেলৰ ৰিঙৰ শব্দৰ অপেক্ষা কৰো জানানে! চিনেমাৰ দৰে যেতিয়া তই চাইকেলত বহুৱাই গোটেই সেউজীয়াবোৰক উপভোগ কৰাইছিলি বিশ্বাস কৰ মই সমস্ত সুখ কাষতে পাইছিলোঁ ৷জীৱনটোক জীপাল কৰিব খোজোঁ তোৰ প্ৰতিটো প্ৰদৰ্শিত পথত ৷গোটেই মৰম,ভালপোৱাৰ জোৱাৰবোৰ উজাৰি তোৰ সপোনৰ সৈতে বিলীন হ’ব খোজোঁ ৷নিস্তব্ধতাৰ ৰাতি উজাগৰী নিশাত তোৰ গুণগুণোৱা বিহু গীতৰ কলি মনত আকৌ এবাৰ সজীৱ কৰোঁ ৷৬বছৰৰ অতিক্ৰমী যাত্ৰাৰ এক স্থিৰতাৰ অন্তত সপোন গঢ়িব বিচাৰো তোৰ স’তে ৷বৰ্তমানৰ নমাই অনা বেয়া চাপবোৰে মনৰ বহুখিনি সুস্থিৰতাক বিনষ্ট কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে অ' ৷তথাপিও হাৰ মনা নাই ধুন ,নেদেখাজনৰ ওচৰত সঁপি দিছোঁ সমস্ত,তয়ো সাৱধানে নিজকে সযতনে ৰাখিবি ৷তোলৈ মোৰ খুব ভয় লাগে জান !তই যে নিজৰ যত্ন অকণমানো বিচাৰ নকৰোঁ ৷অন্ততঃ মোৰ বাবেই নিজকে চম্ভালিবি ৷
            শেষত আকৌ অযুত মৰম হেপাঁহৰ হাতৰ লিখনিৰ মাজতে লুকাই পঠাইছোঁ৷ যেন মৰম,আন্তৰিকতাৰ মাজত বেয়া চাপবোৰৰ প্ৰভাৱ পৰিব নোৱাৰে ৷আৰু যোৱা সময়ত কাণ চপাই থোৱা কথাবিলাক নাপাহৰিবি ৷আৰু ঐ ধুন তই জোকোৱা এই পোৱালীয়ে এইবাৰ তোলৈ খুব হেঁপাহেৰে একেবাৰে ডাঙৰ ডাঙৰ বুটা বচা গামোচা বৈ থৈছোঁ বুজিলি! বহু কম সময়ৰ বিৰতিত তোক লগ পোৱাৰ আশাৰে-
        ইতি
   তোৰ অতিকৈ আলসুৱা
  কলিজা জনী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)