জীৱনৰ সংজ্ঞা দিব জানো পাৰি-মনজোস্না হাজৰিকা

Rinku Rajowar
0
সময়, সম্পৰ্ক, সুখ-দুখ, স্মৃতি, সপোন, কল্পনা, আৱেগ আৰু জীৱনৰ এক চক্ৰবেহু। বেহুৰ মাজত সোমাই মানুহ দিশহাৰা____!! মানুহৰ জীৱন সঁচাকৈয়ে আচৰিত____!! কাৰ কেতিয়া কি হয়, একো জনা নাযায়, সেয়া নিৰ্ধাৰণ কৰে কেৱল সময়ে। জীৱন এখন ৰঙ্গমঞ্চ___এই ৰঙীন মঞ্চত আমি সকলো একো একোজন অভিনেতা। অভিনয় শেষ হ'লেই চৰিত্ৰৰো অন্ত পৰে। উত্থান-পতন, পোৱা-নোপোৱা, ভাল-বেয়া, সুখ-দুখৰ মাজতেই জীৱন। জীৱন নদীত মানুহ উটি ভাঁহি গৈ থাকে। সময়ে শিকায় মানুহক সাঁতুৰিবলৈ। বাস্তৱৰ কঠিন আঘাতত চুৰমাৰ হৈ যায় মানুহৰ সোণালী সপোন, ৰঙীন কল্পনা। কষ্ট দিয়ে অজানিতে গঢ়ি উঠা সম্পৰ্কবোৰ। তথাপি আমি বাস্তৱক অস্বীকাৰ কৰিব নোৱাৰোঁ। আশা-আকাংক্ষা, সুখ-দুখ, ঘাত-প্ৰতিঘাত এইবোৰ মানুহৰ জীৱনৰ চিৰন্তন সংগী। কিন্তু অপ্ৰিয় সময়ৰ অকলশৰীয়া আলিংগনত জীৱনলৈ আহি পৰে হতাশা। হতাশাৰ সময়ত অতীত খুচৰিবলৈ অনীহা লাগে। কিয়নো মানুহে সদায় বৰ্তমানটো নিজৰ অতীততকৈ বেছি ওপৰত ৰাখে। অতীততকৈ মানুহ সদায় আগবাঢ়ি গৈ থাকে। আৰু যেতিয়াই মানুহৰ বৰ্তমানটো অতীততকৈ তললৈ আহি যায় তেতিয়াই মানুহৰ ডিপ্ৰেছন বা হতাশা আৰম্ভ হয়। অতীতে মানুহক শিকায় জীৱনৰ সাৰাংশ।  সময় আৰু পৰিস্থিতিৰ দস্তাবেজত আমি শিকো জীৱন নামৰ কিতাপৰ প্ৰতিটো পৃষ্ঠাৰ সংজ্ঞাবোৰ।

মনজোস্না হাজৰিকা 
              ঢেকীয়াজুলি (লখিমপুৰ) 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)