গোৱালপাৰীয়া লোক-সংস্কৃতিৰ এক অনন্য পৰিচায়ক হুদুম পূজা- এক অৱলোকন-কাজল সাহা

সংস্কৃতি এটা জাতিৰ প্ৰতিচ্ছবি। ইয়াৰ মাজেদিয়েই কোনো এটা জাতিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ স্বৰূপ নিৰূপণ কৰিব পাৰি। জীৱনৰ বিচিত্ৰতা প্ৰকাশ কৰা এই পৃথিৱীত জীৱন আনন্দময় কৰি তোলাই সংস্কৃতিৰ উদ্দেশ্য। অৰ্থাৎ "যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায় - মানুহৰ সেই কথা, সেই চিন্তা বা কামেই হৈছে সংস্কৃতি"(জ্যোতিপ্ৰসাদ আগৰৱালা)। এই উক্তিৰ আধাৰত ক'ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা, কাম আৰু গুণৰাশিয়েই হ'ল সংস্কৃতিৰ সোপান।
                     সংস্কৃতিৰ পৰিসৰ অত্যন্ত ব্যাপক। মানুহৰ জীৱনৰ অঙ্গীভূত আটাইবোৰ দিশকে সামৰি লোৱা সংস্কৃতিৰ এটা অন্যতম প্ৰধান বিভাগ হৈছে লোক-সংস্কৃতি। অসমীয়া লোক-সংস্কৃতি অতিশয় বৰ্ণাঢ্য আৰু বৈচিত্ৰপূৰ্ণ। স্বকীয় গুণ-গৰিমা তথা বিশেষত্বৰে মহিমামণ্ডিত অসমীয়া ভাষাটোৰ দৰে অসমীয়া লোক-সংস্কৃতিৰো অঞ্চলভেদে কেতবোৰ আঞ্চলিক ৰূপ পৰিলক্ষিত হয়। যাৰ‌‌ ভিতৰত গোৱালপাৰীয়া লোক-সংস্কৃতি অন্যতম।
                     বিভিন্ন জাতি-জনজাতিৰ মিলনতীৰ্থ অবিভক্ত গোৱালপাৰা জিলা অতি প্ৰাচীনকালৰে পৰাই এক গৌৰৱোজ্জল সংস্কৃতিৰ স্বাক্ষৰ বহন কৰি আহিছে।ঠাইখনৰ এটা জনপ্ৰিয় লোক উৎসৱ হৈছে হুদুম পূজা।বসুন্ধৰাৰ উৰ্বৰা শক্তি বৃদ্ধি তথা বৰষুণ হোৱাৰ মানসেৰে ঠাইখনৰ তিৰোতাসমাজে বিবসনা হৈ নিশাৰ অন্ধকাৰত, জনসমাগমবিহীন কোনো নিৰ্জন স্থানত নতুবা নদীৰ পাৰত বৰ আন্তৰিকতাৰে এইবিধ পূজা অনুষ্ঠিত কৰে। এই পূজাত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ।
                     হুদুম পূজাই লোক সমাজৰ আন এটা দিশৰো ইংগিত দাঙি ধৰে। সেয়া হ'ল প্ৰকৃতিপ্ৰীতি। প্ৰকৃতিৰ প্ৰতিটো উপাদানেই আমাৰ চিত্তত‌ গভীৰভাৱে ক্ৰিয়া কৰি সৌন্দৰ্যৰ এক অপাৰ্থিৱ জগতলৈ লৈ যায়। প্ৰকৃতিৰ এটি অপূৰ্ব উপাদান হৈছে চৰাই। এই চৰাইক ( হুদু ) দেৱতাৰূপে জ্ঞান কৰি গোৱালপাৰাবাসীয়ে হুদুম পূজা নামৰ উৎসৱটি সশ্ৰদ্ধাৰে পালন কৰে। অৱশ্যে সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজৰ বিভিন্ন দিশত নানা পৰিৱৰ্তনৰ ঢৌৱে দেখা দিয়াৰ দৰেই হুদুম পূজাৰ পৰম্পৰাৰ ক্ষেত্ৰতো এক আমূল পৰিবৰ্তন দেখিবলৈ পোৱা যায়। পূৰ্বৰ হুদুম পূজাৰ অত্যাৱশ্যকীয় মূল উপকৰণ হুদু চৰাই বৰ্তমান দুষ্প্ৰাপ্য হোৱা হেতুকে সাম্প্ৰতিক কালত কলগছৰ মাধ্যমেৰে এই পূজা কৰা হয়। পূজাৰ নিমিত্তে নিৰ্দিষ্ট কৰা স্থানখন ভালদৰে পৰিস্কাৰ কৰি তাত এটা গাঁত খান্দি সেই গাঁতটোত বেশ্যাৰ চুলি,ফেঁচু চৰাইৰ বাহ আৰু এটা সন্তানৰ জননীৰ গাধোৱা পানীখিনি তাত ঢালি‌ দিয়া হয়। তাৰ পাছত মূল পূজাৰীজনীয়ে কলগছডাল সেই গাঁতটোত পুতি দিয়ে। তাৰ পাছত ক'লগছডালক গা -ধোৱাই গুৰিত ঘট প্ৰতিষ্ঠা কৰি , ধূপ-দ্বীপ-নৈবদ্য আদিৰে হুদুম দেৱতাৰ সন্তুষ্টিৰ নিমিত্তে তিৰোতাসকলে পূজা কৰে আৰু নৃত্য-গীত গায়।‌ এই নৃত্য-গীতবোৰ প্ৰধানতঃ ভক্তিমূলক।
                      মুঠতে গোৱালপাৰীয়া লোক-সংস্কৃতিৰ এক অনন্য পৰিচায়ক হুদুম পূজা এটি অত্যন্ত জনপ্ৰিয় লোক- উৎসৱ। কালৰ আঁচোৰৰ ফলত ইয়াৰ ৰীতি-নীতিৰ ক্ষেত্ৰত নানা বিৱৰ্তনে দেখা দিছে যদিও ইয়াৰ মাজেদি গোৱালপৰীয়া জনজীৱনৰ যে‌ অপূৰ্ব তথা মনোৰম চিত্ৰ প্ৰতিফলিত হৈ উঠিছে তাত কোনো সন্দেহ নাই।

                                                    
✍️কাজল সাহা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send