ক'ত আছা তুমি-আছাদুৰ ৰহমান

বহু দিন পিছত 
লিখিলো তোমালৈ চিঠি
ক'ত আছা তুমি?

তোমাক এবাৰ চাবলৈ
মোৰ মনটো হৈছে অস্থিৰ
কিন্তু তোমাৰ বাৰু মনটো
আছে নেকি সুস্থিৰ ?

মোৰ এই ক্ষুদ্র জীৱনত
চাব পাৰিম নেকি
 তোমাক পুনৰ ,
তোমাৰ কথা ভাবিলেই 
চকুলো ওলায় মনত ।

মোৰ জীৱনটো দুখ-যন্ত্রণাৰে
আৱৰি গৈছা তুমি,
কোৱা না এবাৰ
ক'ত আছা তুমি
পুনৰ নাহিবা নেকি ওভতি ?

       ✍️আছাদুৰ ৰহমান, 
            দশম শ্রেণী,
    গোৱালপাৰা জাতীয় বিদ্যালয়, গোৱালপাৰা ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send