কিমান দূৰলৈ উৰিব,
জোনাকক আন্ধাৰে
জানো সোধে,
কিমান পোহৰ আৰু বাকী?
জীৱন এনেকৈয়ে
বৈ আছে
বঢ়াই তৃষ্ণা ক্ষণে ক্ষণে...
চিন্তাৰো খহনীয়া আছে
সত্যৰ অপমৃত্যুত
অসত্যই
বাটে -পথে পিয়াপি দিয়ে।
মানুহৰ চকুত দেখা
সজল বাৰিষাত
বৰ্ণময় কলিজাৰ গানে
সুৱাগুৰি তোলে !
স্পন্দিত হৃদয়ত
অতনু সুৰ বাজে,
সময়েও গোপন
বুজাবুজি জানে!
সিঁচি দিয়ে আথে বেথে
একোবাটি পলসুৱা আশা
লহপহীয়া সুৰুজেও
সেই কথা জানে...
✍️ৰেখা বৰকটকী,যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ