মোৰ জীৱনৰ প্ৰথমটো ইণ্টাৰভিউৰ অভিজ্ঞতা-অভিজিত শেনচোৱা

হোষ্টেলত এদিন আবেলি বাতৰি কাকতখন চাই থাকোঁতে হঠাতে দেখিলোঁ অসম বীজ সঞ্চালকালয়ত JA অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে আগ্ৰহী প্ৰাৰ্থী সকলক নিমন্ত্ৰণ দিছে সাক্ষাৎকাৰলৈ অহা মঙ্গলবাৰে । সাক্ষাৎকাৰ কেৱল গুৱাহাটীস্থিত বিভাগতহে পতা হ'ব আৰু সাক্ষাৎকাৰৰ ভিত্তিত নিয়োগ কৰা হ'ব ঠিকা ভিত্তিক ২ বছৰৰ বাবে । ইয়াৰ বাবে কোনো লিখিত পৰীক্ষা পতা নহয় । গুৱাহাটীৰ বাহিৰে এই সাক্ষাৎকাৰ বাকী ক'তো নাপাতে । অৰ্থাৎ চাৰিওপিনে সুযোগেই সুযোগ । এই কথাষাৰে মনটো আৰু ভাল লগাই দিলে যে সাক্ষাৎকাৰ পাতিব কেৱল গুৱাহাটীত । অৰ্থাৎ প্ৰাৰ্থী কম হ'ব যিহেতু বাকী জিলাৰ পৰা বেছিভাগেই নাহে , সেই অনুপাতে ঠেলা-হেঁচাও নাই চিন্তাও নাই, সম্ভাৱনা বেছি । বিজ্ঞাপন দেখি মন মেলিলোঁ বোলো যাম ৰহ । গুৱাহাটীতে থাকোঁ যেতিয়া কিহৰনো চিন্তা ? ঠাই চিনাকি হোৱাৰ লগতে মুখামুখিকৈ জীৱনৰ প্ৰথমটো ইণ্টাৰভিউ দি চাম । চাকৰি নাপালেও নাই অভিজ্ঞতা হ'ব পিছলৈ । 
          কথামতেই সাক্ষাৎকাৰৰ দিনা ওলালো জালুকবাৰীৰ পৰা দিনৰ ৯ বজাত । আছিল সেইদিনা মঙ্গলবাৰ , কলেজ খোলা । মাৰৌ গুলি ক্লাছক বুলি কৈ বহি দিলোঁ  বাছত খানাপাৰালৈ বুলি । বাছত বহি চিটত মনে মনে ভাবি গৈছোঁ বোলো কি বা সোধে, আগৰ অভিজ্ঞতাও নাই । সেয়ে মোবাইলটোকে উলিয়াই গুগলত চাবলৈ ল'লোঁ ইণ্টাৰভিউত সোধা প্ৰশ্নৰ উত্তৰ । সময় বাগৰি ১০:১৫ মান বজাত গৈ পালোগৈ খানাপাৰা । ইফালে মই ভালকৈ ঠাই চিনি নাপাওঁ । হাতত দুৰ্যোধনৰ সাৰথি কৰ্ণৰ দৰে মোৰ সাৰথি কেৱল গুগল মেপ , তাতে লাগিল অথন্তৰ । অফিচ আছে পাঞ্জাবাৰী, ছয় মাইলত । মই নামিলোঁ খানাপাৰা পোৱাৰ অলপ আগত । উপায় নাই গুৱাহাটীৰ এই গৰমত খোজেৰে পোনাই দিলোঁ অফিচলৈ । অলপ দূৰ যোৱাৰ পিছত পিয়াহ লগাত গম পালোঁ যে মই পানী বটল আনিবলৈ পাহৰিলোঁ । বাটৰ এখন দোকানৰ পৰা ১০ টকীয়া পানী বটল এটা কিনি আকৌ বাট ললোঁ অফিচলৈ। এনেতে দেখিলোঁ কিছু দূৰত কেইজনমান ল'ৰা ছোৱালী সোমাই যোৱা । অফিচৰ মুখ্য গেট পাবৰ হৈছেহে মাথোঁ তেনেতে বিপৰীত ফালৰ পৰা ইণ্টাৰভিউ দি আহি থকা ল'ৰা দুজনে মোক সুধিলে বোলে "ইণ্টাৰভিউ দিব আহিছা ?" । মই বোলো "অঃ, কিয় ?" । ল'ৰা দুজনে ইজনে সিজনৰ মুখলৈ চাই মিচিকিয়াই মোক ক'লে "যোৱা, এনেও গম পাবা আমি দি আহিলোঁ এইমাত্ৰ" । এইবুলি বেষ্ট অফ লাক দি গুচি গ'ল । ময়ো বিশেষ নাভাবি অফিচৰ ভিতৰলৈ বুলি বাট ল'লোঁ ।
      অফিচৰ ভিতৰত পদাৰ্পণ কৰিয়েই গম পালোঁ যে মোৰ পূৰ্বৰ সেই ধাৰণা সম্পূৰ্ণ ভুল । ইয়াত চাৰিওপিনে প্ৰাৰ্থীয়ে প্ৰাৰ্থী । বয়স অনুযায়ী সকলো আহিছে দেখোন । অলপ আগলৈ গৈ এজনক সুধি গম পালোঁ যে আগত লাইন পাতিব লগা হৈছে ইণ্টাৰভিউৰ বাবে । তেওঁ কিবা এখন দৰকাৰী কাগজ প্ৰিন্ট কৰিবলৈহে ততাতৈয়াকৈ বাহিৰলৈ আহিছে । একো আও-ভাও নাপায় ময়ো গৈ লাইনৰ শেষত থিয় দিলোঁ । লাইন মানে উজনিৰ এক্সপ্ৰেছ ৰেলখনৰ সমান দীঘল লাইন । লাইনটো অফিচৰ বাৰাণ্ডাত দুপাক হৈ আন এটা অফিছেদি হৈ আহি একেবাৰে অফিচৰ সীমাৰ বাহিৰ হৈ গৈ গছ এডালৰ তলত শেষ হৈছে । শেষ মানে আকৌ তাৰ পৰা আৰম্ভ হৈছে । আৰম্ভণি ক'ত একো ধৰিব নোৱাৰি । দেখিয়েই চকু কপালত উঠিল, বোলো ৰাম ৰাম । মই আছোঁ লাইনৰ শেষৰ পিনে অফিচৰ বাউণ্ডেৰী পাৰ গৈ । অৱশ্যে ময়ে শেষ নহয় মোৰ পিছতো আন প্ৰাৰ্থী বহুকেইজন আছে খাপ পিটি । কিছুসময় ৰৈ আগৰ লাইনলৈ চকু ফুৰালোঁ বোলো কিজানিবা কোনোবা চিনাকীক দেখোঁৱেই । নাই কোনো চিনাকি নাই । চকু ফুৰাওঁতে দেখিলোঁ আগৰ লাইনৰ সকলোৰে হাতে হাতে এখন ফৰ্ম আৰু তাৰ লগত নিজৰ ডকুমেণ্টবোৰ গাঁঠি দিয়া এটা ফাইল । তাৰে এজনক সুধি গম পালোঁ যে আন এক অফিচত সেই ফৰ্ম খন দিছে তাৰ পৰা আনিব লাগে । লাগিল জঞ্জাল , এয়া আকৌ কি ? বিজ্ঞাপন আৰু অফিচৰ ৱেবচাইটতো এই বিষয়ে একো কোৱা নাছিল । এতিয়া সেইখন ফৰ্ম মই ক'ত পাম । ইপিনে চিনাকীও নাই, আগ-গুৰি একো তলকিব পৰা নাই । তেনেতে এজনৰ মুখৰ পৰা শুনিবলৈ পালোঁ যে সেইখন ফৰ্ম এইটো লাইনত গৈ থাকিলেই দিব, চিন্তা কৰিব নালাগে । কিছু পৰিমাণে স্বস্তিৰ নিশ্বাস পেলালোঁ । লাইন গৈ গৈ মোৰ পাল পৰেগৈ মানে বহু দেৰি হ'ব । ইপিনে চৌফলিয়া ৰ'দে হাত দীঘল চোলাটোৰ তলত পিন্ধি থকা মোৰ গেঞ্জি তিয়াই পেলাইছে । অলপ আগতে কিনা পানীৰ বটলটোও শেষ । এনেদৰে গৈ গৈ অৱশেষত অফিচৰ বাৰাণ্ডাত উঠিলোঁগৈ । মেইন অফিচ এতিয়াও বহু দূৰত । বাৰাণ্ডা পাই কিছু পৰিমাণে সকাহ পালোঁ, কিয়নো সেই ঠাইত ছাঁ আছিল । কেঁকুৰীটো ঘূৰি দেখোঁ বাৰাণ্ডাৰ খটখটিত এগৰাকী প্ৰাৰ্থীক বহুৱাই দুজনীমানে নিজৰ ফাইলটোৱে বিচি আছে । গৰমত মূর্ছা গৈছিল । এনেদৰে গৈ গৈ অৱশেষত সেই ফৰ্মখন পালোঁ । এইখন পূৰ কৰি আকৌ লাইন ধৰিব লাগিব । সেয়েহে পকেটৰ পৰা কলমটো উলিয়াই ততাতৈয়াকৈ ফৰ্মখন পূৰালোঁ। লাগিল আকৌ লেঠা, ফটোকপি আৰু মোৰ ডকুমেণ্টবোৰ গাঁঠিবলৈ মই আঠা আৰু ষ্টেপলাৰ আনিবলৈ পাহৰিলোঁ । এতিয়া কি কৰা যায় । ওচৰৰে দুজনমানক খুজিলোঁ কিন্তু নাপালোঁ । আচলতে তেওঁলোক সকলোৰে ওচৰত আছিল কিন্তু সেই সময়ত কোনেও কাকো দিব নোখোজে । কাৰণ এজনক দিয়া মানেই আঠা, ষ্টেপলাৰ আনিব নোৱাৰা সকলোকে দিব লাগিব । সেই ভয় আৰু বিৰক্তিৰ বাবে থাকিলেও নাই বুলি কয় সকলোকে । মই বুজি পালোঁ আৰু কাকো একো নুখুজি তেনেকৈয়ে ডকুমেণ্টবোৰ লৈ আকৌ এটা লাইনত থিয় দিলোঁ । এইবাৰ লাইনটো ওলোটাকৈ হৈছে, ঠিক যেন নামনিৰ পৰা উজনিলৈ যোৱা ৰে'লখন । মোৰ আগত কামৰূপৰ ৰঙীয়া ঠাইৰ ল'ৰা এজন আৰু পিছত গোৱালপাৰা ফালৰ এজন । এওঁ হেনো ৰাতিপুৱাই গোৱালপাৰাৰ পৰা আহিছে ইণ্টাৰভিউ দিবলৈ । 
         সময় তেতিয়া ভৰ দুপৰীয়া । পেটত ভোকৰ উপস্থিতিৰ প্ৰমাণ পাইছোঁ । কিন্তু উপায় নাই, সেই সময়ত লাইন এৰি বেলেগ ক'ৰবালৈ যোৱা মানে আকৌ লাইন শেষৰ পৰা আৰম্ভ কৰা । আৰু মাজত সোমাবলৈ চেষ্টা কৰা মানেই তৃতীয় বিশ্বযুদ্ধৰ সূচনা । সেয়ে পেটৰ ভোক পেটত ৰাখি লাইন ধৰি গৈ আছোঁ । তেনেকৈ গৈ থাকোঁতে ৰঙীয়াৰজনৰ সৈতে চিনাকি হ'লোঁ । তেওঁৱেই আঠা আগবঢ়ালে ফটোখন লগাবলৈ । ষ্টেপলাৰ আন এজনীৰ পৰা ললোঁ । সেই সময়ত নাম কাম সুধিবলৈ সময় নাই, নিজৰ কামটো হ'লেই হয় । লাইন ধৰি আগবাঢ়ি গৈ আছোঁ । এনেতে আগৰ প্ৰাৰ্থীবোৰৰ ফৰ্মবোৰলৈ চকু গ'ল । কোনোজন যদি ৭ বছৰ প্ৰাইভেট চাকৰি কৰাৰ অভিজ্ঞতাৰে পুষ্ট আনজন আকৌ আছিল JE । আন কোনো আকৌ ইংৰাজীত এম এ । এইসকলৰ তুলনাত মই একোৱে নহওঁ। তেওঁবুলি যি হয় হ'ব বুলি ভাবি গৈ আছোঁ লাইনত । 
   বিভাগেও যিমানখিনি পাৰে কৰিছে । টেবুল এখনত পানী আৰু লাল চাহৰ ব্যৱস্থা কৰিছে । কিন্তু আমি সেই ঠাই পাওগৈ মানে সেই পানী আৰু চাহৰ নাম গোন্ধ নাথাকিল । মুহূৰ্ততে সকলো শেষ।
     হাতৰ ঘড়ীটোলৈ বাৰে বাৰে চকু গৈছে । ১ বাজিবৰ হ'ল আমি এতিয়াও লাইনত । লাইনত গৈ থকাৰ মাজেৰে খিৰিকিৰে এটা ৰুমৰ ভিতৰলৈ চাই দেখোঁ কিছু প্ৰাৰ্থী অফিচৰ ভিতৰত ফেনৰ বতাহ লৈ বহি আছে । হয়তো তেওঁলোকৰ যাৱতীয় কাম- কাজ খিনি কৰি হ'ল সেয়ে নিজৰ পাল অহালৈ ৰৈছে । আমাৰ ডকুমেণ্টবোৰ জমা লোৱা ঘৰটো এইটো ঘৰে আঁৰ কৰি আছে বাবে আমি ভালকৈ দেখা নাই তাত কি হৈ আছে । কিন্তু লাইন আগুৱাই গৈ কেঁকুৰীটো পাৰ হোৱাত দেখোঁ সেই ডকুমেণ্ট লোৱা ঘৰটোৰ সন্মুখত কোনো প্ৰাৰ্থী লাইনত নাই, সম্পূৰ্ণ বিশৃংখল । যি আগত পাৰে সিয়ে নিজৰখন জমা দিবলৈ চাইছে , হেতা-ওপৰা লগাইছে ফৰ্ম দিবলৈ । এই দেখি আমি ইমান সময়ৰ পৰা লাইন পাতি থকাবোৰে ইজনে সিজনৰ মুখলৈ চাওঁ । কোনেও একো মাত নামাতিলে । আমিও তত মুহূৰ্ততে গৈ নিজৰ ফৰ্ম জমা দিবলৈ হেতা-ওপৰা লগাওঁ । কেইমাহ মান আগলৈকে ক'ৰোনাই কাল ৰূপ দেখাই গৈছে গুৱাহাটীৰ লগতে অসমত । এতিয়াও ক'ৰোনাৰ প্ৰকোপ কমা নাই । তৎস্বত্বেও সেইবোৰলৈ কাৰো অলপো ভ্ৰূক্ষেপ নাই । হেতা-ওপৰা কৰি মুঠতে নিজৰ খন দিব লাগে, চাকৰি লাগে । সেই সময়ত সকলোৰে মন-মগজুত সেয়াই । ময়ো সুৰুঙাৰে সুৰুঙাৰে আগুৱাই গৈ সেই অফিচৰ চিৰি পালোগৈ । দেহাটো সৰু বাবে কম ঠাইতে সোমাই যাব পাৰি । সুবিধা এইকণতে । বাৰাণ্ডাত এজনে ফৰ্মবোৰ লৈছে আৰু ভিতৰলৈ চালান দিছে । তেওঁৰ কাম সেইয়াই । এতিয়া তেওঁৰ হাতত মোৰ ফৰ্মখন দিয়া যায় কেনেকৈ ? ঠেলা-হেঁচাত আগলৈ যোৱাৰ সলনি মই বাৰেপতি পিছলৈ হে আহিছোঁ । আগলৈ যাবলৈ অকণো সুৰুঙা নাই । ইমানেই প্ৰাৰ্থী । শেষত আগত থকা এজন প্ৰাৰ্থীৰ ফৰ্মৰ লগতে মোৰখন দি দিলোঁ । কিন্তু ফৰ্ম জমা লোৱা সেই মানুহজনৰ হাতত মোৰ ফৰ্মখন পৰিল নে নাই ভিতৰ পালেগৈনে নাই মই হ'লে একো নেদেখিলোঁ । তেনেকৈয়ে হেঁচা-ঠেলাৰ মাজতে গৰমত ৰৈ আছো সকলো । দুজনমানে আমাৰ পিছৰ পৰা ইতিমধ্যে চিয়ঁৰা আৰম্ভ কৰিলেই "সোনকাল কৰক", "আজি ইণ্টাৰভিউ ল'ব পাৰিবনে নাই ?", "আগতে কি কৰি আছিল" ইত্যাদি ইত্যাদি । ২ বাজি গ'ল অফিচৰ ভিতৰৰ পৰা একো খবৰ খাটি নাই । ইপিনে প্ৰচণ্ড ভোক লাগিছে, বাহিৰতে ৰৈ উত্তৰ অহালৈ বাট চাই ৰৈছোঁ । আজি যে ইণ্টাৰভিউ ল'ব পাৰিব তাৰ অলপো আশা নাই । কিন্তু বিভাগে কি কয় তাকে জানিবলৈ ৰৈ আছোঁ আমি সকলো । তেনেকৈ ৰৈ থাকোঁতে কিছু সময় পিছত অফিচৰ ভিতৰৰ পৰা লাউড স্পীকাৰত এজন কৰ্মচাৰীয়ে ক'লে যে বিভাগে এনে পৰিস্থিতি উদ্ভৱ হ'ব বুলি জনা নাছিল, সেয়েহে আগতীয়াকৈ কোনো ব্যৱস্থা লোৱা নহ'ল । যিহেতু এতিয়া প্ৰাৰ্থীৰ সংখ্যা অনেক হ'ল গতিকে আজিৰ সাক্ষাৎকাৰ পৰৱৰ্তী নিৰ্দেশ নহালৈকে বাতিল কৰা হ'ল । তেওঁ বক্তব্য ৰাখি শেষ হ'ল কি নহ'ল বাহিৰত ৰৈ থকা প্ৰাৰ্থীৰ মাজত হৈ-হাল্লা, দাবী, গালি আৰম্ভ হ'লেই বিভাগৰ প্ৰতি । ছোৱালী-ল'ৰা সকলোৰে পৰা অসমীয়া ইংৰাজী গালি আৰু টান কথাৰ বৰষুণ পৰিল বিভাগৰ ওপৰত । পৰিস্থিতি শাম কটোৱাবলৈ চেষ্টা কৰি অফিচৰ ভিতৰৰ পৰা আকৌ এজনে ক'লে যে তেওঁলোকে এই নিযুক্তিৰ বাবে পৰীক্ষা পাতিব আৰু তাৰ বাবে এমট্ৰনক দায়িত্ব দিব পৰীক্ষা পাতিবলৈ । খুব সোনকালে অনলাইন এপ্লাই হ'ব এই পোষ্টৰ বাবে । শুনা মাত্ৰকে আকৌ হৈ-হাল্লা আৰম্ভ হৈ গ'ল । কিছুৱে ক'লে 'ব্লেকলিষ্টেড এমট্ৰন কিয়, ঘোটালা কৰিবলৈ ?' কিছুৱে ক'লে 'আকৌ অনলাইন এপ্লাই কিয় হ'ব ? আমি আহি ৰ'দত থিয় হৈ ফৰ্ম জমা দিম আৰু বেলেগে ঘৰত থাকি অনলাইন এপ্লাই কৰিব' । এনে বহুত প্ৰশ্নবাণ আহিল প্ৰাৰ্থীবিলাকৰ মাজৰ পৰা । পৰিস্থিতি ক্ৰমান্বয়ে বেয়াৰ ফাললৈ ঢাল খাবলৈ ধৰিলে । তেনেতে বাৰাণ্ডাৰ পৰা এবাৰ পিছলৈ ঘূৰি চাই দেখোঁ যে পৰিস্থিতি চম্ভালিবলৈ কেইবাজনো আৰক্ষী বিষয়া আহি নিজৰ অৱস্থান গ্ৰহণ কৰিছে । বুজিবলৈ বাকী নাথাকিল যে পিঠি বহল হ'বলৈ বেছি সময় নাই । তাৰ আগতেই মই সুযোগ বুজি ঠেলি হেঁচি ছোৱালী পল্টনৰ পিছফালে অৱস্থান গ্ৰহণ কৰিলো । ইমান দেখিও উভতি আহিবলৈ মন যোৱা নাই । বাকীবোৰ প্ৰাৰ্থীয়ে তেতিয়াও অফিচৰ সন্মুখত হৈ-হাল্লা কৰিয়েই আছিল । বিভাগৰ কৰ্মচাৰীয়ে কোনো উপায় নেদেখি শেষত দিছপুৰৰ পৰা সেই বিভাগৰ সঞ্চালকক মাতি পঠায় । সঞ্চালক নিজে কেইজনমান বিষয়াৰ সৈতে আহি পালে আৰু আহিয়েই প্ৰাৰ্থীবিলাকৰ ওচৰত এই বেমেজালি আৰু পৰিস্থিতিৰ বাবে ক্ষমা বিচাৰিলে । পৰিস্থিতি কিছু শাম কাটিলে যদিও প্ৰাৰ্থীবিলাকৰ মাজৰ পৰা বিভিন্ন প্ৰশ্ন আৰু দাবী তেওঁলৈ নিক্ষেপ কৰা হ'ল । সদৌ শেষত তেওঁ প্ৰাৰ্থীবিলাকৰ দাবীক মানি ল'বলৈ বাধ্য হ'ল আৰু সকলোকে আশ্বাস দিলে যে আজি যিসকল প্ৰাৰ্থীয়ে ফৰ্ম জমা কৰিলে কেৱল সেই সকলৰ মাজত তেওঁলোকৰ বিভাগে নিজে এটা পৰীক্ষা পাতিব আৰু সেই জোখেৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হব । কোনো এমট্ৰন বা আন বিভাগক ঠিকা দিয়া নহ'ব ।আৰু এই পৰীক্ষা তথা আন তথ্যৰ বাবে সকলো বাতৰি কাকতত আগতীয়াকৈ জাননী দিয়া হ'ব । কোনো নতুন প্ৰাৰ্থীয়ে নতুনকৈ এই পদৰ বাবে আবেদন কৰিব নোৱাৰিব । কেৱল আজি জমা দিয়া ফৰ্মৰ প্ৰাৰ্থীসকলেহে এই পৰীক্ষা দিব পাৰিব । সঞ্চালকৰ এই ভাষ্য শুনি আৰু মই ৰৈ নাথাকিলোঁ । চিধা ওভতনি খোজ ললোঁ বাছ ধৰিবলৈ । ইতিমধ্যে ৩ বাজি গৈছিল, ওপৰতে ভোক আছেই । আহিয়েই বাছলৈ ৰলোঁ জি.এছ ৰোডত । কেইবাখনো বাছ পাৰ হ'ল । যাত্ৰী ভৰ্তি, অকণো খালি নাই বাছৰ ভিতৰত । এখন আহিল, হেণ্ডিমেনে ক'লে আজি বাছ নাই। এইখন পল্টনবজাৰলৈকে যাব জালুকবাৰীলৈ বাছ নাই আজি । নিজৰ বাছত যাত্ৰী উঠাবলৈ মিছা কথা কৈছে বুলি গম পালোঁ । আপোনা- আপুনি মুখৰ পৰা এটা বেয়া মাত ওলাই গ'ল হেণ্ডিমেনলৈ । সি শুনিলে যদিও একো নক'লে । সৌভাগ্যক্ৰমে এইখনৰ পিছত অহা বাছখন জালুকবাৰীলৈকে পালোঁ । বাছত উঠি দেখোঁ প্ৰায় আধা চিট খালি । স্বস্তিৰ নিশ্বাস এটা এৰি খিৰিকিৰ কাষৰ চিট এটাত বহি পৰিলোঁ আৰু এনেদৰেই জীৱনৰ প্ৰথমটো সাক্ষাৎকাৰৰ অভিজ্ঞতা লৈ আকৌ হোষ্টেল পালোহি।


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send