এক অচিন ঠাইত...
যদি সন্তান বুলি স্বীকৃতি দিব নোৱৰা
কিয় দিছিলা স্থান তোমাৰ গৰ্ভত?
নিবিছাৰোঁ মই পিতৃৰ পৰিচয়
মাঁথো মোক আশ্ৰয় দিয়া
তোমাৰ কোমল কোলাত।
তোমাৰ দুহাতৰ পৰশ বিছাৰোঁ মা'
তোমাৰ বুকুত মূৰটো গুজি
হেঁপাহ পলুৱাই টোপনি যাব বিছাৰোঁ।
মোৰ কণমানি অন্তৰখনে হাহাকাৰ কৰি উঠে,
তোমাৰ অলপ মৰমৰ অভাৱত।
তোমাৰ চৰণ পূঁজিব বিছাৰোঁ মা।
এগৰাকী আদৰ্শবান সন্তান হ'ব বিছাৰোঁ মা।
মোক নিথৰুৱা দুৰ্ভগীয়া নকৰিবা মা।
✍️প্ৰেৰণা গগৈ