মাতাল গায়ক আখ্যান-অভিজিত শেনচোৱা

Rinku Rajowar
0
পূজাৰ বতৰত 'বন্ধন গোটৰ লোণ' লৈ নতুনকৈ কিনা 'এন্দ্ৰইড ম'বাইল হাতত লৈ' জিঅ চিম লগাই আমাৰ গাঁওৰ 'মাতাল গায়কে' 'থম থম মদন গোপাল হৈ পাণ দোকানৰ গুমতীত' বহি আছিল । বেচেৰাৰ কৰিবলৈও একো নাই । 'নকল কৰি পাছ কৰিব নোৱাৰিলে মেট্ৰিক', ফটা জোতাত তালি মাৰি আনৰ লংপেন্ট পিন্ধিও পতাব নোৱাৰিলে তাৰ মৰমৰ জেউতিক । সেয়ে তাৰ এই মনৰ দুখত আজিকালি মদ খাই সি নাম পালে 'মাতাল গায়ক' । মদ খাই সি সদায় 'নাযাবা নাযাবা মোকে এৰি থৈ' নতুবা 'কিনো জগৰ লগালো আছা অচিনাকি হৈ' গাই গাঁও তালফাল লগাই ।   আনফালে পেটত গেষ্ট্ৰিক থকাত সি ৰাস্তাত খোজ কাঢ়ি দিলে ভাল লাগিব বুলি ওলাই আহি দেখে 'বকুলতলৰ বিহুতলী'ফালৰ পৰা 'কামৰূপীয়া ছোৱালী' অনুপমাক আহি থকা । 'অনুপমা'ক দেখিয়ে মাতাল গায়কে মাত লগালে বোলে 'আপী উই উই ক'ত গেছিলি তুই ?' অনুপমাই মুখ বেকা কৰি কেৰাহীকৈ তালৈ চাই চাইকেল ৰখাই কলে 'পূজা পূজা লাগিছে মন উৰণীয়া' সেয়ে সাজি কাচি গাঁওৰে 'চিকুণ চেঙৰী আপী' কেইজনীৰ লগত লগ হৈ 'টিলিং বজাই বজাই' ওচৰৰে চহৰলৈ যায় 'পূজা চাবলৈ' । কথা শুনিয়ে আমাৰ মাতাল গায়কে উপদেশৰ সুৰতে ক'লে বোলে 'আমাৰ গাঁৱৰে তুমি ৰূপহী' যিহেতু গতিকে চহৰলৈ গৈ যাতে ডেকা ল'ৰা চাই নুফুৰে । নহ'লে তাৰ একালৰ প্ৰেয়সী 'জেউতি'ৰ দৰে 'চহৰলৈ নাযাবা ডেকা ল'ৰা নাচাবা ঘূৰিব নোৱাৰিব গাঁও' দৰে কেচ হওঁ যাব । আৰু ঘটনাক্ৰমে তেনেকুৱা হৈ গলে 'বকুলতৰ আদালত'বহিব আৰু শেষত তাই 'লাজুকী বাই' হৈ ঘৰতে থাকিব লাগিব লাজ-চৰমত । গতিকে সাৱধান । কথা শুনি আমাৰ অনুপমাৰ ধৈৰ্যৰ বান্ধ চিগি গল । খঙতে কৈ পালে বোলে নিজে নকল কৰি মেট্ৰিক পাছ কৰিব নোৱাৰিলি এতিয়া মোক জ্ঞান দিব আহ' । এইবুলি কৈ ভেকাহি মাৰি আমাৰ ডিস্ক ভন্টি 'টিলিং বজাই বজাই' গ'লগৈ । ইপিনে হঠাৎ হৈ যোৱা এই পৰিস্থিতিত আমাৰ মাতাল গায়কে শিল পৰা কপৌৰ দৰে ভেবা লাগি তাইৰ পিনে চাই কলে বোলে 'বাপ্পা ঔ' ।

লেখক- শ্ৰী অভিজিত শেনচোৱা।
দেউবিল, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)