আটাইতকৈ চিনাকি শব্দ,
সেই বিষাদকো নেওচি,
ফাকুৰ ৰঙৰ দৰেই..
ৰঙীন কৰিব পাৰোঁ
কাৰোবাৰ জীৱনক,যৌৱনক,
কাৰণ ,মই যে ছোৱালী।
কাৰোবাৰ কাৰোবাৰ মুখত শুনো,
মই হেনো দেৱীৰ এটি অংশ,
সেইবাবেই হয়তো.....
পবিত্ৰতাক সাক্ষী কৰি..
সহনশীল ভাৱেই গা পাতি দিবলৈ,
কুণ্ঠাবোধ নকৰোঁ চাবুকৰ কোবক....
কাৰণ, মই যে ছোৱালী।
ভগ্নী,মাতৃ, পত্নী কাৰোবাৰ প্ৰেয়সী..
কত যে ৰূপ ধৰিব লাগে মই..
অত্যাচাৰ,নিৰ্যাতন, ধৰ্ষণ শব্দবোৰ,
মোৰ বাবে তেনেই সাধাৰণ....
বহ্নিমানৰ দৰে,পৰিধি ভঙাকৈ,
বুকু পাতি দিওঁ....
কাৰণ, মই যে ছোৱালী।
ছোৱালী মানেই হেনো অনৰ্থকতা,
জন্ম হোৱাৰ পাছতে হেনো...
দেউতাই মোক দলিয়াই দিব লৈছিল,
মাক অপমান কৰিছিল।
সেইবোৰ বুকুত লৈয়ো,
জীয়াই থকাৰ মোৰ অফুৰন্ত হেঁপাহ...
কাৰণ, মই যে ছোৱালী।
বিয়া হ'ম,স্বামীক পূজিম,
কিন্তু উপহাৰ পাম...
যৌতুকৰ নামত অশালীন ককৰ্থনা।
মাজতে কোনোবাই আহি ডাইনী সজাব,
ভোকাতুৰ হঁতৰ বাবে মুকলি কৰি দিম,
মঙহাল পিঠিখন....
কাৰণ, মই যে ছোৱালী।
বুঢ়ি হ'ম ,ভাবিম! এতিয়া অলপ শান্তি.....
কিন্তু, পুত্ৰ-বোৱাৰীৰ পৰাতো ককৰ্থনা পাম,
বোৱাৰীৰ মততে, পুত্ৰৰো মত,
পেলাই থৈ আহিবগৈ জনশূণ্য ৰাজপথত,
কোনোবাই থৈ আহিবগৈ ,
বৃদ্ধাশ্ৰমত...তাতে মোৰ সুখ,
কাৰণ,মই যে ছোৱালী।
✍️পুলকেশ বৰুৱা,দশম শ্ৰেণী, ঢকুৱাখনা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ