সোণোৱালী শৈশৱৰ সেই সুমধুৰ স্মৃতি-মনজোস্না হাজৰিকা

Rinku Rajowar
0
কিমান যে সুন্দৰ আছিল সেই পখিলা খেদা ৰামধেনুৰ সাতোৰঙী মধুৰ দিনবোৰ......সেই স্মৃতিবোৰে আমনি কৰে। মুকলি আকাশৰ তলত দলিছা পাৰি ক'ত কি যে খেলিছিলোঁ তৰাৰ সৈতে। কেতিয়াবা ডাৱৰে গপতে মুখ ওফন্দাই বহি থাকে। আমি তাৰ লগত জেদ ভাঙিবলৈ কিমান যে ফুচুলাব লাগে !! তাৰ লগত উমলি- যামলি তাৰ মন ৰঙীয়াল হ'লে হে  ঘৰমুৱা হওঁ। আমি নেখেলিলে সি হুৰাহুৰে কান্দে।
        মুক্ত আমাৰ শৈশৱ......ককা, খুড়াক যে ভীমৰ বচন মাতিবৰ বাবে কিমান কাবৌ কৰি আমনি দিছিলোঁ। ককাই গাইছিল:- " ভীম ভীম নকৰিবি ভীমৰ আগত, কত ভীম পৰি আছে পিঠাগুৰিৰ লগত।"ভাইটিয়ে তৰ্জন-গর্জন কৰি গদালৈ ভীম ওলাইছিল.....ভাওনাৰ অৰ্থহীন বচন...... সুৰতে সুৰ মিলাই ময়ো গাইছিলো:- "ক'ত গৈলা প্ৰাণনাথ, মোক এৰি "। ভাওনা শেষ কৰি খেলিবলৈ ঢাপলি মেলিছিলোঁ।
         ককাৰ কাম কৰি থকাৰ সময়ত সেই তামোল চোৱাই সেলেঙনি বৈ থকা মুখ আৰু মই তাতে গৈ পকা চুলি কেইডাল পিটিকি পিটিকি কাম কৰিবলৈও শান্তি নিদিওঁ। ককাৰ লগত চাইকেলত উঠি বিয়া-সবাহ খায়, ভাওনা- সবাহ চাই আনন্দ উপভোগ কৰিছিলোঁ।দেউতাৰ কোলাত বহি টি.ভি. ত হিন্দী ফিল্ম চাইছিলোঁ। ককাৰ লগত ৰামায়ণ, মহাভাৰতৰ কাহিনীৰ ভাগো লৈছিলোঁ। গোটেই দিন খেলা- ধূলা কৰি সন্ধিয়াতে স্নেহময়ী মাৰ কোমল কোলাত তৃপ্তিত, শান্তিৰ মধুৰ আৱেশত চকুলৈ টোপনি নামে। মধুৰ সোণোৱালী শৈশৱৰ সেই স্মৃতি পাহৰিব নোৱাৰি।
        "ককা আৰু নাতিল'ৰা একে লাগে বহি সাঁজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহি " ------- সেইবোৰ দিন আৰু নাই।

     ✍️ মনজোস্না হাজৰিকা
          ঢেকীয়াজুলি (লখিমপুৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)