যি বাটত গজি উঠিছে এতিয়া
শেলুৱৈয়ে ধৰা এটি নষ্ট গান ।
আপুনি কি ভাৱে?
আত্মাৰ অবৰ্তমান আপুনিও ৰচিব পাৰিব তোলপাৰ লগাব পৰাকৈ
এটি ইতিহাসৰ গান ।
বাৰু কওকছোন
কোন কবিয়ে লিখি থৈ যোৱা দেখিছে ?
হৃদয়হীন দেহৰ সৈতে আন এটা দেহৰ
সুপ্ৰাপ্তিৰ হাজাৰটা কবিতা ।
ই অসম্ভৱ ।
আৰু মই কবি নহয় ।
মোৰ হৃদয়ৰ প্ৰৱেশদ্বাৰত আছে
আপুনি সোমাব নোৱাৰাকৈ মকৰাৰ জাল ।
অট্টালিকাত ৰাজত্ব চলিছে ভেঁকুৰৰ ।
গোট মাৰি শিল হোৱা হৃদয়ত কোমলতা বিচাৰি,
কিমান আৰু কবিক দোষীব আপুনি
কবিয়ে হৃদয়ত দুখৰ উমনি জগাই বুলি !
কোন কবিয়ে শুনাইছে হাজাৰগৰাকীক
তেওঁৰ প্ৰেমৰ গুণগুণনি !
কবিৰ হৃদয়ত ব্যৰ্থতা নাথাকে হাজাগৰাকীৰ ।
ব্যৰ্থতা থাকে মাথোঁ কলমৰ আগত ।
তথাপিও কবি মিছাতে বদনামী।
কিন্তু ক্ষমা কৰিব মই নহয় কোনো কবি ।
✍️দীপশিখা কলিতা
দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ