আজি মনটোৱে বৰকৈ মৰিবলৈ কৈছে। আকাশৰ ন জোন পৰহিলৈ ওলাব। অমাৱশ্যাৰ নিশাটোৱে বৰ প্ৰেৰণা যোগাইছে। আজি গৰমত মই অলপো ঘমা নাই অ' তৃষ্ণা। এইহেন গৰমত থক থককৈ কঁপি বিছনাত পৰি থকা কম্বলখন জোৰকৈ টানি লৈছোঁ। মুখত গুজি দিছোঁ গাৰুটোৰ এটা চুক।
আগতে কাহানিও এনে নাছিলি তই। দিনটো এঘণ্টা আঁতৰি থাকিব নোৱাৰা তই জনীয়ে আজি মোক দূৰলৈ খেদি পঠিয়াব পৰা হ'লি। কি কম। দুৰ্ভগীয়াৰ কেতিয়াও সুখ নাই অ’। কেঁচা মঙহৰ গোন্ধ নোপোৱাকৈ হাবিৰ কচু,বন খাই ডাঙৰ হোৱা মইটোৱে তোক বিচৰাটোৱেই মহাপাপ আছিল নেকি?
মই আৰু নোৱাৰো তৃষ্ণা। মই সামান্য এটি ধূলি-কণা। বিশ্বাস যেতিয়া ভংগ হ'ল মোৰ কণ্ঠই আৰু কাহানিও তোক নিবিচাৰে। তই বহু দূৰলৈ গুচি গলি । মই আজিৰপৰা তৃষ্ণা বুলি কাহানিও মাতিব নোৱাৰোঁ। সুখী হৈ থাকিবি। মই আহিলোঁ তৃষ্ণা।
ইতি
তোৰ ধন
✍🏻পৰেশ দাস,ঢকুৱাখনা
ফোন-৭৬৩৮০০১৮২৮
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ