শিশুসকলক দোষী বুলি কেতিয়াওঁ লেবেল নামাৰিব-কুইন বৰা

Rinku Rajowar
0
আচলতে জন্মসূত্ৰে এটি শিশু বা এজন কিশোৰ কেতিয়াও অপৰাধী হ'ব নোৱাৰে। নিজৰ গুণ আৰু কৰ্মইহে আমাৰ সকলোৰে পৰিচয় বহন কৰে। কেতিয়াবা হয়তো পৰিস্থিতিৰ আহ্বান সাপেক্ষে কিশোৰ এজন অপৰাধজনিত কাৰ্যত জড়িত হৈ পৰিব লগা হয় নাইবা জড়িত হোৱা বুলি সন্দেহ কৰা  হয়। তেনেক্ষেত্ৰত আমাৰ সমাজৰে এচাম মানুহে দোষ বা অপৰাধটো কৰা হয়নে নহয় সেইটো নিৰ্ণয় হোৱাৰ আগতেই তাক এটা লেবেল লগাই দিবলৈ কুণ্ঠাবোধ নকৰে। উদাহৰণস্বৰূপে ধৰি লওক কিশোৰজনক যদি কাৰোবাৰ পৰা চুৰ কৰি কিবা অনা বুলি সন্দেহ কৰি ধৰা হয়, তাক সমাজত চুৰ বুলি লেবেল মাৰি দিয়া হয়। 

               সেইদৰে ডাঙৰ অপৰাধ (অপহৰণৰ লগত জড়িত, ছোৱালী পলুৱাই লৈ অনা, ধৰ্ষণৰ লগত জড়িত আৰু কাৰোবাক মাৰ- পিত কৰা বা একেবাৰে মাৰি পেলোৱা কাৰ্য আদি) কৰা বুলি সন্দেহ কৰা এজন কিশোৰক অপৰাধটো পৰ্যায়ক্ৰমে প্ৰমাণ নোহোৱাকৈয়ে সমাজত কিছুমান ব্যক্তিয়ে কিশোৰ জনৰ পিঠিৰফালে  তেওঁলোকে মানসিক ভাৱে প্ৰস্তুত কৰি লোৱা এটা ডাঙৰ লেবেল মাৰি দিয়ে। আৰু এই লেবেলবোৰ  পিছত নিৰপৰাধী বুলি প্ৰমাণ হ'লেও সমাজতে থাকি গুজেই গঁজালি মেলে। তেনেক্ষেত্ৰত কিশোৰ জনৰ মন- মগজুত কি প্ৰতিক্ৰিয়া হ'ব বা কেনেধৰণৰ বিষাদগ্ৰস্ততাই বাঁহ ল'ব আপোনালোকে এবাৰ সঠিকভাবে কোনো পক্ষপাতিত্ব নোলোৱাকৈ ভাবি চাবচোন। 

                 এজন মনোবৈজ্ঞানীক পৰামৰ্শ দাতা হিচাবে কিশোৰজনৰ মন- মগজু বিশেষভাৱে পৰ্যায়ক্ৰমে বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যয়ন নকৰালৈকে একো তথ্য প্ৰকাশ কৰিব নোৱাৰোঁ। এনে ধৰণৰ কথাবিলাক আমি সাধাৰণ বুলি ধৰি লব নোৱাৰোঁ। কিয়নো বাহ্যিক পৰিবেশৰ প্ৰভাৱৰ ফলতো অপৰাধ নকৰাকৈয়ে সমাজত অপৰাধ কৰা বুলি ধৰি লোৱা কিশোৰজনৰ আচৰণৰ ভেটি এটা গঢ়ি উঠিব পাৰে। সেয়েহে অপৰাধ বা দোষবোৰ চলি - জাৰি নোচোৱাকৈ সমাজত কিশোৰজনক এটা লেবেল লগাই চিনাক্তকৰন কৰিব নালাগে। ই তাৰ ভাৱধাৰা, আচৰণ, আগ্ৰহ আৰু সামাজিক অভিৰুচনৰ ওপৰত প্ৰভাৱ পেলায়। 
        
                 শিশু এজনৰ মানসিক ভাৱধাৰা বিকাশত জন্মৰ পিছৰ পৰাই মাক- দেউতাক, আত্মীয়, ওচৰ- চুবুৰীয়া, খেলৰ গোট, বিদ্যালয়, শিক্ষক, বন্ধু-বান্ধৱী, এজন ব্যক্তিৰ মনোভাব, আগ্ৰহ, ভাৱধাৰা, মূল্যবোধ, ককা-আইতাৰ সাধুকথা, উপন্যাস, গল্প, সংবাদ মাধ্যম, ছপা মাধ্যম আৰু সামাজিকৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱ আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শিশু বা কিশোৰ এজন সৰুৰে পৰাই উক্ত পৰিবেশৰ প্ৰভাৱৰ উৎস সমূহৰ লগত যাতে ভালদৰে মিলি  তাৰ আচৰণসমূহ সুন্দৰকৈ গঢ় দিব পাৰে সেইটো সকলো অভিভাৱকে চকু ৰাখিব লাগে। সময় উকলি যোৱাৰ পিছত মানসিক চাপ বা বিষাদগ্ৰস্ততাত ভোগাৰ পৰিবৰ্তে যদি সকলোৱে উপযুক্ত সময়ত নিজৰ সন্তানক প্ৰকৃত পথৰ সন্ধান দিওঁ তেওঁলোক খুবসম্ভৱ কেতিয়াও  বিপথে পৰিচালিত নহয়। 
আমাৰ সকলোৰে জ্ঞাত যে কিশোৰসকলৰ বাবে শৈশৱৰ পৰা প্ৰাপ্তবয়স্ক হোৱাৰ মাজৰ সময়ছোৱা শাৰীৰিক, আৱেগিক আৰু মানসিকভাবে অতিকৈ গুৰুত্বপূৰ্ণ সময়। এজন কিশোৰৰ মানসিক স্বাস্থ্য সুস্থ সবল হ'লেহে তেওঁৰ প্ৰয়োজনীয়তাসমূহ অনুভৱ কৰিবলৈ সক্ষম হয়। সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকজন অভিভাৱকে কিশোৰসকলৰ আত্ম- মৰ্যদা, আত্ম- বিবেচনা আৰু আত্মসন্মান জগাই তুলিবলৈ চেষ্টা কৰিব লাগে। সিহঁতৰ নিজৰ মাজতেই কিছুমান গোটৰ সৃষ্টি কৰি ভৱিষ্যতে সঠিক পথত আগবাঢ়ি যাবৰ বাবে প্ৰয়োজনীয়তাসমূহৰ সম্ভাৱনাপূৰ্ণ গুণবোৰৰ পূৰ্ণতা  দেখুৱাবলৈ বা অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগে। এনে ধৰণৰ গোট কিশোৰসকল থকা গাওঁৰ সমনীয়া ল'ৰা - ছোৱালীৰ মাজত বা স্কুল, হোষ্টেল, শিশু গৃহ নাইবা পৰিস্থিতি সাপেক্ষে পৰ্যবেক্ষণ গৃহটো খুলিবলৈ চেষ্টা কৰিব লাগে। কিশোৰ গোটসমূহে নিজৰ উদ্দেশ্যত সফল হ'ব পৰাকৈ প্ৰয়োজনীয়তাসমূহৰ সফল ৰূপায়ণৰ চেষ্টা কৰিব লাগে। এই গোটসমূহৰ যোগেদি কিশোৰসকলে সন্মাননো কি আৰু এজন ব্যক্তিৰ জীৱনত ই কেনে ধৰণৰ প্ৰভাৱ পেলায় সেই বিষয়ে সুন্দৰকৈ ধাৰণা কৰিব পাৰিব। লগতে ইয়াৰ দ্বাৰা  সিহঁতে সৰুৰে পৰাই নিজক আত্ম- বিশ্লেষণ কৰি আত্ম মূল্যায়ন কৰিবলৈ শিকিব। 

আহকচোন আমি জানো লওঁ, এই গোটসমূহত কেনে ধৰণৰ বিষয়বস্তু আলোচনা কৰাটো দৰকাৰী। 
             কিশোৰসকলক সদায় নিজৰ সন্মান বজাই ৰাখিবলৈ শিকাব লাগে যাতে সিহঁতক কেতিয়াও কোনেও সন্মান হানি কৰিব নোৱাৰে। সিহঁত বিলাকৰ মনোজগত খনত কষ্ট নিদিয়াকৈ জ্যেষ্ঠসকলে কৰ্ম কৰিব লাগে। অন্যথা সিহঁতক কোনোবাই বেয়াকৈ কলে বা আত্মসন্মানক আঘাত দিলে সেইখিনি দলত বা গোটত আলোচনা কৰি সন্মান ঘূৰাই আনিবলৈ প্ৰয়াস কৰিব লাগে।  এই ক্ষেত্ৰত সিহঁতে কোনোবা অভিভাৱকৰ পৰাও দিহা-  পৰামৰ্শ ল'ব পাৰে। গোটত সুন্দৰকৈ নিজৰ মতামত দাঙি ধৰিব পৰাসকলক দলপতি পাতি দিব লাগে আৰু প্ৰতিটো গোটতে আলোচনা বিলাক যোগাত্মক দিশত গৈছেনে নাই চালি- জাৰি  চাবলৈ সমাজ সচেতন ব্যক্তিসকল (পঞ্চায়তৰ নেতা, স্থানীয় বিদ্যালয়ৰ মুৰব্বী, স্বাস্থ্য বিষয়া, পুলিচ বিষয়া, যুৱনেতা আদি যাৰ যশস্যা বা সামাজিক সফলতা সিহঁতে অনুসৰণ কৰিব বিচাৰে) জড়িত হৈ সিহঁতৰ ভাবৰ আদান- প্ৰদান প্ৰক্ৰিয়াত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। তেতিয়া খুবসম্ভৱ কিশোৰসকলৰ প্ৰয়োজনীয়তাবিলাক সঠিক দিশত আগবঢ়াই নিবলৈ বিশেষ একত্ৰ শক্তি বা বন্ধনৰ উত্তৰণ ঘটাবলৈ সক্ষম হয়। 
             কিশোৰসকলক অভিভাৱকেই হওঁক বা গোটবিলাকতেই হওঁক প্ৰয়োজনীয়তা বিলাক অনুভৱ কৰিব শিকালেহে এক সুৰক্ষিত পৰিৱেশ গঢ়ি তুলিবলৈ সমৰ্থ হ'ব  আৰু সিহঁতৰ আত্মসন্মান, আত্ম-বিবেচনা আৰু আত্মমৰ্য্যদাক সমাজে যোগ্যতাৰ স্বীকৃতি প্ৰদান কৰিব। অন্যথা সিহঁতৰ মন - মগজু কেতিয়াও সঠিককৈ প্ৰয়োজনীয়তাৰ পাঠসমূহে অভিজ্ঞ কৰি তুলিবলৈ সক্ষম নহ'ব।  
            এইখিনিতে মই এটা উদাহৰণ দিওঁ।
যদি এজন যোগ্য ব্যৱসায়ীয়ে সমাজত উচ্চ- খ্যাতি বা যশ প্ৰতিষ্ঠা কৰে, তেন্তে তেওঁ কেতিয়াওঁ কাম পাবৰ কাৰনে চিন্তা কৰিব নালাগে। কাৰণ তেওঁ ইতিমধ্যে কামৰ দ্বাৰা সমাজত স্বীকৃতি লাভ কৰিছে। এতিয়া আৰু তেওঁ নিজক শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ প্ৰয়োজনীয়তা নাই। লগতে তেওঁ কেনে ধৰণৰ কাম কৰিব সেইটো বিবেচনা কৰিব জানে তথা ভাল বেয়াৰ পাৰ্থক্য জানে। 
          সেয়েহে মাক- দেউতাক , অভিভাৱক আৰু সমাজৰ সচেতন ব্যক্তিসকলে সদায় শিশু তথা কিশোৰসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিহে সঠিক সময়ত উপযুক্ত সিদ্ধান্তবোৰ  গ্ৰহণ কৰিব লাগে যাতে সিহঁতৰ আবেগ- অনুভূতিত অকণো ক্ষতি নকৰে।

✍️কুইন বৰা, নগাওঁ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)