সাঁথৰ ফকৰা-যোজনা - ভাৰতী গগৈ বৰুৱা

Aditi Tanti
0
আগতে আমাৰ গাঁৱলীয়া সমাজত ককা-আইতাহঁতে কথাই কথাই ফকৰা - যোজনা মাতিছিল । সাঁথৰৰ অৰ্থ ভাঙিবলৈ দি সকলোকে চিন্তাত পেলাইছিল । নিজৰ ককা - আইতাক দেখাৰ সৌভাগ্য আমাৰ নহ'ল । ঘৰৰ কাষৰ আইতা এগৰাকী সদায় আহিছিল ,কপাহৰ দৰে ধকধকীয়া বগা চুলি । চেহেৰা ৰাজমাওৰ নিচিনা । মুখত তামোলৰ সেলেঙি লগা । পিন্ধনত মুগাৰ মেখেলা ,বুকুত মেঠনি মৰা মুগাৰ ৰিহা । তাৰ ওপৰত এখন আশী সূতাৰ গুণা ফুলৰ চেলেং । তেখেতে ঘৰত ব্লাউজ নিপিন্ধিছিল । কেতিয়াবা ফুৰিবলৈ গ'লেহে পিন্ধিছিল । গাখীৰ দিয়া চাহ নাখাইছিল ,গুৰ আৰু চেনিও। জলপানৰ লগত হ'লে গুৰ দৰকাৰ । আন দুজনমান ককাও আহিছিল মাজে মাজে ৰেডিঅ'ত দিয়া নাটক শুনিবলৈ। বহুত কথা আমাক শিকাইছিল। মাছ ধৰিবলৈ সৰু সৰু জাকৈ-খালৈ সাজি দিছিল। মাষ্টৰ নিচাদেউ ,আচল নাম ''খগেন্দ্ৰনাথ বুঢ়াগোহাঁই '' । তেখেতে আহি দেউতাৰ লগত দৰকাৰী ঘৰুৱা কথা পাতিছিল।

                     এজন ককাই আমাৰ ঘৰলৈ আহিয়েই নানা কথা কৈছিল । কেতিয়াবা পোনপটিয়াকৈ কথাবোৰ নকৈ চিন্তা কৰিবলৈ সুযোগ দিছিল । উদাহৰণস্বৰূপে -''এফালে ন ঘৰ এফালে ছঘৰ ,পহু মাৰে সাতোটা ঘৰে প্ৰতি একোটা ''। ভাবিব লগা কথা। পাছত অৱশ্যে বুজাই দিছিল ,এফালে এঘৰ নতুন ( ন ) মানুহ আৰু আনফালে ছঘৰ ,মুঠতে সাত ঘৰত সাতোটা পহু , কি মজা ! ''কি চাইছ মোক , গিলি থ'ম তোক । চাবহি মোক ,নিবহি তোক ( চেপা ) । বগা বগা চাহাবৰ ৰঙা ,ক'লা টুপী । এক চাট মাৰি দিলেই উঠে জ্বলিপকি ( জুইশলা , দিয়াচলাই ) । গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ , ইনো কি নিলাজৰ সঁচ ( মাটিকঁঠাল , আনাৰস ) । খাল , বিল শুকাই গ'ল ,গছৰ ওপৰত পানী ৰ'ল ( নাৰিকল ) । কৈ মৰিল কোন , নকৈ মৰিল কোন । দি মৰিল কোন ,নিদি মৰিল কোন ? ( জটায়ু ,জয়মতী ,দধীচি ,দুৰ্যোধন) । নমতাকৈ বিয়া ঘৰৰ ৰভা তল ভৰিল । বিয়াৰ পিছত কইনাজনী পানীত পৰি মৰিল (পূজাৰ প্ৰতিমা ) । ৰঙাকৈ বামুণটি খোজটি খৰ । দিচাংমুখত দেখি আহিছোঁ দিখৌমুখত ঘৰ ( বেলি ) । ''

                      আমি সৰু হৈ আছিলোঁ । আমাৰ ঘৰলৈ দুজন মানুহ প্ৰায় সঘনে আহিছিল । চাইকেল চলায় । ৬ /৭ কিঃমিঃ দূৰৰ পৰা । এজন নিচাদেউ আছিল । দেউতাৰ ভিনিয়েক । মাণিক চন্দ্ৰ গগৈ । চেৰেকাপাৰত ঘৰ ,ধোবা পুখুৰীৰ পাৰত । আনজন তাৱৈদেউ ,''দীননাথ গগৈ''। ঈশ্বৰৰ কৃপাত তাৱৈদেউ এতিয়াও কুশলে আছে । আঠত্ৰিশ বছৰৰ আগতে দেউতা ঢুকাল । তথাপি আমাৰ সম্পৰ্ক এতিয়াও একে আছে । তেখেত আমাৰ পিতৃতুল্য । আমাৰ নিচাদেউজন বহুত বছৰৰ আগতেই এই ধুনীয়া পৃথিৱীখনৰ পৰা গ'লগৈ । আৰু এজন মানুহ আহিছিল । সম্বন্ধত তেখেত আমাৰ ভিনিদেউ ,দেউতাৰ ভাগিন - জোঁৱাই । ৰজনী গগৈ ,শিক্ষক । লালিম গাঁৱৰ , চেৰেকাপাৰ। তেখেতে সততে আমাৰ পঢ়া -শুনাৰ খবৰ লৈছিল ।

                      নিচাদেউ আৰু তাৱৈদেউ আহিলেই আমাৰ ভাই -ভনীৰ গাত তৎ নাইকিয়া হৈছিল । সোনকালে খুৱাই-বোৱাই আজৰি হৈ লৈছিলোঁ ,যাতে সাধুকথা ,সাঁথৰ ,ফকৰা-যোজনাবোৰ শুনিবলৈ বেছি দেৰি বাট চাব নালাগে । আৰম্ভ কৰেই , ''দিয়াচোন দিয়া , চাৰে বিশখন গাঁৱৰ হিচাপ দিয়া '' । আমি নোৱাৰিলে উত্তৰটো কৈ দিছিল ,নগাঁও ,ছয় গাঁও ,চাৰি গাওঁ , ডেৰ গাঁও ( দেৰগাঁওহে শুদ্ধ ) । এডাল মাৰলি দুখন চাল । দৰকাৰ হয় সৰ্বতিকাল ( কলপাত ) ।ওপৰত ছাতি ,তলত লাঠি । গুৰিত আলু , খাবলৈ পালোঁ ( বৰ কচু ) ।

                      আমাক আকৌ ,আইলৈ যেই হাত ,বাইলৈ সেই হাত ,আঁঠুৱা চাই ঠেং মেলা ,তোমাৰ বাৰীৰ বাঁহ গাজ তাৰে বনাওঁ খৰিচা ,তোমাকে দি ধান দোণ লওঁ কথাটো মন কৰিছা । এনে লাগিছিল যেন আমাৰ ওচৰ ঘৰীয়াই আমাৰ বাৰীৰ বাঁহ গাজকে নি আমাৰ ঘৰত খৰিচা খাবলৈ দিছিলহি । এচৰু ভাতৰ পিটিকিলে এটি । তত্ত্ব পোৱা যায় সকলোটি । এশ গৰু মাৰিলে বাঘৰো মৰণ ,মাকে চায় মুখলৈ তিৰোতাই চায় হাতলৈ ,কুটাৰ ঘৰৰ কুটি ,লোকলৈ হুল পুতি নিজে মৰে ফুটি ,শালকে শিঙিয়ে হাঁহে , তয়ো একাজী ময়ো একাজী ভালেতো গৰাকী নাহে । লাগ বুলিলে নালাগে ,বেলেগ হ'বলৈ লাগে ( দুই ওঁঠ ) ।গাঁৱত আছে নগৰত নাই , হাঁহত আছে কুকুৰাত নাই ( চন্দ্ৰবিন্দু ) ।। সোণাৰীয়ে সোণ চিনে ,বৰাই চিনে কচু । কথাচহকীয়ে কথা চিনে হাঁহে চিনে কেঁচু । ওপৰেদি উৰি যায় নহয় শৰালি , থাপ মাৰি মাছ ধৰে নহয় বিড়ালি ( জাল ) । ক'লাকৈ পাহাৰত ক'লী গাই চৰে ,দুই আঙুলিয়ে ধৰি টেপা মাৰি মাৰে ( ওকণি ) । মাত আছে মানুহ নাই ,ঘৰ আছে দুৱাৰ নাই ( ৰেডিঅ' )। সাত পুৰুষত নাই গাই ,কঁৰীয়া লৈ খীৰাবলৈ যায় । বনৰ বাঘে নেখালেও মনৰ বাঘে খায়। দিনৰ পৰ্বত ৰাতিৰ জুই । তাক নেখেদি থাকিবা শুই ।

                      পূৰ্বৰে পৰা সাঁথৰ , ফকৰা - যোজনা , পটন্তৰ আদি মানুহৰ মুখে মুখে চলি আহিছে । সেইবাবে এইবোৰ লোক সাহিত্য বা মৌখিক সাহিত্য । ইয়াক সংগ্ৰহ কৰি কিতাপ আকাৰে প্ৰকাশ কৰা হৈছে যদিও বহুত সংগ্ৰহ কৰিবলৈ বাকী আছে । এইবোৰ ব্যৱহাৰ নকৰাকৈ থকাৰ ফলত মানুহে এটা সময়ত পাহৰি যাব । তাৰ মাজতো হয়তো কিছুমান হেৰাই গ'ল । বহুল প্ৰচাৰিত অসম বাণীত কথাচহকী ভলভলীয়াৰ কলমত ,আকাশ বাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি প্ৰচাৰ হোৱা 'পুতাইলৈ চিঠি' ত ইয়াৰ প্ৰয়োগ হৈছিল । হাতীৰ শুৱনি দাঁতে , তিৰোতা শুৱনি মাতে । সভাত থাকি নকয় উচিত দোষে পায় কিঞ্চিত কিঞ্চিত । পঢ়ে পঢ়ায় ৰুৱে পাণ । এই তিনিয়ে নিচিন্তে আন। আহু চাবা গধূলি ,শালি চাবা পুৱা ,জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা । আমি তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ প্ৰধান শিক্ষক আছিল শ্ৰদ্ধেয় জীৱেশ্বৰ শৰ্মা ( প্ৰয়াত ) ছাৰ । প্ৰতি শনিবাৰে আমাক বিদ্যালয় ছুটী হোৱাৰ পাছত সাধুকথা ,সাঁথৰ ,ফকৰা - যোজনাবোৰ কৈছিল । আমি বহুত অপেক্ষা কৰিছিলোঁ সপ্তাহৰ এই শেষৰ দিনটোলৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)