এই সময় দুঃসময় - সবিতা দাস

Aditi Tanti
0
এই সময় দুঃসময়
অন্ধকাৰাছন্ন সময় ।

আমি পক্ষী 
শান্তি বিচাৰি 
পোহৰ বিচাৰি 
অন্ধকাৰ নেওচি 
বাধা নেওচি 
উৰিছোঁ অসীমলৈ ।

ৰ'দ-বৰষুণ একাকাৰ
আন্ধাৰৰ মাজে মাজে 
উৰিছোঁ মাথোঁ উৰিছোঁ 
নাই অলপো জিৰণি ।

সময়ৰ আহ্বান
সাহসী হোৱা
সংগ্ৰামী হোৱা 
ধৈৰ্য্যশীল হোৱা
দায়িত্বশীল হোৱা 
ইতিবাচক চিন্তাৰে খোজ দিয়া
তোমাৰ পথত ।

এই সময় দুঃসময়
থমকি ৰ'লে পৰাজয় নিশ্চিত ।

পৰাজয় নহয় আমাৰ লক্ষ্য 
আমি কৰিছোঁ 
পাখি দুখনি সবল 
ভাগৰি নপৰো আমি
আগুৱাই যাম ,আগুৱাই যাম...
শান্তিৰ দিশে...
পোহৰৰ দিশে...
সফলতাৰ দিশে...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)