মোৰ দুচকুত জিলিকি ৰ'ব
সদায় পিতাইৰে দুভৰি ।
দুখ-যন্ত্ৰণাৰে ভৰা পিতাইৰ জীৱন
নাই কোনো প্ৰাপ্তি-অপ্ৰাপ্তি
পিতাইৰ মুখত বিৰিঙি থাকক
সেই মিঠা-আলসুৱা হাঁহি।।
যি বাটত আছিল আমাৰ
শৈশৱৰ ৰ'দৰ লৰা-ধেমালি ,
সেই বাটত আছিল পিতাইৰ
ভাগৰুৱা দুভৰি
পিতাই সেই বাটেৰে গৈছিল।।
পিতাইয়ে বোকা-পানীৰ উচুপনি শুনিছিল
বুজি পাইছিল ৰ'দ বৰষুণৰ মিলনৰ ভাষা।
বুজি পাইছিল ৰ'দে পাখি কটা
চৰাইৰ দুৰ্বল শৰীৰৰ নিনাদ।।
পিতাইয়ে সেই বাটেৰে বাট বুলিছিল...
পিতাইৰ জিৰণি নাছিল
পিতাইৰ আজৰি নাছিল
ক্ষণে ক্ষণে বেলিয়ে হৰণ কৰিছিল
পিতাইৰ ভাগৰুৱা শৰীৰৰ ৰস ।
নিমখীয়া পথাৰত পিতাইয়ে গাইছিল
সপোনৰ সেউজীয়া গান।।
সময় নিৰন্তৰ গতিশীল
বৈ থাকে নৈ খন
ৰৈ যাব খোজা পিতাইৰ ভাগৰুৱা দুভৰিত সাবটি ধৰে একাঁজলি জ্যোতি।
ৰৈ যাব খোজে পিতাইৰ বুকুৰ উশাহ
তথাপি আঘোণলৈ ঠন ধৰি উঠে
পিতাইৰ ৰূপালী আশাবোৰ।।