সৌ তাহানিতেই ককা-দেউতাই কৈছিল ,
মানৱ জীৱনটো হেনো
যান্ত্ৰিক যুগ হ'ব ।
মানুহৰ কৰ্মব্যস্ততা বাঢ়িব ,
সম্পৰ্কবোৰ পুৰণি হ'ব ।
আৰু কিবা বোলে যন্ত্ৰ মানৱ আহিব ।
অ' এতিয়া পৰিছে মনত ,
কথাবোৰ চোন সত্যতাৰ
কৱলত ।
সেইটো হʼবলা যন্ত্ৰ মানৱ ,
তাৰেই নাম চাগৈ ৰবট।
ৰবটৰ ঠাইত এতিয়া মানুহৰ কিহৰ
প্ৰয়োজন ?
যন্ত্ৰই পূৰাব এতিয়া সকলো প্ৰয়োজন ।
সৌ তাহানিতেই কোৱা কথা ,
আজি পৰিছে মনত ।
মানুহৰ হাত দুখনি ,
কৰ্মহীন জীৱনৰ এক
জীয়া প্ৰতিচ্ছবি ।
সকলো যন্ত্ৰৰে পৰিচালিত ,
এলেহুৱা জীৱন যেন আমাৰ কাম্য ।
যান্ত্ৰিকতাৰ যুগত ,
লাহ-বিলাহৰ ক্ষণত
অকামিলা জীৱনৰ ,
হাৰি যোৱা খেলৰ নামত ।
জ্বলিছে মাথোঁ এখন ,
উত্তপ্ত জীয়া ছবি ।
সৌ তাহানিতেই কোৱা কথা ,
আজিচোন আকৌ পৰিছে মনত।
যান্ত্ৰিক যুগ ,ৰবটৰ দ্বাৰা পৰিচালিত ,
মানুহৰ জীৱন কৰ্মেৰে প্ৰতিফলিত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ