বহু সোঁতৰ হেন্দোলনি ,
বিসর্জন দি থৈ আহিলোঁ বহু
নেতিবাচক চিন্তা আৰু অতীত ৷
সাগৰৰ ঢৌৱে
খুন্দিয়ালে মোৰ ভৰিত ,
কৰিলোঁ বহু ধেমালি
এটি সোণালী আবেলিত ৷
নীলা আকাশখনো হ'ল
বহু ধেমালিৰ সাক্ষী ৷
সাগৰে মোৰ মনক
কৰি তুলিলে পুলকিত ......
চন্দ্ৰভাগাৰ তীৰত
মই হৈ পৰিলোঁ
হাঁহিৰ খিলখিলনিৰে
মুকলি মনেৰে
বিচৰণ কৰা এজাক পক্ষীৰ লগৰী ।