আৰু
তুমি
তোমাতেই বিলীন মই
প্ৰতিটো উশাহে - নিশাহে
মোৰ ভাৱৰ বুৰ বুৰণিয়ে কʼয়
মই হেনো তোমাৰেই
মোৰ ভাৱনাবোৰে যে আৰু
কিযে কৰোঁ আৰু
অকল তুমি তুমিয়েই লাগি থাকে
সপোন বোৰে যে মোৰ আৰু
কিযে কৰোঁ আৰু
কʼতেনো হেৰাল সেই
নাকৰ ঘূৰ ঘূৰণি মৰা
টোপনি বোৰ
কʼতেনো হেৰাই গʼল
টোপনিত ভূতে খেদি ফুৰা
সপোন বোৰ
ৰাতিৰ সপোন বোৰটো
বাদেই দিয়া
দিঠকতো এতিয়া চোন
তুমিহে খেদি ফুৰা
কিযে কৰো আৰু
ধেৎ তেৰি
মই নোৱাৰোঁ আৰু দেই
তোমাক লৈ ইমান
লিখি থাকিবলেৈ
মই জানো
তোমাৰ বাবেই মই
ধেৎ তেৰি
মই কʼলেই হʼব জানো সকলো
তোমাৰ বা কি মন
মইতো একো নাজানোঁ
এতিয়া কোৱা আৰু
তুমি ...? ।।
✍️নয়নমণি কলিতা।