নীলা খামৰ চিঠি-জিতা মনি শৰ্মা

 মৰমৰ সখী,

       তুমি নিশ্চয় কুশলে আছা। নেদেখা জনৰ কৃপাত ময়ো কুশলে আছোঁ । চাওঁতে চাওঁতে ফাগুনৰ পচোৱাই চাদৰৰ আঁচল উৰুৱাই, গছৰ পাত প্ৰকৃতিৰ চোতালৰ বুকুত সৰাই, দূৰনিত কুলি-কেতেকীৰ বিননি শুনাই, পলাশ, মদাৰ শিমলু, অশোক, কামিনী,  কাঞ্চন, নাহৰৰ হাঁহিৰে সুখৰ হাঁহি বিলাই বসন্তক আদৰিবলৈ কৈ চ'তৰ চকৰিত বহাগলৈ ঢাপলি মেলিছে।তাকে দেখি মোৰ চোতালৰ শালিকা,ঘৰচিৰিকা,কপৌ চৰাই কেইটায়ো আপোন ভাষাত কি যে কথা পাতিছে। চেমনীয়াসকলে কি কৰিছে জানা,গছে পিন্ধি লোৱা কুঁহিপাত জিভাৰ আগত লৈ সুহুৰি মাৰিছে।
    তোমাৰ মনত পৰেনে সেই দিনবোৰৰ কথা, তুমিয়ে -ময়ে মুকলি পথাৰত বতাহী হৈ বতাহৰ লগত দৌৰা, বগা হৈ পৰি থকা বগা বগলী জাকক উৰুৱাই দিয়া, শামুক ভঙা চৰাই দেখিলে আলিয়ে আলিয়ে দৌৰি দৌৰি দ'লনিৰ কাষ পাই সিহঁতৰ চিকাৰ চোৱা, পথাৰৰ মাজত আগতীয়াকৈ লগা আমকলি বোৰ বুটলি খোৱা, মুঠি মুঠি ধূলি বতাহত উৰুৱাই দিয়া আৰু যে কিমান আনন্দ কৰিছিলোঁ। সেইদিন অতীত হ'ল। আজিৰ যান্ত্ৰিকতাৰ বতাহত সেইবোৰ আনন্দ কিবা যেন বতাহতহে মিলি গ'ল। কিন্তু তোমাৰ-মোৰ অন্তৰত সেই আনন্দ স্মৃতি হৈ থাকি গ'ল । তুমি কি দৰে অনুভৱ কৰা মোলৈ লিখিবলৈ নাপাহৰিবা দেই । মই তোমাৰ চিঠিলৈ আশাৰে বাট চাম ।
                                 ইতি
                               তোমাৰ মৰমৰ সখী
✍️জিতা মনি শৰ্মা
     জখলাবন্ধা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send