কৰ্ফুল~প্ৰবন্ধ-ভাৰতী গগৈ বৰুৱা

©Admin
0
আমাৰ অসমীয়া মানুহৰ এটা পুৰণি অভ্যাস হ'ল ঘৰলৈ কোনোবা আলহী - অতিথি আহিলে তামোল- পাণৰ বটাটো লৈ তামোল এখন আগবঢ়াই দিয়াটো । সেই তামোলৰ লগত পাণ , চূণ , চফ ( গুৱামুৰি ) , ধঁপাত আদি থাকে । পাণৰো আকৌ ভাগ আছে । গান পাণ , জাতি ( অসমীয়া ) পাণ , আউনী পাণ আদি । মিঠা পাণ বুলিও এবিধ আছে । চাহ - জলপান , ভাত আদি খোৱাৰ পাছত মুহুদি ( মুখ শুদ্ধি ) হিচাপে এইবোৰ খোৱা হয় । তাতে সেলেঙি লগাই খোৱাটো আছেই । অৱশ্যে আজিকালি তামোল - পাণ খোৱা মানুহৰ সংখ্যা কমিছে । তাৰ সলনি বহুতে গুৱামুৰি, লং , ডালচেনি , শুকান শিলিখা , সৰু সৰুকৈ কটা শুকান আদা , ক'লা নিমখ সানি থোৱা শুকান আমলখি , ভোমোৰা , শিলিখা আৰু আমলখি শুকুৱাই একেলগে গুৰি কৰি প্ৰস্তুত কৰা ত্ৰিফলা আদি খোৱাৰ অভ্যাস কৰিছে । নিজে প্ৰস্তুত নকৰিলেও আজিকালি বজাৰত এইবোৰ সততে পোৱা যায় ।
              আমি আগতে সৰু হৈ থাকোঁতে কোনোবাই বিদ্যালয়লৈ বহঁতৰ ছাল , কৰ্ফুলৰ (কৌফুল ) শিপা এডোখৰ আনিলেই টনা - আঁজোৰা লাগে । চিকুটি চিকুটি ভাগ কৰিব লগা হয় । অৱশ্যে আজিকালি ছালি হিচাপে খোৱা বহঁত , কৰ্ফুল আদি পাবলৈ নোহোৱা হৈছে । আগতে মানুহে তামোলৰ লগত ডেৱা - ছালি ( বহঁত ) খাইছিল। এই গছজোপা কঁঠাল গছৰ দৰে । অলপ টেঙা ফল ধৰে । পকিলে অলপ মিঠা হয় । গছৰ ছাল তামোলৰ লগত ছালি হিচাপে ব্যৱহাৰ কৰিছিল । সেয়ে বোধ কৰোঁ তামোল - ছালি খোৱা বুলি কোৱা হয় । অৱশ্যে আজিকালি ছালি হিচাপে খোৱা বহঁত , কৰ্ফুল আদি পাবলৈ নোহোৱা হৈছে । এনে হ'লে মানুহে এইবোৰ ব্যৱহাৰ কৰাৰ কথা এসময়ত পাহৰি যাব । নতুন চামৰ বাবে একেবাৰে অচিনাকি হৈ পৰিব । 

              কালি লতা- বেলজোপা কোনোবাই কাটি পেলোৱাৰ দুখতে লতা - বেলৰ কথা লিখিছিলোঁ । আজি আকৌ মোৰ মন গ'ল বাৰীত ৰুই থোৱা কৰ্ফুল গছজোপা আছেনে নাই চাবলৈ । পিছে এইজোপাত একো আঘাত হোৱা নাই । ঠিকমতে আছে । তৰা গছৰ নিচিনা এই গছজোপা দেখিবলৈ বৰ ভাল । ই সেউজীয়া পাতেৰে ওখ হৈ পৰে । ইয়াৰ গুৰিত থকা শিপা তামোলৰ লগত খায় । এনেয়েও খোৱা হয় । ইয়াৰ সুগন্ধই মানুহক আকৰ্ষণ কৰে । শিপা এডোখৰ টুকুৰা কৰি কাটি  
সৰু সৰুকৈ খোৱা হয় । এবাৰ ঘৰৰ পৰা কৰ্ফুল নি আমাৰ বৰপুত্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰীলেণ্ডৰ বন্ধু - বান্ধৱীক দেখুৱাইছিল । 

✍️ভাৰতী গগৈ বৰুৱা 
 ধেমাজি 
              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)