আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব~অনুভৱ-চিন্ময় ডেকা

©Admin
0
আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব? কোনে কান্দিব, কোনে নাকান্দিব? সেইবোৰ দেখা পোৱাটো অসম্ভৱ। সংসাৰত কোনো মৃতকৰ বাবেই ই অসম্ভৱ। তথাপি মোৰ মৃত্যুত কোনে কান্দিব? মোৰ উত্তৰ কি হ'ব? এইবোৰ প্ৰশ্ন কৰিছোঁ বাবেই হয়তো আপোনাৰ টিঙিচকৈ খং উঠিব। আপুনি মোক চিধাই পাগল বুলি ভাবিব। উপায় নাই মনত জাগ্রত হৈছে যেতিয়া ক'বই লাগিব। 
           ক্ষমা কৰিব, মাথোঁ মৃত্যু অপৰাজেয়! মোৰ সংকীর্ণ মনে জানিবলৈ বিচাৰে। বৰঞ্চ আজি সুধিবলৈ মন গৈছে, বৰ্তমান যান্ত্রিকতাৰ যুগত আধুনিকতাৰ পৃথিৱীত বিলীন হৈ নিজৰ পিতৃ,মাতৃ, ভাই,ভনী তথা সমন্ধীয় সকলক চিনি নোপোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। এই যুগটো বৰ নিষ্ঠুৰ হৈ পৰিছে। য'ত অনাকাংক্ষিত মৃত্যুৱে ছানি ধৰিছে সমগ্ৰ বিশ্বজুৰি। মমতা, আন্তৰিকতা, সৌহাৰ্দ্যপূর্ণ মনোভাৱ দিনক দিনে লোপ পাব ধৰিছে, ফলশ্রুতিত জীৱনটো এটি পুতলাৰ সমতুল্য হৈ পৰিছে। উচ্ছৃংখলতাৰ পৰিৱেশৰ প্ৰশ্ৰয় দি যুৱপ্ৰজন্মক বিপদ তথা অন্ধকাৰৰ দিশত ধাৱমান হোৱাটো পৰিলক্ষিত হৈছে, যেনেদৰে আজি কালি নিজ পুত্ৰ সন্তানৰ হাতত জন্মদাত্রী পিতৃ-মাতৃৰ প্ৰাণ যাব লাগিছে,  প্ৰেমিকৰ হাতত প্ৰেয়সীৰ, পতিৰ হাতত পত্নী অন্যহাতে পত্নীৰ হাতত পতিৰ কৰুণ মৃত্যু হ'বলৈ ধৰিছে; অৰ্থাৎ আজিৰ দিনত আপোন মানুহৰ হাততেই মৃত্যু সুলভ। বিশ্বাসৰ মাত্ৰা ক্ৰমশঃ ম্লান পৰিবলৈ লৈছে। তদুপৰি নিজৰ স্বাৰ্থৰ বাবে এজন লোকক হত্যা কৰি মাৰি পেলায় দিয়াটো সহজ হৈ পৰিছে, মাথোঁন সকলো আত্মকেন্দ্রিক মনোবৃত্তি দিশত অগ্রসৰ আধুনিকতাৰ পৃথিৱীত। ইমানেই নিকৃষ্ট মানসিকতাৰ বাবে সমাজত ক'ত কি হৈছে, কোনে কাক মাৰিলে,কোনে কি কৰিলে এইবোৰ খবৰৰ গুৰুত্ব দিবলৈ আহৰি নাই? কোনোবা দুৰ্বৃত্তই নিৰংকুশ হত্যা কৰি মৃতদেহ পেলায় থৈ গ'লেও প্ৰতিৱেশীয়ে গ'ম নাপায়। মৃতদেহ গলি-পচি দুৰ্গন্ধ নোলোৱালৈকে ওচৰ-চুবুৰীয়াই খবৰেই নাপায়। এনে যান্ত্রিকতাৰ যুগত আপোনাৰ মৃত্যুত কোনোবাই চকুলো টুকিব বুলি আশা কৰেনে? 
সম্প্ৰতিক সময়ৰ আধুনিকতাৰ যুগত আপুনি বাৰু অলপ সময় উলিয়াই নিজক প্ৰশ্ন কৰিছেনে? 
মোৰ মৃত্যুত কোনে চকুলো টুকিব -------- মনত বাৰুকৈয়ে প্ৰশ্ন হয়?
     কথা শিল্পী হোমেন বৰগোহাঞিৰ ভাষাত ----- ''জীৱনৰ অনিবার্য পৰিণতি হৈছে মৃত্যু। মৃত্যুক কোনেও জয় কৰিব নোৱাৰে। মৃত্যুক সুন্দৰ ভাৱে গ্ৰহণ কৰিৰ পৰাটোহে হ'ল জীৱনৰ অন্তিম বাৰৰ বাবে কৰিব পৰা এটি আটাইতকৈ উত্তম কাম।''
  সন্দেহ নাই আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব, ইয়াক অনুভৱ কৰিব লাগিব কিন্তু ইয়াক দেখা পোৱাটো অসম্ভৱ। কোনো মৃতকৰ বাবেই ই সম্ভৱ নহয়। কিয়নো জীৱনৰ সৌন্দৰ্য নিহিত হৈ থাকে মৃত্যুত। জীৱনৰ পৰিকাঠামো সংগ্ৰাম কৰাটো মৃত্যুয়েহে মূল্যায়ন কৰে জীৱনৰ প্ৰকৃত অৰ্থ। যদিহে মৃত্যু এটা শিল্পলৈ পৰিণত হয়, তেতিয়া অৱশ্যেই আপোনাৰ মৃত্যুত হেজাৰ জনে চকুলো টুকিব লগতে সমগ্ৰ পৃথিৱীয়ে কান্দিব। মৃত্যু মানেই হৈছে এক প্ৰকাৰৰ জীৱনৰ অৰ্থ পৰীক্ষা। যদি মৃত্যু অৰ্থহীন হয়,তেন্তে জীৱনটোও অযুক্তিকৰ। মৃত্যুক আঁকোৱালি ল'লেহে জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পোৱা যায়। মানুহ জীৱন এটা চিৰপ্ৰবাহিত বা অসমাপ্ত প্ৰক্ৰিয়া,য'ত মৃত্যুৱে সকলো নিঃশেষ কৰিব নোৱাৰে, সমাজত ভাল বেয়া কামৰ নিৰ্ধাৰণত ইতিহাসৰ পাতত নাম অন্তভুর্ক্ত কৰা বহু তেনে ব্যক্তি আছে, যি আমাৰ জীৱনৰ প্ৰেৰণা, উৎসাহ, উদ্দীপনা সকলো।
      গতিকে আমি মৃত্যুলৈ ভয় কৰিব নালাগে।তাৰ পৰিবৰ্তে নিজ কৰ্মৰ প্ৰতি শ্ৰদ্ধা অক্ষুণ্ণ ৰাখি পৰম মিত্ৰ জ্ঞান কৰি হাঁহি হাঁহি আদৰি ল'ব লাগে। বিশ্বাস আৰু একাগ্ৰতা তথা কৰ্ম নিষ্ঠাৰে জীৱনৰ সঠিক পথৰ সন্ধানত অগ্ৰসৰ হোৱাটো অনিবার্য। 

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)