বৰ্ণালীৰ চকুলো-মনালিছা বৰুৱা

©Admin
0
পশ্চিমৰ আকাশত লাহে লাহে বেলিটিয়ে বিদায় মাগিছে এই চিৰসেউজীয়া পৃথিৱীৰ পৰা , বিদায় মাগিছে দিনটোৰ পৰা‌ , বিদায় মাগিছে মানৱকুঞ্জৰ পৰা। পশ্চিমৰ আকাশত ডুব  যোৱা বেলিটোলৈ বৰ্ণালীয়ে একে থিৰে চাই ৰৈছে ।বেলিটোলে চাই চাই লাহে লাহে তাইও ডুব গৈছে কল্পনাৰ জগতত । তাইৰো আছে এটি সপোন , যিটো সপোনে আকাশ চুবৰ ইচ্ছা কৰে । তাই ভাৱিছে তাই এদিন ডাঙৰ মানুহ হ'ব । তাইক সমাজত সকলোৱে চিনি পাব । তাইৰ পৰিয়ালটো এখন সভ্য সমাজত বাস কৰিব । তাই মাক-দেউতাক , ভায়েক-ভনীয়েক দুটাক সভ্য মানুহৰ মাজলৈ লৈ যাব। য'ত সিহঁতে এটি সুন্দৰ ঘৰত বাস কৰিব। সিহঁতে আন ল'ৰা-ছোৱালীৰ দৰে স্কুললৈ যাব। দুবেলা দুমুঠি খাবলৈ পাব। সন্ধিয়া নামি অহাৰ লগে লগে তাইও ভাৱ সাগৰত বেছি গভীৰ হৈ গৈছে।

 বৰ্ণালী এজনী অঘৰী জীয়ৰী । তাইৰ ঘৰ পদপথত । ঘৰ মানে এখন ফটা পানী কাপোৰৰ তলত ৰাস্তাৰ কাষত বাস কৰে সিহঁতে । সিহঁতৰ জীৱন সংগ্ৰাম বৰ কষ্টকৰ ।জহৰ দিনত মহৰ কামোৰ আৰু বৰষুণৰ পানীৰ মাজতে দিন কটায় । জাৰৰ দিনত গৰম কাপোৰৰ অভাৱত   সিহঁতে ইটোৱে সিটোক সাবটি কঁপি কঁপি জাৰৰ নিশা পাৰ কৰে । বাট চাই ৰয় ৰাস্তাৰে পাৰ হৈ যোৱা মানুহবোৰলৈ , কিজানি কোনোবা মানুহে সিহঁতক এখন কাপোৰ দিয়ে। কিন্তু সিঁহতৰ আশা আশা হৈয়ে থাকে। পুৱাই মাক-দেউতাক দুয়োজনে সিহঁতৰ বাবে খাবলৈ কিবা বিচাৰি যায় আৰু ঘৰত তাই ভায়েক-ভনীয়েক দুটাক চায় । মাক-দেউতাকে দিনটো ভিক্ষা কৰি কেতিয়াবা আনে দুটুকুৰামান জ্বলা ৰুটি নতুবা আনৰ ঘৰৰ পেলনীয়া ফল-মূল । যিবোৰ খাই সিহঁতৰ পেটৰ ভোক কেতিয়াও নুগুচে । যিদিনা  মাক-দেউতাকে খাবলৈ একো বিচাৰি নাপা‌য় তেতিয়া সিহঁতৰ ইটোৱে সিটোৰ মুখলৈ চায় পেটৰ ভোক গুচায় । এয়াই সিহঁতৰ অঘৰী জীৱন।

কেতিয়াবা কেতিয়াবা বৰ্ণালীও ওলাই যায় , ঘৰখনৰ বাবে খোৱা বস্তু বিচাৰি । তেতিয়া তাই বাস্তৱতাৰ সতে   সন্মুখীন হয় । তাই যেতিয়া  ৰাস্তাৰে যোৱা ধুনীয়া ধুনীয়া কাপোৰ পিন্ধা ,দামী দামী গাড়ীত বহি থকা মানুহবোৰৰ ওচৰলৈ গৈ হাত দুখন আগবঢ়াই কিবা এটা বিচাৰে , তেতিয়া মানুহবোৰে কিবা-কিবি কৈ তাইক খেদি দিয়ে । কিছুমান অসভ্য ব্যক্তিয়ে আকৌ ধমকি দি গুচি যায় । যিবোৰ মানুহে দামী দামী বস্তু কিনি গাড়ীত বহি খাই থাকে , নোখোৱাবোৰ পেলাই দিয়ে । অথচ মাগি খোৱা ছোৱালীজনীক দিবলৈ সিহঁতৰ হাতত একো নাথাকে । দুই-এজন দয়ালু ব্যক্তিয়ে তাইৰ প্ৰতি সহানুভূতি দেখুৱায়।

বৰ্ণালীয়ে কেতিয়াবা ভাৱে এয়াই নেকি পৃথিৱীৰ সভ্য মানুহৰ আচৰণ ? যিয়ে নিজৰ বাবে আৰু সন্তানৰ বাবে  দামী দামী বস্তু কিনি আধা খাই , আধা নোখোৱাকৈ পেলায় দিয়ে , অথচ সিহঁতৰ দৰে মাগি খোৱা ল'ৰা-ছোৱালীবোৰক একো নিদিয়াকৈ ওচৰৰ পৰা খেদি  পঠিয়াই । হয় এয়াই চাগৈ সমাজত মুখা পিন্ধি বাস কৰা সভ্য মানুহৰ আচৰণ । তাই ভাৱে মানুহৰ অন্তৰত দয়া , মমতা , ভালপোৱা একো নাথাকে নেকি ? মানুহ ইমান স্বাৰ্থপৰ নে কেৱল নিজৰ বাবেহে ভাৱে ।

তাই সদায়ে নেদেখা জনৰ ওচৰত মিনতি কৰে যাতে তাই দেখা সপোনবোৰে সোনকালেই বাস্তৱৰ ৰূপ লয় । দিঠকৰ প্ৰতিখন জখলাত তাই আগবাঢ়ি যাবলৈ শক্তি পায় । তাই এদিন সমাজৰ প্ৰতিষ্ঠিত মানুহ হ'ব । তাইৰ আপোনবোৰৰ মুখত সিঁচি দিব এমুঠি সুখৰ হাঁহি । তাই বাস কৰা সভ্য সমাজৰ মানুহবোৰ মৰমীয়াল , সহানুভূতিশীল হ'ব আৰু থাকিব এটি পঁজা । য'ত তাইৰ দৰে ল'ৰা-ছোৱালীবোৰে ওমলি-জামলি পাৰ কৰিব সিহঁতৰ শৈশৱ । 
সন্ধিয়া ভাগি লাহে লাহে নিশাও নামি আহিছে ।
বৰ্ণালী ভাৱ সাগৰত মুগ্ধ ।তাইৰ চকু দুটা সেমেকি উঠিছে ।
মাজনী ! এনেতে তাইৰ মাকে আহি পাছফালৰ পৰা তাইক মাত লগায় আৰু তাই ঘূৰি আহে বাস্তৱলৈ ।

( কথাখিনি এজনী অঘৰী ছোৱালীৰ মনৰ ভাৱ কল্পনা কৰা হৈছে যদিও বাস্তৱৰ স'তে মিল আছে । ইয়াত সকলোৰে কথা কোৱা নাই । সমাজৰ একাংশ লোকৰ কথা কোৱা হৈছে । সেয়ে কোনেও যাতে ভুলকৈ ভাৱি নলয়)

✍🏻মনালিছা বৰুৱা
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)