আৰিৱা-উপাসনা কাকতি

Unknown
0
এক অগতানুগতিক , ৰহস্যঘন কাহিনীৰ সুষম গতিশীলতাই হৈছে অনুৰাধা দত্তৰ "আৰিৱা" । অতীন্দ্ৰিয়  কল্পনাৰে ৰক্তপিপাসু ভেম্পায়াৰৰ সৈতে এক মানৱীৰ প্ৰেম উপন্যাসখনৰ মূল বিষয় বস্তু। যুগে যুগে মানৱে জনম লৈছে আৰু সাৱটি লৈছে এক নিকৰুণ জীৱন । 

অলৌকিক পৃথিৱীৰ কল্পনাৰ মায়াজালত ডুবি থাকিবৰ বাবে "আৰিৱা"ই আমাক লৈ যায় ফ'ৰ্ট কলিন্সৰ কাষৰ এখন ৰহস্যময় চহৰৰ মাজলৈ ,কেতিয়াবা ৰহস্যজনক ভাবে পৰিচয় কৰাই দিয়ে মৰুভূমিৰ উত্তপ্ত বালিৰ মাজত তাম বৰণীয়া ছাল ,কেকোৰা চুলিৰ অন্য এক সত্বাক । ভেম্পায়াৰৰ মুখৰ পৰা বাগৰি অহা ৰক্তৰ গোন্ধৰ মাজতে বৈ থাকে প্ৰেমৰ অনামী নৈখন । 

Bram Stoker ৰ  "ড্ৰেকুলা" উপন্যাসৰ নিচিনাকৈ "আৰিৱা"ৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰকাশ পাইছে ৰহস্যৰ শ্বাসৰূদ্ধকাৰী বৰ্ণনা । মানসপটত জিলিকি উঠে ভেম্পায়াৰৰ তীক্ষ্ণ দাঁত । Gothic novel ৰ দিশৰ পৰা "আৰিৱা" সম্ভাৱনাময়ী লেখিকা অনুৰাধা দত্তৰ সফল সৃষ্টি ।  "A perfect poetry of forbidden love" 

✍️ উপাসনা কাকতি ,নলবাৰী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)