সিদ্ধান্ত- চুমিন্দ্ৰ চৌধুৰী

''ৰাতিপুৱাৰে পৰা চোকা ৰ'দ মূৰত লৈ লগত অনা পাচলিখিনি যেন তেন বেচি ঘৰলৈ উভতাৰ সময়তেই মোক আপদীয়া বৰষুণজাকে পাব লাগেনে ? যাওঁতেই স্কুলত সোমাই ল'ৰা-ছোৱালী দুটাৰ মাহিলি মাচুলখিনি দি যাম বুলি ভাবিছিলোঁ ৷ চেহ্ বৰষুণে পয়মাল নকৰিলেই ৰক্ষা'' ৷ কিনকিনীয়া বৰষুণজাক মূৰত লৈ কোনোমতে স্কুলৰ ওচৰ চাপোতেই এখন দ্ৰুতগতিত অহা গাড়ীয়ে ৰাস্তাৰ মাজত ডোঙা বন্ধা পানীখিনি গা লৈ ছটিয়াই ভোঁভোঁৱাই আঁতৰি গ'ল ৷ গাৰ কাপোৰ-কানিবোৰ ডোঙা বন্ধা পানীৰে লেতেৰা হৈ পৰাত মই খন্তেক সময়ৰ বাবে কিংকৰ্তব্যবিমূঢ় হৈ স্কুলৰ ফালে খোজ ল'লো ৷ মনত বহুত খং উঠিছিল কিন্তু আমাৰ দুখীয়া মানুহৰ খঙৰ মূল্যনো কি ?
যথা সময়ত লাজ-কাজ কাটি কৰি লেতেৰা কপোৰযোৰেৰে স্কুলৰ বাৰান্দাত ভৰি দিলো ৷ পাচলিৰ ভাৰখন কান্ধৰ পৰা নমাই থৈ মই কাৰ্য্যালয়ৰ ফালে আগুৱাই যাওঁতেই অথনি মোৰ গা লৈ পানী ছটিয়াই অহা গাড়ীখন দেখা পাই মনত মাৰ যোৱা খঙটো পুনৰ পিৰপিৰাই উঠি আহিল ৷ কাৰ্য্যালয়ৰ ধন সংগ্ৰহকাৰী লোকজনক সেই গাড়ীখন কাৰ বুলি সুধিয়েই পেলালো ৷ ধন সংগ্ৰহকাৰীজনে সেইখন প্ৰধান শিক্ষক জীতেন শইকীয়াৰ বুলি কোৱাত মোৰ চকু কঁপালত উঠিল ৷ প্ৰধান শিক্ষক শইকীয়াৰ কাণ্ডজ্ঞানৰ স্বাক্ষৰ বহন কৰা তেওঁৰ গাড়ীখনে যেন মোৰ জ্ঞানচকু মেল খুৱাই দিলে ৷ মই নিতাল মাৰি থিয় দি থকাৰ বাবে ধন সংগ্ৰহকাৰী লোকজনে তলৰ পৰা ওপৰলৈ মোক এবাৰ চাই মই স্কুললৈ অহাৰ কাৰণ সুধিলে ৷ মই অলপ কষ্টৰে মুখলৈ হাঁহি এটা আনি ক'লো , "নহয় মহোদয় মোৰ ল'ৰা-ছোৱালী দুটাক গাঁৱৰ স্কুলখনত নাম লগাম বুলি ভাবি সিহঁতৰ নাম আপোনাৰ স্কুলৰ পৰা কটাই নিম বুলিহে ভাবিছোঁ ৷ গতিকে আপুনি যাৱতীয় প্ৰচেষ্টাখিনি বুজাই দিলে নথৈ আনন্দিত হ'ম ৷"
স্কুল কাৰ্য্যালয়ৰ ধন সংগ্ৰহকাৰীজনৰ পৰা সকলোখিনি কথা বুজি উঠি মই সিদ্ধান্ত ল'লো যে মোৰ ল'ৰা-ছোৱালী দুটাক এতিয়া এখন আদৰ্শবান প্ৰধান শিক্ষকৰ স্কুলত নাম লগাই দিব লাগিব ৷



বি:দ্ৰ: "মিলিজুলি কৰো আহা" ফেচবুক গোটৰ শ্ৰদ্ধাৰ উলুপী কাকতি বাইদেউৰ অনুৰোধত মই, ৰাস্তাত ডোঙা বন্ধা পানী আৰু তেওঁৰ গাড়ীখন শব্দ কেইটাৰে এই গল্পটো লিখি যুগুতালো ৷






Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send