মনৰ ভাৱ প্ৰকাশ কৰা আপোন সখী।
কবিয়ে কবিতাক জন্ম দিয়ে,
কবিতা হ'লেহে আকৌ কবি উপজে ।
দুয়ো দুয়োকেই মাতৃ ৰূপে জন্ম দি
পিতৃ ৰূপে পালন কৰে,
এটা ভাল কবিতাই কবিক
সুদূৰ প্ৰসাৰী কৰি তোলে ।
অসংখ্য ভাৱনাক কবিয়ে
কবিতাৰ ৰূপ দিয়ে,
অসংখ্য ভাৱ বহন কৰা কবিতাই
পাঠকৰ মন মোহে ।
কবিৰ অবিহনে কবিতা
বঠা বিহীন নাঁৱৰ দৰে,
কবিতাৰ অবিহনে কবি
শলিতা বিহীন চাকিৰ দৰে ।
কবি আৰু কবিতাৰ মাজত আছে
গভীৰ সম্পৰ্ক ,
দুয়ো দুয়োৰেই অবিহনে
অস্তিত্বই শূণ্য ।
কবি মৰি গ'লে কবিতাই বিনাব,
কবিতা নোহোৱা হ'লে কবিতাই কান্দিব ,
আজীৱন পৰস্পৰৰ আপোন হৈ ৰ'ব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ