সহযাত্ৰী-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

অসমীয়া সাহিত্যৰ চানেকি
0
আশাবোৰে নিজস্ব আকাৰ নলওঁতেই 
নিৰাশাবোৰৰ  অত্যাচাৰ আৰম্ভ হয়  ...
মনৰ গোপন মনিকোঠাত সযতনে ঠাই পোৱা সপোনবোৰো  হঠাৎ হেৰাই যোৱাৰ ভয় হয় !
কল্পনাৰ আকাশখনতো 
নিৰাশাৰ ক'লা ডাৱৰৰ গাজনি ঢেৰেকনিবোৰ দেখি 
বকুৰ মাজত সৃষ্টি হয়  হেৰুওৱাৰ নিৰৱ উচুপনি......
 ভাববোৰ বতাহ হৈ উৰিব খোজে 
আৱেগবোৰ নৈ হৈ ব’ব খোজে 
আৰু পোৱাৰ তাড়নাবোৰে   বাউলি ফাগুন হৈ
বন্ধনৰ আঁৰ বেৰ ফালি 
চৌদিশে চিঞৰি চিঞৰি ক’ব খোজে 
মিছলীয়া ঠগ প্ৰবঞ্চক বোৰৰ কাৰণে
নিজক কষ্ট নিদিবি ....
নিজৰ  বচন সদায় অটুট ৰাখ ,  দেখিবি এদিন 
তোৰ আশাবোৰ পূৰণ হ’ব
নিৰাশাৰ ডাৱৰবোৰ  আঁতৰি  যাব ।
সপোনৰ কাৰেং  বাস্তৱত  উজ্জ্বলি উঠিব ....
কল্পনাৰ আকাশ  হাঁহিৰে মুখৰিত হ’ব
তই  জয়ী হ’বি  সিদিনা ....
যিদিনা সপোনৰ বালিঘৰ বাস্তৱৰ কাৰেং হ'ব
অনামী জীৱনে এটা নাম পাব ....
তোৰ সফলতাৰ যাত্ৰাপথত 
সপোন কোঁৱৰৰ ছাঁ সহযাত্ৰী হৈ  তোৰ স’তে 
খোজত খোজ মিলাই বাট  বুলিব....

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)