লক্ষীমপুৰ জিলাখনৰ বিৱৰণ-লক্ষ্য জিৎ বৰা

Rinku Rajowar
0

অৱস্থিতি

অসম ৰাজ্যৰ উত্তৰ-পূর্ব কোণত লক্ষীমপুৰ জিলা অৱস্থিত। স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় দুটা মহকুমাৰ সৈতে লক্ষীমপুৰ  জিলা আছিল। ১৯৭১ চনৰ গান্ধী জয়ন্তীৰ দিনা এই জিলাখন অসম চৰকাৰে শাসনৰ সুবিধাৰ কাৰণে লক্ষীমপুৰ আৰু ডিব্রুগড় নামে দুখন জিলা গঠন কৰিলে পৰৱৰ্তী কালত লক্ষীমপুৰ জিলাখন উত্তৰ লক্ষীমপুৰ আৰু ঢকুৱাখানা মহকুমালৈ আৰু ধেমাজি জিলাখন ধেমাজি আৰু জোনাই মহকুমাক লৈ গঠন কৰিলে।
          স্বাধীনতা আন্দোলনৰ সময়ত পূর্বৰ লক্ষীমপুৰ মহকুমাৰ চাৰিসীমা আছিল পূবে ব্রহ্মপুত্র নদী, পশ্চিমে হাৱাজান , উত্তৰে অৰুণাচল প্রদেশ আৰু দক্ষিণে লোহিত সুঁতি।

লক্ষীমপুৰ নামটোৰ ইতিহাসঃ

প্ৰবাদ আছে যে ৰজা আৰিমত্তৰ বংশৰ শেষ ৰজাজনৰ মৃত্যুৰ পিছত মন্ত্রী সমুদ্র ৰজা হৈছিল। সমুদ্রৰ মৃত্যুৰ পিছত নাতিনীয়েক লক্ষী ৰাণী হৈ পঞ্চদশ শতিকাৰ আদিভাগত এই ৰাজ্য শাসন কৰিছিল। লক্ষীৰাণীৰ নাম অনুযায়ী ৰাজধানী আৰু ৰাজ্যখনৰো নাম লক্ষীমপুৰ হ’ল। এই জিলাত ধানখেতি আগৰে পৰা পর্যাপ্ত পৰিমাণে হয় কাৰণে জনসাধাৰণে ঠাইখনৰ নাম লক্ষীমপুৰ হ’ল বুলি গৌৰৱ কৰে।

জিলাখনৰ বৈশিষ্ট্যঃ

নাৰায়ণপুৰ মৌজাৰ কাচিকটা আৰু ৰঙাজান নৈৰ মাজত থকা লেতেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান।
বদতিঘাটৰ ওচৰত মহাপুৰুষ শঙ্কৰদেৱৰ পদধূলি মিশ্রিত চাঙিনীথান এসপিও বিদ্যমান। সাহিত পদ্ম আতা
আৰু হৰিদেৱ, ঢলপুৰৰ বিষ্ণু বালিকুঞ্চিত অনিৰুদ্ধদেৱৰ জন্ম হৈছিল। এই অনিৰুদ্ধৰে সমাধিস্থান বিহপুৰীয়াৰ নাহৰ আটি স্থানত। বালিকুঞ্চি আৰু নাহৰআটী
থান দুয়োখনেই মায়ামৰা সম্প্রদায়ৰ পবিত্র থান।
নাৰায়ণপুৰৰ অনতিদূৰত হাতী নামৰ এগৰাকী কুঁৱৰীৰ নামত হাতী গড়।
কালিকা পুৰাণত থকা বুৰঞ্জীপ্ৰসিদ্ধ গৌতমস্য মহাফলা তীর্থ পিছলা নদী।
যোগিনীতন্ত্রত উল্লেখ থকা সৌমাৰপীঠৰ হামতী ওচৰেদি, অধিষ্ঠাত্রী দেৱী দিক্কৰ বাসিনীয়ে দিক্রং নামেৰে অৰুণাচলৰপৰা বৈ আহি দ্বিতীয় বাসুদেৱ থানৰ কাষেদি গৈ বদতিঘাটৰ ওচৰত সোৱণশিৰি নদীত মিলিছে। ইয়াৰ অলপ উজনিত হিমালয়ৰ পৰা পাষাণ ভেদি অহা ৰঙানৈয়ে জিলাখনৰ মাজেৰে বৈ আহি লােহিত্যত মিলিছে।
অতীতত সোৱণশিৰি নদীত সােণােৱালসকলে সোণ কমাইছিল। খেৰাজখাট মৌজাৰ পিছলা নৈৰ বাওঁপাৰে
ফুলবাৰী দেৱালয়।
দুজনা গুৰুৰ মিলন ক্ষেত্র মাজুলীৰ ধুৱাহাটা বা বেলগুৰি সত্ৰৰ বর্তমান স্থান নাৰায়ণপুৰত; ইয়াৰ ওচৰতে বদুলা সত্র।
বিহপুৰীয়া মৌজাৰ হমৰা গাঁৱত ৰঘুগুৰি আৰু হমৰা থান!
ধলপুৰৰ ওচৰত পেটুৱা গোঁসানী থান, তাৰ কিছু দূৰত মাঘনোৱা দল আছে।

বৃটিছ চৰকাৰৰ দিনৰ গড়কাপ্টানি পথ
(১) তেজপুৰৰ পৰা হাৱাজান হৈ বিহপুৰীয়ালৈ এটা কেঁচা ৰাস্তা।
(২) বদতি জাহাজঘাটৰ পৰা বিহপুৰীয়া-উঃ লক্ষীমপুৰ নগৰলৈ (দঙ্গি বিলেদি)
(৩) উঃ লক্ষীমপুৰৰ পৰা ঢকুৱাখানলৈ (ঘিলামৰা হৈ)
(৪) উঃ লক্ষীমপুৰ নগৰৰ পৰা পথালিপামলৈ (বৰদলনি হৈ)
(৫) উঃ লক্ষীমপুৰ নগৰৰ পৰা গড়মূৰ সত্ৰ হৈ কমলাবাৰী ঘাটলৈ।


স্বাধীনতা লাভৰ পিছত হোৱাৰ ৰাস্তাসমূহ
১) উত্তৰ ট্রাঙ্কৰোড নাৰায়ণপুৰ হৈ পথালি পাহাৰৰ কাষেদি লালুক-লক্ষীমপুৰ
নগৰলৈ।
২): গোঙামুখৰ পৰা ধেমাজি হৈ সোণাৰিঘাটলৈ।
৩) বিহপুৰীয়াৰ পৰা পথালি পাহাৰ হৈ লালুকলৈ। পথালি পাহাৰৰ ওচৰৰ
বান্দৰদেৱাহৈ অৰুণাচলৰ ৰাস্তাইদি আৰুণাচললৈ অহা-যোৱা কৰিব পাৰি।
৪) বিহপুৰীয়াৰ পৰা লাহলিয়াল হৈ বাঁহগড়া দেউৰী গাঁও।
৫) চিনাতলীৰ পৰা খৰা কন্দলি হৈ বদতি জামুগুৰিলৈ।
৬) বিহপুৰীয়াৰ পৰা লেতেকুপুখুৰী হৈ ভোগপুৰ চাৰিআলিলৈ।
৭) নাৰায়ণপুৰৰ পৰা শিলিখাগুৰিলৈ।
৮) নাৰায়ণপুৰৰ পৰা তাতিবাহাৰ হৈ ৰঙতিলৈ।
৯) ঢলপুৰৰ পৰা শিমলুগুৰিলৈ।
১০) ঢলপুৰৰ পৰা বনপুৰ জামুগুৰিলৈ।
১১) পহুমৰাৰ পৰা কিমিনলৈ।
১২) পহুমৰাৰ পৰা চিলনীবাৰীলৈ।
১৩) লালুকৰ ওচৰৰ ১২ মাইলৰ পৰা দ’লহাট বাগিচা হৈ ফুলবাৰীলৈ।
১৪) ঘিলামৰাৰ পৰা মাছখোৱা হৈ ধেমাজিলৈ।
১৫) ঢকুৱাখানাৰ পৰা মাছখোৱা হৈ ধেমাজিলৈ।
১৬) ঢকুৱাখানাৰ পৰা জালভাৰি হৈ বাসুদেৱলৈ।
১৭) ঢকুৱাখানাৰ পৰা জালভাৰি আৰু কেঁকুৰী বেবেজীয়া হৈ জেঙেৰাইমুখলৈ।

জনগাঁথনিঃ
২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১০,৪০,৬৪৪ । ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৭.০৫%

তথ্যসূত্র:১) হৰিচন্দ্ৰ বৰুৱা দেৱৰ সম্পাদনাৰে “ভাৰতৰ স্বাধীনতা আন্দোলনত উ: লক্ষীমপুৰ ভূমিকা”
              ২) গুগল

তথ্য সংগ্ৰাহক: লক্ষ্য জিৎ বৰা, লক্ষীমপুৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)