পঢ়া সোনকালে মনত ৰখাৰ উপায়-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

Rinku Rajowar
0
আমাৰ ল’ৰা - ছোৱালী বা ছাত্ৰ - ছাত্ৰী সকলে কেনেকৈ পঢ়িলে সোনকালে মনত ৰ’ব আৰু পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব সেই লৈ বিভিন্নজনে বিভিন্ন চিন্তা -চৰ্চা  কৰি অহা দেখা গৈছে ৷ অৱশেষত শিক্ষাবিদসকলে এটা সিদ্ধান্তত উপনীত হৈ এই পদ্ধতিটোক ইংৰাজীত RA NCHO বুলি নাম দিব বিচাৰিছে অৰ্থাৎ কিদৰে অধ্যয়ন কৰিলে ছাত্ৰ-  ছাত্ৰীসকল বেিছ উপকৃত হ’ব পাৰিব !  rancho শব্দটোৰ প্ৰটিতো Later এ পঢ়াৰ কৌশল বৰ্ণনা কৰিছে ৷ সেই হিচাপে
 R-------অৰ্থাৎ read অধ্যয়ন কৰা ৷ ছাত্ৰ - ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ থকা বিষয়বস্তু বোৰ প্ৰথমে খুউব মনোযোগ দি অধ্যয়ন কৰিব লাগে ৷ দৰকাৰ হ'লে বাৰে বাৰে পঢ়িবলৈ কুন্ঠাবোধ কৰিব নালাগিব ৷ অৰ্থাৎ কেতিয়াবা বুজি নাপালে আমি কেইবা বাৰো খুউব মনোযোগ দি পঢ়া দৰকাৰ ৷ 
A ------- analyse কৰা  অৰ্থাৎ  পঢ়া বিষয়বস্তু খিনি নিজকে নিজে বুজাব লাগে যেনেকৈ এজন শিক্ষকে শ্ৰেণী কোঠাত পাঠ বিশ্লেষণ কৰে  ঠিক তেনেধৰণেৰে নিজে শিক্ষক হৈ ছাত্ৰৰূপী নিজকে বুজাব বিশ্লেষণ কৰাব লাগে ৷ এনে কৰিলে বিষয় বস্তুৰ অন্তৰ্নিহিত  কথাভাগ অতি স্পষ্ট হৈ পৰে আৰু মনৰ খোকোজা দূৰ হয় ৷

N ------note making . অৰ্থাৎ পঢ়া বস্তুখিনি কি বুজিলে তাৰ ওপৰত সম্পূৰ্ণ পাঠ্যপ্ৰবন্ধৰ ওপৰত এটা নোট তৈয়াৰ কৰিব লাগে ৷ অৰ্থাৎ গোটেই সাৰাংশটো লিখি উলিয়াব লাগে ৷ এনে কৰিলে কিবা নুবুজা আছিল যদিও সাৰাংশ লিখনত পুনৰীক্ষণৰ জৰিয়তে সকলো খোকোজা নিজে নিজে ঠিক হৈ যাব ৷

C-------critically examin অৰ্থাৎ পঢ়া বিষয়বস্তুটোৰ ওপৰত পৰীক্ষাত আহিব পৰা ধৰণৰ কিছুমান প্ৰশ্ন তৈয়াৰ কৰি সিবিলাকৰ উত্তৰ প্ৰস্তুত কৰিব লাগে ৷ কোনোটো প্ৰশ্নৰ উত্তৰ অসুবিধা পালে পুনৰ এবাৰ মনোযোগ দি পঢ়িব লাগে ৷ এনে কৰিলে বিষয়বস্তুৰ সম্পূৰ্ণ বিষয়বস্তু আয়ত্তলৈ আহিব আৰু কোনো খুঁত নাথাকিব ৷

H ------helping অৰ্থাৎ  আনক সহায় কৰিবলৈ বস্তুখিনি বুজাব লাগে ৷ এইক্ষেত্ৰত মন বেয়া কৰিব নালাগে যে তেওঁক মই কিয় বুজাম মোৰ ল'ষ্ট কৰি .... কিন্তু এইটো সম্পূৰ্ণ ভুল ধাৰণা , কিয়নো 
 আমি আনক যিমানবাৰ বুজাত সহায় কৰিম সিমান বাৰেই আমাৰ  নিজৰ কোনো লোকচান নহয় বৰঞ্চ নিজৰ কথাবোৰ অধিক  পৰিস্কাৰহে হৈ বেছি লাভৱানহে হ’ম  ৷ অৰ্থাৎ ক’ৰবাত ভুল ৰৈ গৈছিল যদি আনক বুজাওঁতে সেইখিনিও স্পষ্ট হৈ পৰে ৷
rancho ৰ শেষৰ আখৰ O ------ optimizing অৰ্থাৎ micro  question . কিছুমান সৰু সৰু প্ৰশ্ন তৈয়াৰ কৰি সৰু সৰুকৈ নোট তৈয়াৰ কৰিব লাগে ৷ এনে কৰিলে পাঠ্য প্ৰবন্ধত সোমাই থকা সৰু সৰু প্ৰশ্নৰ উত্তৰবোৰো ফটফটীয়াকৈ মনত ৰৈ যাব ৷ 
 এনেদৰে যদি ছাত্ৰ- ছাত্ৰী সকলে সকলোবোৰ বিষয় আৰম্ভণিৰে পৰাই মনোযোগ সহকাৰে অধ্যয়ন কৰে তেনেহ’লে তেওঁলোক যে পূৰ্ণ সফলতা লাভ কৰিব তাত অকণো সন্দেহ নাথাকিব ৷ কোনো এটা শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে আৰম্ভণিৰে পৰা  এনেদৰে পঢ়া আৰম্ভ কৰিলে আৰু লগতে শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগিতা ল’ব পাৰিলে নিশ্চয় সঠিক অৰ্থত নিজৰ ভৱিষ্যত উজ্জ্বলাই তুলিবলৈ সক্ষম হ’ব ৷


✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাঁও ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)