হাতেৰে লিখা আখৰ-উৎপল মৰাং

©Admin
0
হাতেৰে লিখা মোৰ শব্দ কক্ষ
বালিৰ বুকুত লিখিছিলো
শব্দহীন এমুঠি আখৰ,
বাৰে বাৰে ভাবিছিলো মই ,
আকৌ!
শব্দাৰ্থ বিচাৰি মোৰ লিখি ৰখা তুমি নামৰ অভিধানৰ
কোঁহে কোঁহে চাইছিলো মোৰ শব্দৰ সান্নিধ্য।
আখৰকিটিও আছিল বৰ এলাগি
ভাল নলগা,
তাতোতকৈ ভাল নলগাতোৱেই হ'ল মোৰ...
মোৰ আৱেগবিহীন ভালপোৱা।
মোৰ ভালপোৱাত আৱেগ নাই
নাই কোনো হাস্নাহানা মৌ-ৰস,
মই বৰ আৱেগহীন
নহ'লেনো এই শুকান বালিচৰত কেনেকৈ লিখিলো
শব্দহীন এমুঠি আখৰ।
আৱেগহীন ধুলিকণাৰ সৈতে মোৰ
হেজাৰ...হেজাৰ বাৰ্তালাপ,
হাতেৰে লিখা আখৰ বালিৰ বুকুত অঁকা সাঁথৰ
হঠাৎ হাতেৰে মোচি পালো,
বিচাৰি ফুৰিছো
সেই আখৰৰ ৰাগি সুৰ
কিজানি মোৰ চকুত পৰেই।

উৎপল  মৰাং(দেৰগাঁও,গোলাঘাট)
দ্বাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)