গো-সুৰক্ষা আৰু ৰাজনীতি-মাণিক পাল

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে গৰু পবিত্ৰ প্ৰাণী । হিন্দু সকলৰ ঘাই আৰু মূল ধৰ্মগ্ৰন্থ বেদৰ মতে সকলো দেৱতাৰ মাতৃ অদিতিৰ  লগত গৰুৰ পবিত্ৰতা জড়িত হৈ আছে । মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে তেওঁৰ পুথি ‘গকাৰুনন্দী ’ত ( Gokarunanidhi) গৰুৰ গুৰুত্ব কেৱল আধ্যাত্মিকতাৰ ফালৰ পৰা নহয় অৰ্থনৈতিক আৰু সামাজিক ফালৰ পৰাও সুন্দৰ বৰ্ণনা কৰি থৈ গৈছে । হিন্দু শাস্ত্ৰত গৰুক মাৰ লগত তুলনা কৰা হয় । কাৰণ সন্তান কেৱল মাকৰ গাখীৰ খাই ডাঙৰ নহয় , গৰুৰ গাখীৰো খায় । তাৰ উপৰিও অকালতে মাতৃ হাৰা সন্তানৰ বাবে গৰুৰ গাখীৰই প্ৰাণদায়ী অমৃত হৈ পৰে । জাতিৰ পিতা মহাত্মা গান্ধীয়ে গৰুৰ মহত্ব আৰু তাৎপৰ্য ব্যাখ্যা কৰি কৈছিল - ‘ Mother cow is in many ways better than the mother who gave us birth . Our mother gives us milk for a couple of years and then expects us to serve her when we grow up . Mother cow expects from us nothing but grass and grain. Our mother often falls ill and expects service from us . Mother cow rarely falls ill . Here is an unbroken records of service which does not end with her death . Our mother , when she dies , means expenses of burial or cremation . Mother cow is as useful dead as when she is alive . We can make use of every part of her body her flesh , her bones , her intestines , her horns and her skin . Well , I say this not to disparage the mother who gives birth , but in order to show you the substantial reasons for my worshipping the cow . গৰুৱে কৰা উপকাৰৰ ঋণ আমি জীৱ শ্ৰেষ্ঠ মানৱে কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ । কিন্তু বৰ দুৰ্ভাগ্যজনক কথা যে মানৱ সমাজৰ বাবে ইমান উপকাৰ সাধন কৰাৰ পিছতো , সেই একেবিধ প্ৰাণীক আকৌ মানৱৰ পৰাই ৰক্ষা কৰিবলৈ চৰকাৰক আইন প্ৰস্তুত কৰিব লগা হৈছে । মোৰ মনত কেতিয়াবা প্ৰশ্ন হয় সঁচাকৈয়ে আমি জীৱ শ্ৰেষ্ঠ প্ৰাণী হয়নে ? তাতোকৈ ডাঙৰ কথা যে গৰুক লৈ আমাৰ ৰাজনৈতিক দল আৰু নেতাসকলে ৰাজনীতিও কৰে । সেই একে ৰাজনীতি সম্প্ৰতি সময়ত অসমতো চলিছে । অসমত এই ৰাজনীতি আৰম্ভ হৈছে অসমৰ নতুন চৰকাৰে বাজেট অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ ১২ জুলাই ২০২১ তাৰিখে উখাপন কৰা গো-সুৰক্ষা বিধেয়কক লৈ । অৱশ্যে গৰুক লৈ আৰম্ভ হোৱা এয়া প্ৰথম ৰাজনীতি নহয় । অসমৰ নতুন বিলখনৰ বিষয়ে কোৱাৰ আগতে মই ইতিহাসৰ পাতত লুকাই থকা গো ৰাজনীতিৰ বিষয়ে কিছু তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম । 
                    বহু ইতিহাসবিদৰ মতে ব্ৰিটিছ শাসনৰ সময়ত হোৱা ‘ ডিভাইড এণ্ড ৰুল ’ নীতিৰ ফলত গৰু প্ৰথমবাৰৰ বাবে ৰাজনৈতিক অস্ত্ৰ হৈ পৰে । চিপাহী বিদ্ৰোহৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নতুন এবিধ এনফিল্ড ব্যৱহাৰ কৰিবলৈ দিছিল । এই ৰাইফলৰ গো- গাহৰিৰ চৰ্বিযুক্ত কোঠাসমূহ ব্যৱহাৰৰ সময়ত দাঁতেৰে কামুৰি ব্যৱহাৰ কৰিব লাগিছিল । ইংৰাজসকলে ভাৰতৰ হিন্দু আৰু মুছলমান ধৰ্মীয় চিপাহীৰ ধৰ্ম নষ্ট কৰাৰ কাৰণে এনে ৰাইফল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলি সন্দেহ কৰিছিল । সেয়ে ভাৰতীয় চিপাহীসকলে এনফিল্ড ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰে । শেষত মঙ্গল পাণ্ডে নামৰ এজন চিপাহীয়ে ইংৰাজৰ আদেশ অমান্য কৰি বেৰেকপুৰত এজন ব্ৰিটিছ বিষয়াক হত্যা কৰে । ইয়াৰ লগে লগে ১৮৫৭ চনত বিদ্ৰোহ আৰম্ভ হয় । ধৰ্ম ব্যৱসায়ী সকলৰ ষড়যন্ত্ৰত গৰু এটা বিতৰ্কিত প্ৰাণী লৈ পৰিবৰ্তিত হয় । এই বিতৰ্ক ইমানেই সবল আছিল যে স্বাধীনতা আন্দোলনকো ই বাৰু কৈয়ে আন্দোলিত কৰিছিল । সংগঠিত ৰূপত গো-বাচাও আন্দোলন আৰম্ভ হৈছিল ১৮৮০ দশকত , আৰ্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ স্বৰস্বতীৰ নেতৃত্বত । সমগ্ৰ দেশ ভ্ৰমণ কৰি তেওঁ গো-সুৰক্ষা সভা আৰু গো-শালা গঠন কৰিছিল। কিন্তু তেওঁৰ আন্দোলনৰ উদ্দেশ্য মুছলমান বিৰোধী নাছিল । গো-সুৰক্ষাক লৈ হিন্দু-মুছলমানৰ মাজত প্ৰথম বিবাদ আৰম্ভ হয় যেতিয়া ব্ৰিটিছ চৰকাৰে গৰুক পবিত্ৰ আৰু ইয়াক হত্যা কৰাটো দণ্ডনীয় অপৰাধ হিচাপে ঘোষণা কৰে । তেতিয়াৰে পৰা গৰু ভাৰতীয় ৰাজনীতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে । 
            এতিয়া আহিছোঁ অসমৰ নতুন চৰকাৰে লৈ অহা নতুন গো-সুৰক্ষা বিধেয়কৰ মাজলৈ । যোৱা সোমবাৰে অৰ্থাৎ ১২ জুলাই ২০২১ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱে অসমৰ বিধানসভাৰ মজিয়াত বিলখন উখাপন কৰে । এই আইনখনৰ মুখ্য উদ্দেশ্য হ’ল  ৰাজ্যত জধে-মধে গো-ধনৰ হত্যা বন্ধ কৰা , গো-ধনৰ চোৰাং বেহা বন্ধ কৰা । এই বিধেয়ক খনৰ নাম দিয়া হয় ‘ দ্য আছাম কেটেল প্ৰিজাৰভেচন বিল ২০২১ ’ । এই বিধেয়কখনে অসমত থকা Old Assam cattle preservation act ১৯৫০ ক বাতিল কৰে । এই নতুন বিধেয়ক খনে কেৱল গাই-গৰু , ষাঁড়-গৰু , গৰুৰ পোৱালী , বলধ গৰুকে সামৰি লোৱা নাই , ম’হ , মাইকী ম’হ , ম’হৰ পোৱালি সকলোকে সামৰি লৈছে । আগৰ আইনখনৰ দৰে ১৪ বছৰৰ ওপৰৰ বা কাম কৰিবলৈ অক্ষম হোৱা গো-ধনক অনুমতি লৈ বধ কৰিব পাৰিব কিন্তু নতুন বিল খনৰ মতে গাই-গৰুৰ বধ সম্পূৰ্ণ নিষিদ্ধ ।  এই বিধেয়ক খনৰ ৪নং ধাৰা মতে কোনো লোকে  অনুমতি অবিহনে গো-মাংস বিক্ৰী কৰিব নোৱাৰিব । বিল খনৰ ৭ নং ধাৰাত প্ৰতিবন্ধকতা সমূহ স্পষ্টকৈ উল্লেখ কৰি কৈছে যে অসমক গৰু সৰবৰাহৰ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰিব দিয়া নহ’ব । কেৱল কৃষি কাৰ্যৰ বাবেহে অনুমতি লৈ গৰু বিক্ৰী আৰু সৰবৰাহ কৰিব পাৰিব । বিলখনৰ ৮ নং ধাৰাত স্পষ্টকৈ উল্লেখ কৰিছে যে কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে গো-মাংস বিক্ৰী বা ক্ৰয় কৰিব নোৱাৰিব । অনুমতি লৈ হে বিক্ৰী কৰিব পাৰিব কিন্তু গো-মাংস নোখোৱা অথবা হিন্দু , জৈন , শিখ আদি ধৰ্মৰ লোক বসবাস কৰা ঠাইসমূহৰ লগতে মন্দিৰ , সত্ৰ অথবা কোনো ধৰ্মীয় অনুষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত গো-মাংস বিক্ৰী কৰিব নোৱাৰিব । গো-মাংসৰ বিক্ৰীৰ অনুমতি প্ৰদানৰ বাবে চৰকাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জৰিয়তে এজন বিষয়াক নিয়োগ কৰিব । বিষয়াজনে অনুমতি প্ৰদান কৰা ঠাইসমূহত অনুমতি লাভ কৰা ব্যক্তিয়ে হে গো- মাংস বিক্ৰী কৰিব পাৰিব । বিলখনৰ মতে গো-হত্যা কৰি মাংস বিক্ৰী কৰা নিৰ্দিষ্ট গৃহ থাকিব লাগিব । সেই নিৰ্দিষ্ট গৃহৰ বাহিৰত গো-মাংস বিক্ৰী কৰিব নোৱাৰিব । যদি কোনোবাই বিধি-বিধান অমান্য কৰে তেন্তে অনুজ্ঞাপত্ৰ বাতিল হ’ব । অবৈধভাৱে সৰবৰাহ কৰা বা পৰিবহণ কৰা গো-ধন জব্দ কৰি গো-ধনৰ মূল্য নিৰ্ধাৰণ কৰি গোশালাসমূহক গতাই দিয়া হ’ব । যদি কোনো ব্যক্তিয়ে আইন অমান্য কৰে তেন্তে ৩ বছৰৰ পৰা অধিকতম ৮ বছৰলৈকে কাৰাবাস খাটিব লাগিব অথবা ৩ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত জৰিমনা ভৰাৰ উপৰি জৰিমনা আৰু কাৰাবাস দুয়োটাই প্ৰযোজ্য হ’ব পাৰে । যদি কোনোবাই বাৰে বাৰে আইন অমান্য কৰে তেন্তে তেওঁৰ শাস্তি দুগুণ বৃদ্ধি পাব পাৰে । 
                 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱে বিলখনৰ সমৰ্থনত ভাৰতৰ সংবিধানত থকা ৪৮ নং অনুচ্ছেদৰ কথা উল্লেখ কৰে । কিন্তু বিৰোধীয়ে বিধানসভাৰ মজিয়াত বিলখনৰ বিৰোধিতা কৰে । কিন্তু তেওঁলোকে হয়তো ২০০৫ চনৰ ২৬ অক্টোবৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কৰা ৰায়দানক পাহৰি গৈছে । কাৰণ উক্ত ৰায়দানতে বিভিন্ন ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা গো-সুৰক্ষা বিধেয়কৰ সপক্ষে ৰায়দান প্ৰদান কৰে ।   ইতিমধ্যে ভাৰতৰ গুজৰাট , মধ্যপ্ৰদেশ , ৰাজস্থান , পাঞ্জাৱ , মহাৰাষ্ট্ৰ , হিমাচল প্ৰদেশ , জম্মু কাশ্মীৰ , দিল্লী , হাৰিয়ানা আদি ৰাজ্যত আইন প্ৰণয়ন কৰি  গো-হত্যা নিষিদ্ধ কৰা হৈছে । 
               শেষত মই আমাৰ ৰাজ্যৰ সকলো বিৰোধী দলক অনুৰোধ কৰিম একো নহ’লেও মানৱতাৰ স্বাৰ্থত যেন বিলখনক সমৰ্থন কৰি সকলো ৰাজনীতি বন্ধ কৰে । তেওঁলোকে জাতিৰ পিতা মহাত্মা গান্ধীয়ে কোৱা কথাষাৰ মনত কৰিব লাগে –‘ Truth , exclusive devotion to non-violence and cow protection are the chief points of Hinduism. One who neglects them is no more a Hindu . লগতে জনসাধাৰণকো অনুৰোধ কৰিম যাতে ৰাজনৈতিক নেতাসকলকৰ কথাত নিজৰ মানৱতা , ভাতৃত্ববোধ , শান্তি আৰু সম্প্ৰীতিক ত্যাগ নকৰে । 

✍️মাণিক পাল 
গাঁও: শিমলীতোলা
জিলা: গোৱালপাৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send