ফুলশয্যাৰ নিশা-০৩~ধাৰাবাহিক উপন্যাস -তীৰ্থ পিন্টু বৰা

©Admin
0
.......... কেনেড পার্ক চহৰখনৰ মাজমজিয়াত অৱস্থিত এখন বিলাসী ৰেস্তোৰাঁ..., ন বজাৰ লগে লগেই নীহা ৰেস্তোৰাঁত উপস্থিত হ'ল, কিছু সময় পাছত ৰক্তিমো পালেহি..., ৰেস্তোৰাঁত সোমায়ে ৰক্তিমে নিহালৈ ফোন লগালে..

: হেল্ল.., নীহা মই পালোহি , তুমি ক'ত আছা..., 
: ৰক্তিম..., মই চৈধ্য (১৪) নাম্বাৰ কেবিনতে আছো, সোমাই আহাঁ..
: ok.. গৈ আছোঁ

              ৰং দিয়া মৰম ভালপোৱা সজাওঁ ৰামধেনু...... শীৰ্ষক সুমধুৰ সংগীতটি মৃদু মৃদু সুৰত বাজি আছিল, ৰক্তিম গহীন গম্ভীৰ খোজেৰে সোমাই আহিল কেবিনলৈ...., 

: good morning নীহা..
: morning.. বহা ৰক্তিম..., কি খাবা চাহ নে কফি...?
: নাই মই একো নাখাও...., ঘৰত ব্ৰেকফাষ্ট কৰি আহিছো....,
: কফি একাপ লোৱা... ৱেটাৰ দুটা কফি দিবা..., নীহাই অৰ্ডাৰ কৰিলে....., Any way যুগ্মজীৱন সুখৰ হওঁক শুভেচ্ছা থাকিল..., কৃত্ৰিম হাঁহিৰে কথাখিনি কলে নীহাই , 
: thank you , কোৱা কি জৰুৰী কথা আছিল, ! মোৰ হাতত সময় বহুত কম..., 
: তুমি বহুত সলনি হ'লা.., মোৰ বাবে পাগল হৈ থকা ল'ৰাটোৰ আজি সময় নাইকিয়া হল..., ! মানিছোঁ তোমাক...., কফি লোৱা.
: তোমাৰ ফোনটো পাই মই খৰখেদাকৈ ওলাই আহিলো, ক'ত যাম..! কি কৰিম ..., একো কোৱা নহ'ল, এনে কৰিলে মনাৰ মোৰ ওপৰত সন্দেহ উপজিব.., 
: আৰু....মোৰ কি হব সোণ...? মই যে তোমাৰ সন্তানৰ মাক হবলৈ ওলাইছোঁ, 
: তুমি বলিয়া হলা নেকি. .? কি প্ৰমাণ আছে সেইটো যে মোৰ সন্তান...?
: প্ৰমাণ লাগে তোমাক...! ঠিক আছে...! ফটোকেইখন ঘৰলৈকে পঠাই দিম..., 
: প্লীজ নীহা... তুমি তেনেকুৱা নকৰিবা..., মোৰ ভাল ডাক্তৰ চিনাকি আছে তুমি অপাৰেচন কৰি পেলোৱা...., মিছাতে কিয় তুমি কলংকৃত কৰিব বিচাৰিছা......, 
: ই কেতিয়াও সম্ভৱ নহয়..., ই আমাৰ ভালপোৱাৰ সাক্ষী...., 
: কিন্ত সমাজে তোমাক হাঁহিব...
: তুমিয়েটো মোক সপোন দেখুৱাই এই অৱস্থা কৰিলা..., এতিয়া কিয় ভয় খাইছা..., তুমি হয়টো পাহৰিব পাৰিছা...., কিন্ত মই প্ৰতিটো মুহূৰ্ত্ব কান্দি কান্দি পাৰ কৰিছোঁ..., তোমাৰ চৰ্তটো মানি মই যদি সন্তানটো নষ্ট কৰি পেলাওঁ..., তেন্তে সেই পাপৰ বুজা তুমি ল'ব পাৰিবা নে...! সেই নিষ্পাপ শিশুটিৰ কি দোষ..., কিয় মই তাক পৃথিৱী দেখাৰ আগতেই হত্যা কৰিম..? ই কেতিয়াও সম্ভৱ নহয় ৰক্তিম.., মই সন্তান জন্ম দিব বিচাৰো...., কিন্ত এটা চৰ্তত..!
: কিয় তুমি এনেকুৱা কৰিছা..., বিয়াৰ আগত কিয় মোক এবাৰো এইবোৰ কথা কোৱা নাছিলা...., কেনেবাকৈ যদি মনাই এইবোৰ কথা গম পাই বৰ ডাঙৰ কথা হ'ব, দেউতাৰ মান সন্মান সকলো শেষ হৈ যাব... 
: কথাবোৰ ক'ম বুলিয়ে সেইদিনা তোমাৰ ঘৰলৈ আহিছিলো..., কিন্ত তুমি ব্যস্ততাৰ অজুহাত দেখুৱাই মোৰ পৰা আতঁৰহৈ গ'লা..., সমস্যাৰ সৃষ্টি কৰিছিলা তুমি ...! গতিকে সমাধানো তুমিয়ে কৰিব লাগিব...., 
 
        কথাবোৰ ভাবি ৰক্তিম বৰ চিন্তাত পৰিছিল, বিবৰ্ণ হৈ গৈছিল মুখৰ ৰং..., ৱেটাৰজনে কাপকেইটা নিবলৈ আহিল .... মেডাম..! আৰু কিবা লাগিব নেকি...! 
: দুটা চিকেন ৰ'ল দিবা...,
: thank you maam...

 : কি ভাবিচা ৰক্তিম....., তুমি ইমান ঘামিছা যে....! গা বেয়া লাগিছে নেকি...?
: নাই ! মই ঠিকেই আছোঁ ,  বৰ গৰম উঠিছে সেয়ে ঘামিছোঁ চাগৈ..
: কিন্ত... ইয়াতটো A.C.চলি আছে...

       বৰ লাজ পালে ৰক্তিমে..., সেয়ে কিছুসময় মৌন হৈ থাকিল..., লাহে লাহে ৰক্তিমে নিহাক নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিলে.., নীহাৰ ফোনটো বহুবাৰ বাজিছে তাই মিচিকিয়া হাঁহি এটা মাৰি ফোনটো বাৰে বাৰে কাটি দিছে..., কিন্তু কিয়..? 

: নীহা..., তুমি নিশ্চিত নে , যে তোমাৰ গৰ্ভত সন্তান আছে......, ক'ত দেখুৱাইছিলা তুমি...!
: আমাৰ পৰিয়ালৰ ডাক্তৰ এজনৰ ওচৰত, 
: তুমি ৰিপৰ্টটো আনিছা নেকি...!
: কিহৰ ৰিপৰ্ট....? 
: চক খাই গলা যে..! ডাক্তৰে দিয়া ৰিপৰ্টটো লাগে মোক..., 
: সেইটো চাই তুমি কৰিবা....?
: সমস্যাৰ সমাধান কৰিম...
: তাৰমানে তুমি মই কোৱা কথাবোৰ মিছা বুলি ভাবিছা...., তোমাৰ এই স্বভাৱটো কেতিয়া যে সলনি হ'ব...! সকলোতে কেৱল সন্দেহ...., 
: সৈনিক যে সকলোতে সন্দেহৰ গোন্ধ পাওঁ...

           তিনি চাৰি ঘন্টা পাৰ হৈ গৈছিল, না কোনো ফোন না মেচেজ , ফোন কৰি ভাগৰি পৰিছে মনা আৰু নূপুৰ...., কিয় ফোন ৰিচিভ কৰা নাই... তিনিৰে মনত এটাই প্ৰশ্ন...., নূপুৰে বাৰে বাৰে কৈছে

: বৌ দাদাই আগতে এনেকুৱা কেতিয়াও কৰা নাই, তিনি আলিৰ দোকানখনলৈ গ'লেও দেউতাক কৈ থৈ যায়..., দাদাৰ কিবা সমস্যা হৈছে নেকি...! যিবোৰ সমস্যা আমাৰ আগত প্ৰকাশ কৰিব পৰা নাই...
: তুমিও যে কথা কিছুমান কোৱা দেই নূপুৰ, ৰাতিলৈকে হাঁহি থকা মানুহটোৰ হঠাৎ কি সমস্যা হ'ব পাৰে..., নূপুৰ যোৱানিশা শোৱাৰ কিছু পাছতেই এটা ফোন আহিছিল..., ফোনটো ৰিচিভ কৰি ৰক্তিম বাহিৰলৈ ওলাই গৈছিল..., মোক মাথোঁ কৈছিল লগৰ কোনোবা এজনৰ মাক ICU ত আছে, হয়টো খবৰ ল'বলৈ গৈছে, সেয়ে মোবাইল silent ম'ডট আছে আৰু আমাৰ ফোন ৰিচিভ কৰিব পৰা নাই....., 
: বৌ..... তুমি এইটো কথা কিয় আগতীয়াকৈ কোৱা নাছিলা.., মিছাতেই চিন্তাত পেলালা...., মই দেউতাক চাহ একাপ দি আহো, এইখিনি সময়ত দেউতাই সদায় ৰঙা চাহ একাপ খাই...., তুমি পাচলিকেইটা কাটা, মই চাহ কৰোঁ, তুমি খাবানে..! 
: ময়ো খাম.., এতিয়া তুমি বনোৱা চাহ নাখাওঁ , মই বনোৱা চাহ হে খাম..., কাৰণ মই এইখন ঘৰৰ বোৱাৰী...... হা:.....,হা:......, 

          হাঁহিবোৰ কোঠাটোত প্ৰতিধ্বনি হৈ বহু সময় ভাঁহি থাকিল.......


( ক্ৰমশঃ )


✍️তীৰ্থ পিন্টু বৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)