৩২ আহাৰ, শনিবাৰ ,ইং ১৭ জুলাই, ২০২১।
সূৰ্য্যোদয় ঘ:৪/৪৯/৩সূৰ্য্যাস্ত ঘ:৬/৭/৫৪
ৰাশি :- কন্যা ৰাশি।ঘ:- ১২/২৪/২৭ যোৱাত তুলা ৰাশি।
তিথি - শুক্লা অষ্টমী। ৰা:ঘ:- ১১/৫৭/১০ লৈ।
নক্ষত্ৰ : - চিত্ৰা ।ৰা:ঘ:- ১১/৪৫/৩৪ লৈ।
শুভ সংখ্যা :- ২/৮
শুভ ৰং :- নীলা/কলা
আদ্যঋতু হলে - বেশ্যা যোগ।
যাত্ৰা :- ঈশানকোনত নাই। ৰা:ঘ:- ১১/৫৭/১০ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশানকোনত । ৰা:ঘ:- ১১/৫৭/১০ যোৱাত পূৱ দিশত।
মৰণত দোষ:- এপদ।
ভক্ষাভক্ষ্য :- নাৰিকল খোৱা নিষেধ । ৰা:ঘ:- ১১/৫৭/১০ যোৱাত লাও খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত আনন্দ বৃদ্ধি হব, যদিও সজাগ নহলে আজি সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, উত্তম ভোজন লাভ হব যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিলাসিতা বাঢ়িব, প্ৰেমত শুভ হব, লগতে সামাজিক কৰ্মত প্ৰতিস্থা লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতাৰ মাজেৰে সফল হব, লগতে শিল্পী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি-সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্মত সাহস বাঢ়িব, যদিও আজি মনত সামান্য খংঙ অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব যদিও আজি ঋণ গ্ৰহণ কৰোতে সাৱধান হব লগতে কৰ্মত সজাগ নহলে আনৰ নিন্দনীয় হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব , মাতৃৰ মৰম লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত এলাহ ভাৱ বা কৰ্মৰ প্ৰতি অনিশ্চাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব যদিও সজাগ নহলে তেওঁলোকৰ আজি মনৰ আশা ভংগ হব পাৰে লগতে আজি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাৱ হব।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত উন্নতি হব, যদিও সজাগ নহলে কৰ্ম ক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মন লাভ হব, বন্ধু লাভ হব, যদিও কৰ্মক্ষেত্ৰ সজাগ নহলে আজি কৰ্মত নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি দিনটোত চোৰৰ পৰা সাৱধান হোৱাটো ভাল ।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
ফোন নং -9101096481
হোৱাটচএপ - 9577136205
Tags:
ৰাশিফল