অপেক্ষা মাথোঁ এজাক বৰষুণৰ
যাৰ প্রতি টোপালতে লিখা থাকিব
সুখ আৰু শান্তিৰ কাহিনী!!
অপেক্ষা মাথোঁ এজাক বৰষুণৰ
যিয়ে ধূলিয়ৰী পৃথিৱীখন
নিকা কৰি তুলিব!!
চাৰিওফালে হত্যা, হিংসা, ধৰ্ষণ
আৰু যে ক'ত কিমান কাহিনী!!
এজাক বৰষুণৰ অপেক্ষা কৰিছোঁ
অমানৱতাৰ প্রলেপৰ পৰা চৌপাশ
পৰিষ্কাৰ আৰু শুদ্ধ কৰিবলৈ!!
এতিয়া আমাৰ চাৰিওফালে
গোলাপ, তগৰৰ গোন্ধ বিয়পা নাই।
চাৰিওফালে আছেঁ মাত্র
অন্যায় অবিচাৰৰ দুৰ্গন্ধ।
এজাক বৰষুণৰ অপেক্ষা কৰিছোঁ
যিয়ে ঘূৰাই দিব আমাক
আমাৰ পৃথিৱীখন।
য'ত গোলাপ, তগৰৰ গোন্ধই
মানুহৰ মনত আনি দিব
প্রেম ভালপোৱা
একতাৰ এনাজৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ