হৃদয়ৰ একোনত তুমি-০১-বিপাশা বৰা

বহুত দিনৰ পাছত আজি আকৌ হুলস্থুল।নাজানো কি হৈছে টোপনিটোচোন হঠাৎ ভাঙি গ'ল।চাওঁচোন বুলি মই ওলাই গ'লো বাহিৰলৈ।হঠাৎ দেখা পাওঁ যে বাহিৰত বহুত ভিৰ...কাৰোবাৰ এক্সিডেন্ট হৈছে,ভালদৰে ওচৰৰ পৰা চাই দেখো....তাই আন কোনো নহয় মোৰ শৈশৱৰ বান্ধৱী "ৰিচি"।মই হঠাৎ আচৰিত হৈ যাওঁ।প্ৰায় পাচঁবছৰেই হ'ল..মই গুৱাহাটীত থকা,হয়তো পাঁচবছৰ আগতেই তাইক দেখিছিলো। মই আৰু অলপ ওচৰ চাপি যাওঁ,তাইৰ মুখখনত আজিও যেন সেই শৈশৱৰ স্মৃতিবোৰ জিলিকি উঠিছিল..মই তেতিয়া ভিতৰি একেবাৰে ভাঙি পৰিছিলো।পাচঁবছৰৰ আগৰ পৰা যেন তাই আৰু মোৰ মাজত কোনো ধৰনৰ যোগাযোগেই নাছিল,কিন্তু আজি এনেকৈ হঠাৎ মৃত অৱস্থাত তাইক দেখি মই হতভম্ব হোৱাতো স্বাভাৱিক।তাইৰ মৃত শৰীৰটো লৈ যোৱাৰ পাছত,তাইৰ বেগৰ পৰা সৌ আঁতৰত চিটিকি পৰা,ডায়েৰীখনত মোৰ চকু পৰিল।মই সেইখন উঠাই লৈ ৰূমলৈ উভতিলো।
     মোৰ প্ৰতিদিনৰ ৰুচি একেখনেই,ৰাতিপুৱা ৭বজাত এলাৰ্ম বজাৰ লগে লগে সাৰ পোৱা,লৰালৰিকৈ গা-পা ধুই ভাত বনাবৰ হয়েই,ইপিনে অফিচ ৯বজাত পাবগৈ লাগে।আকৌ ঠিক আবেলি ৪বজাৰ লগে লগে টাউনত অলপ বজাৰ কৰি ঘৰলৈ ওভটো।সন্ধিয়াৰ চাহকাপ বাকী লৈ টেবুলত কবিতাৰ ডায়েৰীৰ পেজ খুঁচৰি থকাটো অভ্যাসত পৰিনত হৈছে,দিনে দিনে আগতকৈও অকলশৰীয়া যেন অনুভৱ হৈছে।এনেকৈ কবিতাৰ পেজ খুঁচৰি থাকোতে ১০ বাজিবৰেই হ'ল।কবিতাটো সম্পূৰ্ণ কৰি ভাত ৰান্ধিবলৈ বুলি পাকঘৰলৈ আহো,অকলে বনাই খাবলৈ এলাহো লাগে কেতিয়াবা,কিন্তু কি কৰিম খাবতো লাগিবই।ৰাতি প্ৰায় ২মান বজালৈ সাৰে থকাটোও অভ্যাসেই হ'ল।একো কাম নাথাকিলে মোবাইলটোকে খুঁচৰি থাকো।

✍ বিপাশা বৰা (মাজুলী)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send